/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-03/485331a6-4109-41d7-8f1f-827e4cb5da0b/oioi.jpg)
ডিজিটেল সংবাদ, ঢকুৱাখনা: সম অধিকাৰ, সম মৰ্যদা আৰু সম উন্নয়নৰ ভেঁটিত প্ৰতিষ্ঠা লাভ কৰা আঞ্চলিক ৰাজনৈতিক দল সন্মিলিত গনশক্তি অসম দলক অধিক জনমুখী আৰু গতিশীলতা প্ৰদানৰ গুৰু দায়িত্ব লাভ কৰিছে পৰমানন্দ চায়েঙীয়াই। মিচিং স্বায়ত্ব শাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য চায়েঙীয়াক কেন্দ্ৰীয় সমিতিৰ কাৰ্যনিৰ্বাহক সভাই গনশক্তি অসম দলৰ পৰৱৰ্তী কাৰ্যকালৰ বাবে সভাপতি হিচাবে নিৰ্বাচিত কৰাৰ লগতে এখন পূৰ্ণাংগ কাৰ্যকৰী সমিতি গঠন কৰি দিছে ।
দেওবাৰে ঢকুৱাখনা নগৰৰ তিতাৰাম গগৈ ক্ষেত্ৰত অনুষ্ঠিত আঞ্চলিক দলটোৰ লগতে ভাতৃ ভগ্নী সংগঠনৰ ত্রি বাৰ্ষিক অধিবেশনৰ প্ৰতিনিধি সভাই হিৰণ্য দত্ত, ৰঞ্জিত দলে, জহান দলে আৰু যতীন চেতিয়াক উপ সভাপতি, মুহিম হাজৰিকাক কাৰ্যকৰী সভাপতি , পুৰুষোত্তম দলে, নৰেশ কুম্বাং, গুণ চুতীয়া আৰু ৰাজু খনিকৰক সাধাৰণ সম্পাদক , ইন্দ্ৰ কুমাৰ চুংক্ৰাং,নীল কান্ত দলে,জীৱন শৰ্মাক সম্পাদক, হৰেন মিচং, দেৱ কছাৰী ,ত্ৰৈলোক্য পামেগাম, মংগল কৃষ্ণ দাসক সাংগঠনিক সম্পাদক , উইলিয়াম বসুমতাৰিক কাৰ্য্যালয় সম্পাদক হিচাপে নিৰ্বাচিত কৰি পূৰ্ণাংগ সমিতিখন গঠন কৰি দিয়ে ।
যোৱা শুকুৰবাৰৰ পৰা দলটোৰ ২৭ খন ব্লক সমিতিৰ তিনি সহস্ৰাধিক প্ৰতিনিধিৰ উপস্থিতিৰে অনুষ্ঠিত অধিবেশনৰ অন্তিম দিনৰ প্ৰতিনিধি সভাই অনাগত ৩ বছৰীয়া কাৰ্যকালৰ বাবে কেন্দ্ৰীয় সমিতিখন গঠন কৰি দিয়ে । ইয়াৰ সমান্তৰাল ভাৱে ভগ্নী সংগঠন সন্মিলিত নাৰী শক্তি অসমৰ প্ৰতিনিধি সভাই সভানেত্ৰী হিচাপে ভৱানী দুৱৰা , ছায়া দেৱী বৰা, নিভা পেগু মিলি, ৰণিতা দলেক সম্পাদিকা , ৰুণো কুলি, হেমলতা টায়েক বিত্তীয় সম্পাদিকা হিচাবে নিৰ্বাচিত কৰি পূৰ্ণাংগ কেন্দ্ৰীয় নাৰী শক্তি সমিতিখন গঠন কৰে ।
ইয়াৰোপৰি ননী অধিকাৰীক সভাপতি ,অতুল মেচ, বীৰেন চাংমাই, দুলেশ্বৰ ছবিয়ালক যুটীয়া সম্পাদক হিচাপে লৈ শ্ৰমিক শক্তি অসম আৰু প্ৰতাপ টায়েঙক সভাপতি, অনিল পায়েংক সাধাৰণ সম্পাদক ,খনীন্দ্ৰ মেদক , সুৰেশ বড়ি, ৰুক্ম শইকীয়াক যুটীয়া সম্পাদক হিচাবে লৈ কৃষক শক্তি অসমৰ পুৰ্ণাংগ কেন্দ্ৰীয় সমিতি কেইখন গঠন কৰা হয়।
অধিবেশনৰ অন্তিম দিনৰ সতে সংগতি ৰাখি সন্মিলিত নাৰী শক্তি অসমৰ সভানেত্ৰী ভৱানী দুৱাৰাৰ সঞ্চালনাত "নাৰী অধিকাৰ আৰু আইনী সুৰক্ষা" শীৰ্ষক আলোচনাচক্ৰ অনুষ্ঠিত হয় । বিশিষ্ট আইনজীৱী বুলু মণি দত্ত সমল ব্যক্তি হিচাবে উপস্থিত থকা কৰ্মশালাত অতীতৰ মহিলাৰ জীৱন যাত্ৰাৰ সতে বৰ্তমানৰ মহিলাৰ জীৱন যাত্ৰাৰ তুলনামূলক বক্তব্য ৰাখি সাম্প্ৰতিক সময়ত নাৰী সুৰক্ষাৰ বাবে প্ৰৱৰ্তিত আইনী বিধি ব্যৱস্থাৰ বিস্তৃত অবলোকণ কৰে।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-03/1f746f53-dda4-41bc-91b0-eb6cdaeeb27e/355d3b38_b5f0_4962_a10a_6555125ec67f.jpg)
জ্যেষ্ঠ অধিবক্তা গৰাকীয়ে গ্ৰাহস্থ্য হিংসা প্ৰতিৰোধ আইন-২০১৫ , যৌতুক প্ৰতিৰোধ আইন বাল্য বিবাহ বিৰোধী আইন আদিৰ সূক্ষ্ম বিশ্লেষণ কৰে। নাৰী স্বচ্ছন্দতাৰে, মৰ্যদা সহকাৰে আৰু আত্ম সন্মানেৰে জীয়াই থকাৰ অধিকাৰ প্ৰদানৰ বাবে প্ৰৱৰ্তিত আইনৰ অপ প্ৰয়োগ নকৰাৰ আহ্বান জনায় অধিবক্তা দত্তই এখন প্ৰগতিশীল ,উন্নয়নমুখী আৰু সুশৃংখলিত সমাজ গঠনত নাৰী সমাজে নিৰ্ণায়ক ভূমিকা লোৱাৰ পৰম্পৰা অব্যাহত ৰখাৰ আহ্বান জনায় । জনাকীৰ্ণ সভাত পশুপালন সন্দৰ্ভত অনুষ্ঠিত কৰ্মশালাত গোগামুখ ৰাজ্যিক পশু চিকিৎসালয়ৰ ভাৰপ্ৰাপ্ত চিকিৎসক ডাঃ অনিল চন্দ্ৰ পেগুৱে মননশীল বক্তব্য আগবঢ়াই ।
আমগুৰিৰ জে কে একাডেমীৰ বৃন্দগান আৰু সৃজনীমূলক নৃত্য ,কৰৈগুৰি কেঁকুৰী সোণোৱাল কছাৰী লোক শিল্পী দলৰ লেচেৰী লোক নৃত্য , ১নং বাহপৰা গামখাৰু টকা বিহু দলৰ বিহু নৃত্যৰে জীপাল হৈ পৰা অধিবেশনৰ অন্তিম দিনৰ অন্তিম কাৰ্যসূচী "ৰাকটোপ"ৰ জৰিয়তে অধিবেশনৰ সফল সামৰণি মৰা হয় ।