উৎকট গৰম : নগাঁৱত বিদ্যালয়ৰ পাঠদানৰ সময়সূচী সলনি

উৎকট গৰম : নগাঁৱত বিদ্যালয়ৰ পাঠদানৰ সময়সূচী সলনি

author-image
Asomiya Pratidin
New Update
উৎকট গৰম : নগাঁৱত বিদ্যালয়ৰ পাঠদানৰ সময়সূচী সলনি

ডিজিটেল সংবাদ,নগাঁও : পাৰাস্তম্ভৰ মাত্ৰা অত্যাধিক উচ্চ হোৱাৰ পৰিপ্ৰেক্ষিতত উৎকট গৰমৰ বাবে বৃহস্পতিবাৰৰ পৰা কাৰ্যকৰী হোৱাকৈ নগাঁও জিলাৰ সকলোবোৰ শিক্ষানুষ্ঠানৰ পাঠদানৰ সময়সূচী সলনি কৰা হৈছে। বুধবাৰে জিলা উপায়ুক্তৰ অনুমোদন সাপেক্ষে নগাঁও সংমণ্ডল বিদ্যালয়সমূহৰ পৰিদৰ্শক প্ৰভাত দাসে মেমো নম্বৰ আই এছ/এন ডি চি/এ এ পি/এম আই এছ চি/২০২৩/১১৪৩-এ মৰ্মে এই কথা উল্লেখ কৰে।

Advertisment

নিৰ্দেশনাত উল্লেখ থকা অনুসৰি জিলাখনৰ সকলোবোৰ প্ৰাথমিক বিদ্যালয়ৰ পাঠদান ২৩মে'ৰ পৰা পুৱা ৮-০০ বজাৰ পৰা দুপৰীয়া ১২.৩০বজালৈ,এম ই স্কুলৰ পাঠদান পুৱা ৮-০০ বজাৰ পৰা দুপৰীয়া ১-০০ বজালৈ আৰু হাইস্কুল/উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ পাঠদান পুৱা ৮-০০ বজাৰ পৰা দুপৰীয়া ১.৩০ বজালৈকে নিৰ্ধাৰণ কৰি দিছে।

উল্লেখযোগ্য যে এই নিৰ্দেশৰ আওতাত প্ৰতিখন ব্যক্তিগত খণ্ডৰ শিক্ষানুষ্ঠানো থাকিব। পৰৱৰ্তী নিৰ্দেশ নিদিয়া পৰ্যন্ত জিলাখনৰ সমূহ শিক্ষানুষ্ঠানৰ পাঠদানৰ সূচী এইমতে চলাই থাকিবলৈ নিৰ্দেশনাত উল্লেখ কৰা হৈছে।

Also Read: ভাৰতীয় ষ্টেট বেংকৰ দ্বাৰা প্ৰদান কৰা স্মাৰ্ট বোৰ্ডৰ আনুষ্ঠানিক উদ্বোধন

school summer