/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-04/b85d06c5-05ab-4f25-a1f9-03556786e629/HUSORI_12.jpg)
বটদ্ৰৱাৰ ৰাইদঙীয়াত হুঁচৰি কীৰ্তনৰ আখৰা...
ডিজিটেল সংবাদ বটদ্ৰৱাঃ ৰঙালী বিহু মানেই হৈছে হুঁচৰি। অসমৰ প্ৰতিখন গাঁৱত প্ৰতিটো চুবুৰীত, তথা চোতালে চোতালে মুখৰিত হ'ব হুঁচৰি। মূৰৰ চুলি চিগি আশীৰ্বাদ কৰিব গৃহস্থক।
হেঁপাহৰ ৰঙালী বিহুলৈ মাজত মাথোঁ এটি দিন। কাইলৈ উৰুকা। বিহুৰ প্ৰকক্ষণত উখল মাখল ৰাজ্য, ব্যতিক্ৰম নহয় বটদ্ৰৱা।
বটদ্ৰৱাৰ যুৱক-যুৱতীসকলে বিহুত হুঁচৰি গাব। এই হুঁচৰিৰ আখৰাত ব্যস্ত হৈছে সম্প্ৰতি যুৱক-যুৱতী। বটদ্ৰৱাৰ ৰাইদঙীয়া গাঁৱৰ যুৱক-যুৱতীসকলে বিহু হুঁচৰি আখৰাৰ পৰা প্ৰতিবেদন।
উল্লেখ্য যে, এই অনুপম হুঁচৰি সংস্কৃতি উজনি, নামনি আৰু মধ্য অসমত পৃথক পৃথক শৈলীৰে পৰিবেশন কৰি অহিছে শ শ বছৰ ধৰি। উজনি অসমত ঢোল, পেঁপা, তাল সংগত কৰি প্ৰকৃতি বিষয়ক হুঁছৰিৰ পৰিবৰ্তে মহাপুৰুষ শংকৰদেৱৰ জন্মস্থান বটদ্ৰৱা তথা নগাঁও, মৰিগাঁও জিলাত হুঁচৰিত কৃষ্ণ নাম লৈ 'হুঁছৰি কীৰ্তন' পৰিবেশন কৰা নিয়ম।