ভাৰত-বাংলাদেশ সীমান্তত নিচাযুক্ত দ্ৰব্য সহ গ্ৰেপ্তাৰ এজন

মানকাচৰ জিলাৰ দক্ষিণ শালমাৰা থানা এলেকাৰ অধীনস্থ ভাৰত-বাংলাদেশ সীমান্তৱৰ্তী কালাইচৰবাৰীত বিএছ এফৰ সাফল্য।

author-image
Asomiya Pratidin
New Update
ভাৰত-বাংলাদেশ সীমান্তত নিচাযুক্ত দ্ৰব্য সহ গ্ৰেপ্তাৰ এজন

ডিজিটেল সংবাদ, দক্ষিণ শালমাৰাঃ মানকাচৰ জিলাৰ দক্ষিণ শালমাৰা থানা এলেকাৰ অধীনস্থ ভাৰত-বাংলাদেশ সীমান্তৱৰ্তী কালাইচৰবাৰীত বিএছ এফৰ সাফল্য। শনিবাৰে পুৱতি নিশা বিএছএফে বৃহৎ পৰিমানৰ ভাং, নিচাযুক্ত টেবলেট আৰু ফেঞ্চিডাইল সহ এজন সৰবৰাহকাৰীক কৰায়ত্ব কৰি আৰক্ষীক গতাই দিছে।

Advertisment

উল্লেখযোগ্য যে ভাৰত-বাংলাদেশ নদী তথা চৰ সীমান্তৰ কালাইচৰবাৰীত ৪৯ নং বেটেলিয়ান বিএছএফে আজি পুৱতি নিশা প্ৰায় ৩ বজাত সীমান্তৰ পৰা এজন ড্ৰাগছ সৰবৰাহকাৰীক কৰায়ত্ব কৰে। লগতে তেওঁৰ পৰা ৬২.৩ কোজি ভাং, ৪৪৫ বটল ফেঞ্চিডাইল আৰু ৭১৮ টা নিচাযুক্ত যুবা টেবলেট জব্দ কৰে।

মাদক দ্ৰব্য খিনি এখন বস্তাৰ ভিতৰত ভৰাই চৰৰ মাজেৰে উন্মক্ত আন্তৰাষ্ট্ৰীয় সীমান্ত অতিক্ৰম কৰি বাংলাদেশলৈ গৈ থকা অৱস্থাত টহলধাৰী জোৱানে কৰায়ত্ব কৰি মাদক দ্ৰব্য খিনি জব্দ কৰে। ইতিমধ্যে বিএছএফে ড্ৰাগছ সহ সৰবৰাহকাৰীজনক দক্ষিণ শালমাৰা থানাত গতাই দিছে। আৰক্ষীয়ে ড্ৰাগছ সৰবৰাহকাৰীজনক গ্ৰেপ্তাৰ কৰি মাদক দ্ৰব্য খিনি জব্দ কৰিছে। কাইলৈ পুৱাৰ ভাগত ধুবুৰী জিলা আদালতত হাজিৰ কৰা হ'ব বুলি জানিব পৰা গৈছে।

Also Read: নৃশংস! হত্যা কৰি মৃতদেহ পেলাই থৈ গ'ল পথাৰৰ মাজত...

Assam police