মায়ঙৰ কুছিয়ানিত ৪জন গৰু চোৰ আটক

মায়ঙৰ কুছিয়ানিত ৪জন গৰু চোৰ আটক

author-image
Asomiya Pratidin
New Update
মায়ঙৰ কুছিয়ানিত ৪জন গৰু চোৰ আটক

ডিজিটেল সংবাদ,মায়ং : মায়ঙৰ কুছিয়ানিত বুধবাৰে নিশা গাওঁৰক্ষী বাহিনীয়ে ৪জন গৰুচোৰক আটক কৰে। গাঁওৰক্ষী বাহিনীৰ সহযোগত ৰাইজে আটক কৰে চোৰ কেউগৰাকী গৰু চোৰক। জানিব পৰামতে চোৰ কেইজনৰ নাম- মহিদুল ইছলাম, আলিমুদ্দিন, আলী আকবৰ আৰু আঞ্জাৰুল। নিশা প্ৰায় ১বজাত গোহালিৰ পৰা গৰু উলিয়াই বলেৰ' পিক আপত উঠাই থকাৰ সময়তে ৰাইজে আটক কৰে।

Advertisment

আটকাধীন চোৰ কেইজনক ৰাইজে মায়ং আৰক্ষীক গতাই দিয়ে। দীৰ্ঘদিন ধৰি এই চোৰ কেইটাই সমগ্ৰ জাগীৰোড আৰু মায়ং অঞ্চলত গৰু চুৰি কৰি সন্ত্ৰাস সৃষ্টি কৰি আহিছিল। গাগলমাৰীৰ বৰকুৰানী,ৰজা মায়ঙৰ পৰাও গৰু চুৰি কৰিছিল ।

Also Read: কলিয়াবৰত চাৰিলেনযুক্ত পথ নিৰ্মাণৰ কাম খৰতকীয়া কৰাৰ দাবীত সংবাদমেল

morigaon police MAYANG