বৰবাৰী-বেবেজীয়া পথাৰত শতাধিক দাৱনীৰ সমূহীয়া ধানকটা পৰ্ব

বৰবাৰী-বেবেজীয়া পথাৰত শতাধিক দাৱনীৰ সমূহীয়া ধানকটা পৰ্ব

author-image
Asomiya Pratidin
New Update
বৰবাৰী-বেবেজীয়া পথাৰত শতাধিক দাৱনীৰ সমূহীয়া ধানকটা পৰ্ব

ডিজিটেল সংবাদ, বঢ়মপুৰ: এতিয়া শালিধানৰ খেতি চপোৱাৰ সময়। পথাৰৰ লখিমী নিজৰ ভৰাললৈ অনাৰ বতৰ। সেউজীয়া শালিধানৰ খেতি এতিয়া ক্ৰমশ: সোনোৱালী হৈ উঠিছে। আঘোণ মাহলৈ মাজত মাথো দুটামান দিন বাকী। সাধাৰণতে অসমত আঘোণ মাহৰ পৰা পুহ মাহৰ ভিতৰত শালিধানৰ খেতি চপোৱা হয়। এতিয়া কাতি মাহৰ শেষ ভাগৰ পৰাই কৃষক ৰাইজ পথাৰৰ সোণগুটি চপোৱাৰ কামত ব্যস্ত হৈ পৰিছে।

Advertisment

সোণগুটি চপাবলৈ ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ পথাৰসমূহত দাৱনীসকলে ভিৰ কৰিছে, বাঢ়িছে ব্যস্ততা। একেদৰে নগাঁও জিলাৰ বঢ়মপুৰৰ সমীপৱৰ্তী বৰবাৰী-বেবেজীয়াৰ পথাৰতো দেখা গৈছে শতাধিক দাৱনী মহিলাৰ ব্যস্ততা। আঘোণ নহয় কাতিৰ শেষতেই হাতে-হাতে কাচি লৈ গীত গাই আনন্দ-উল্লাসৰ মাজেৰে এফালৰ পৰা পকা ধান দাই গৈছে মহিলাসকলে।

ধান দাই থকাৰ মাজতে লগত অনা বৰটেঙা ফালি নিমখ-তেল-জলকিয়া ভোঁহাৰি জুটি ল'বলৈও কিন্তু পাহৰা নাই দাৱনীহঁতে। একাংশ মহিলাই আকৌ পথাৰৰ দাঁতিতে দাৱনীহঁতক দুপৰীয়া আহাৰ যতন দিবলৈ আয়োজন কৰিছে ভোজ-ভাতৰ। বেলাটোৰ ভিতৰতে ৪ৰ পৰা ৭বিঘা মাটিৰ ধান দাই শেষ কৰাৰ লক্ষ্য দাৱনী মহিলা সকলৰ।

উল্লেখ্য যে, প্ৰতিগৰাকী মহিলা প্ৰকৃততে ইণ্ডিৰা গোস্বামী মণ্ডল পৰ্য্যায় সংগঠনৰ মহিলা। অসম ৰাজ্যিক গ্ৰাম্য জীৱিকা অভিযানৰ অধীনত সংগঠনটোৰ মহিলাসকলে বৰবাৰী-বেবেজীয়া পথাৰৰ প্ৰায় ৭ বিঘা মাটিত চলিত বৰ্ষত কৰিছিল শালি ধানৰ খেতি। শালি ধানৰ খেতি সোনোৱালী হৈ পৰাত মহিলাসকলৰ মনত অপাৰ আনন্দ।

সেয়ে সংগঠনটোৰ মহিলাসকল একত্ৰিত হৈ বৃহস্পতিবাৰে হাহিঁ-মাতি ব্যস্ত হৈ পৰিছে সুন্দৰ খেতিডৰা সমিলমিলেৰে চপাই নিয়া কাৰ্যত। পথাৰৰ সোণগুটি চপোৱাৰ আনন্দত মহিলাসকলৰ ব্যস্ততাই এক নতুন মাত্ৰা প্ৰদান কৰিছে। পথাৰখনত সৃষ্টি হৈছে এক বিনন্দীয়া পৰিবেশ।

Also Read: বিপদ মুক্ত জুবিনঃ প্ৰয়োজন জিৰণিৰ...

nagaon