পত্নী হত্যাকাৰী নাৰায়ণ দাসৰ আত্মসমৰ্পণ

পত্নী হত্যাকাৰী নাৰায়ণ দাসৰ আত্মসমৰ্পণ। নগাঁৱৰ ইটাচালি টাউন আৰক্ষী চকীত আত্মসমৰ্পণ কৰে নাৰায়ণ দাসে।

author-image
Asomiya Pratidin
New Update
পত্নী হত্যাকাৰী নাৰায়ণ দাসৰ আত্মসমৰ্পণ

ডিজিটেল ডেস্কঃ পত্নী হত্যাকাৰী নাৰায়ণ দাসৰ আত্মসমৰ্পণ। নগাঁৱৰ ইটাচালি টাউন আৰক্ষী চকীত আত্মসমৰ্পণ কৰে নাৰায়ণ দাসে।

পত্নী মমী দাসক হত্যা কৰি গাঁত খান্দি পুতি থৈছিল নাৰায়ণে। নিজৰ ঘৰৰ কাষতেই পুতি থৈছিল পত্নীৰ মৃতদেহ। নগাঁৱৰ ডিমৰুগুৰিৰ কেঁচাআলি পথত সংঘটিত এই ঘটনা।

শনিবাৰে সন্ধিয়া আৰক্ষীয়ে উদ্ধাৰ কৰিছিল মমী দাসৰ মৃতদেহ। তেতিয়াৰ পৰাই পলায়ন আছিল নাৰায়ণ দাস। কি কাৰণে পত্নীক হত্যা কৰিলে এই পৰ্যন্ত জানিব পৰা হোৱা নাই। ঘটনা সন্দৰ্ভত তদন্ত অব্যাহত ৰাখিছে আৰক্ষীয়ে।

Also Read: পৰমানন্দ চায়েঙীয়া সন্মিলিত গনশক্তি অসম দলৰ সভাপতি নিৰ্বাচিত

crime Assam police