ছাগলী ভক্ষণ কৰি থকা অৱস্থাত প্ৰকাণ্ড অজগৰ উদ্ধাৰ

ছাগলী ভক্ষণ কৰি থকা অৱস্থাত প্ৰকাণ্ড অজগৰ উদ্ধাৰ

author-image
Asomiya Pratidin
New Update
ছাগলী ভক্ষণ কৰি থকা অৱস্থাত প্ৰকাণ্ড অজগৰ উদ্ধাৰ

ডিজিটেল সংবাদ,নগাঁও : নগাঁৱৰ বঢ়মপুৰৰ বালিজুৰিত ছাগলী ভক্ষণ কৰি থকা অৱস্থাত উদ্ধাৰ এডাল প্ৰকাণ্ড বাৰ্মীজ পাইথন। জনাঞ্চলত ছাগলী ভক্ষণ কৰি থকাৰ বিষয়ে জানিব পাৰি প্ৰকৃতিপ্ৰেমী যুৱক বিনোদ দুলু বৰাই উদ্ধাৰ কৰে অজগৰটো।

Advertisment

উদ্ধাৰ হোৱা প্ৰকাণ্ড অজগৰ সাপটোৰ দৈঘ্য প্ৰায় ১৬ ফুট আৰু ওজন প্ৰায় ৫০ কিলোগ্ৰাম। সাপটো বন বিভাগৰ সহযোগত দুলু বৰাই চাপানলা চোৱাং সংৰক্ষিত বনাঞ্চলত মুকলি কৰি দিয়ে।

Also Read: মায়ঙৰ কুছিয়ানিত ৪জন গৰু চোৰ আটক

python rescued