কচুৱা আৰক্ষীৰ অভিযানত জব্দ অবৈধ সুৰা

কচুৱা আৰক্ষীৰ অভিযানত জব্দ অবৈধ সুৰা

author-image
Asomiya Pratidin
New Update
কচুৱা আৰক্ষীৰ অভিযানত জব্দ অবৈধ সুৰা

ডিজিটেল সংবাদ, কামপুৰঃ মঙলবাৰে নিশা কচুৱা আৰক্ষীৰ অভিযানত জব্দ কৰা হয় বুজন পৰিমাণৰ অবৈধ সুৰাৰ বটল। আৰক্ষীৰ দলটোৱে লুটুমাৰী লংজাপ অঞ্চলত ব্যাপক তালাচী চলাই জব্দ কৰে সুৰাৰ বটল সমূহ।

লংজাপ মিলনপুৰত বহুদিনৰ পৰাই অবৈধভাৱে চলি থকা বিলাতী সুৰাৰ ৰমৰমীয়া ব্যৱসায় চলোৱা ঘাটিত অভিযান চলাই আৰক্ষীয়ে ৪৮ টা বিয়েৰৰ বটল আৰু ৫৭ টা বিলাতী সুৰাৰ বটলেৰে মুঠ ১০৫ টা বটল জব্দ কৰে৷ আৰক্ষীৰ অভিযানৰ উমান পাই সুৰা ব্যৱসায়ীজন আৰক্ষী উপস্থিত হোৱাৰ পূৰ্বেই পলায়ন কৰে ৷ সুৰাৰ বটল সমূহ এখন দোকান আৰু বাসস্থানৰ পৰা জব্দ কৰে বুলি আৰক্ষী সূত্ৰে প্ৰকাশ কৰে ৷

Also Read: মহানগৰীত পুনৰ উদ্ধাৰ মৃতদেহ

assampolice