/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-05/7eb04fc4-3cd8-4bf5-a894-e4aca6df171b/blood.jpg)
ডিজিটেল সংবাদ, কোকৰাঝাৰঃ লায়ন্স ক্লাৱ,কোকৰাঝাৰ গ্ৰেটাৰৰ উদ্যোগত আৰু কোকৰাঝাৰ ৰূপনাথ ব্ৰহ্ম অসামৰিক চিকিৎসালয়ৰ সহযোগত মঙলবাৰে কোকৰাঝাৰ সদৰ চহৰত ৰক্তদান শিবিৰৰ আয়োজন কৰা হয় । ৰক্তদান শিবিৰৰ জৰিয়তে ৭০ইউনিট তেজ সংগ্ৰহ কৰি কোকৰাঝাৰ ৰূপনাথ ব্ৰহ্ম অসামৰিক চিকিৎসালয়ৰ ব্লাড বেংকত জমা দিয়া হয়।
প্ৰগতি ভৱনত অনুষ্ঠিত ৰক্তদান শিবিৰটি আনুষ্ঠানিকভাৱে মুকলি কৰি জিলা উপায়ুক্ত বৰ্ণালী ডেকাই ৰক্তদান কৰে । ৰক্তদান কৰি জিলা উপায়ুক্ত বৰ্ভালী ডেকাই কয় যে ৰক্তদানে বহুলোকৰ জীৱন বচাব পাৰে। বছৰত এবাৰ ৰক্তদান নিজৰ শৰীৰৰ বাবেও উপকাৰী বুলি উল্লেখ কৰি সজাগতাৰ অভাৱৰ কাৰণে মানুহে ৰক্তদান কৰিবলৈ আজিও ভয়-শংকা কৰে বুলি মন্তব্য কৰে।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-05/5ebe3568-b14d-4be8-b2ee-7b8c99962fb8/742cfcbd_40f6_4c9c_8606_1918c2f6c243.jpg)
অনুষ্ঠানত উপায়ুক্তগৰাকীয়ে স্বেচ্ছাই ৰক্তদান কৰিবলৈ সকলোৰে প্ৰতি আহ্বান জনায়। ইপিনে লায়ন্স ক্লাৱ,কোকৰাঝাৰ গ্ৰেটাৰৰ উদ্যোগত আজি আন দুটা কাৰ্যসূচীয়ো ৰূপায়ন কৰা হয় বুলি উদ্যোক্তাসকলে জানিবলৈ দিয়ে ।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-05/8f05dd97-1b36-4ee7-8279-8aa6a8218c34/a076c372_06bf_4eae_b975_813082dd02f6.jpg)
ইয়াৰে এটি কাৰ্যসূচী প্ৰগতি ভৱনৰ সমীপত বিশুদ্ধ খোৱাপানী আচঁনিৰ শুভাৰাম্ভণি। সদৰ চহৰৰ বিশিষ্ট সমাজ সেৱক দীনদয়াল আগৰৱালাই তেওঁৰ পিতৃ-মাতৃৰ স্মৃতিত দান দিয়া উক্ত বিশুদ্ধ খোৱাপানী আচঁনিৰ আনুষ্ঠানিকভাৱে শুভাৰাম্ভ কৰে লায়ন্স ক্লাৱৰ জিলা গভৰ্ণৰ বলোৰাম ৰাথোৰে ।
ইয়াৰ পাছতে আন এটি কাৰ্যসূচী অনুসৰি দুপৰীয়া আৰ্থিকভাৱে দুৰ্বল ৰাইজক এসাঁজকৈ দুপৰীয়াৰ আহাৰ যোগান ধৰে লায়ন্স ক্লাৱে ৷ অনুষ্ঠানত গুৱাহাটীৰ পৰা আমন্ত্ৰিত লায়ন্স ক্লাৱৰ ৰিজিঅনেল অধ্যক্ষ সুৰেশ জাজৰা, কোকৰাঝাৰৰ অতিৰিক্ত আৰক্ষী অধীক্ষক নৱনীতা শৰ্মা, কোকৰাঝাৰ পৌৰনিগমৰ অধ্যক্ষ প্ৰতিভা ব্ৰহ্ম , লায়ন্স ক্লাৱৰ সদস্যসকল আদিকে ধৰি বহু বিশিষ্ট ব্যক্তিয়ে অংশগ্ৰহণ কৰে ।
Also Read: গুৰুতৰভাৱে অসুস্থ জোনমণি ৰাভাৰ মাতৃ সুমিত্ৰা ৰাভা