/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-05/e1e447e0-162a-40bf-9633-1045d6e3213f/279.jpg)
ডিজিটেল সংবাদ, চিৰাং : ভাৰতীয় ষ্টেট বেংক, বাসুগাঁও শাখাৰ সৌজন্যত চিৰাং জিলাৰ অন্যতম বাংলা মাধ্যমৰ শিক্ষানুষ্ঠান নেতাজী সুভাষ বিদ্যা নিকেতন উচ্চতৰ মাধ্যমিক বিদ্যালয়ত চাৰিটা কম্পিউটাৰৰ সৈতে এখন স্মাৰ্ট বোৰ্ড স্থাপন কৰি নতুনকৈ সজ্জিত শ্ৰেণীকোঠাৰ শুভ উদ্বোধন কৰা হয়। উদ্বোধন কৰে শাখা প্ৰবন্ধক যুগল কিশোৰ বৰুৱাই ।
বুধবাৰে আনুষ্ঠানিকভাৱে উদ্বোধন কৰাৰ অন্তত বৰুৱাই উদ্বোধনী ভাষণত কয় যে কাজলগাঁও মহকুমাৰ একমাত্ৰ বাংলা মাধ্যমৰ বিদ্যালয় হৈছে নেতাজী সুভাষ বিদ্যা নিকেতন উচ্চতৰ মাধ্যমিক বিদ্যালয় । বাংলা মাধ্যমৰ এই বিদ্যালয়খনৰ সৃষ্টিৰ উপযোগিতাৰ কথা চিন্তা কৰি ছাত্ৰ-ছাত্ৰীৰ জ্ঞান বৃদ্ধি কৰিবলৈ বিজ্ঞানভিত্তিক পাঠদানৰ বাবে এই স্মাৰ্ট শ্ৰেণীকোঠা সঠিক ব্যৱহাৰ কৰিবলৈ তেঁও বিদ্যালয়ৰ শিক্ষকসকলক অনুৰোধ জনায় ।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-05/6bdb379c-2051-4992-8158-417cff3782f0/cee378cf-3780-48c7-903d-d9f4cf839594.jpg)
লগতে তেঁও কয়- ভাৰতীয় ষ্টেট বেংকে দেশৰ ছাত্ৰ-ছাত্ৰীসকলক ডিজিটেল জগতৰ সৈতে সংযোগ স্থাপন কৰিবলৈ আগবাঢ়ি আহিছে। ভাৰতৰ ষ্টেট বেংক ভাৰতৰ অন্যতম আগশাৰীৰ বাণিজ্যিক বিত্তীয় প্ৰতিষ্ঠান যদিও তেওঁলোকৰ লাভৰ পৰা প্ৰতি বছৰে প্ৰায় ৫০০ কোটি টকা সমাজ সেৱাৰ উদ্দেশ্যে ব্যয় কৰে। এয়া তাৰ এটা সৰু চিন মাথোঁন ।
অৱশ্যে ভাষণ প্ৰসংগত শাখা প্ৰবন্ধকগৰাকীয়ে আক্ষেপ কৰি কয় যে ষ্টেট বেংকৰ এনেধৰণৰ সেৱামূলক কাৰ্যসূচীৰ প্ৰচাৰ বা প্ৰশংসা কৰা নহয়। বৰঞ্চ গ্ৰাহকৰ সৰু সৰু অসন্তুষ্টিক ডাঙৰকৈ দেখুওৱা হয় বুলি উল্লেখ কৰে।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-05/299b230d-1869-4a8b-b926-4926caae801c/e3b5e461-d83e-4d2a-a9ba-efc2d2039640.jpg)
ইফালে সামৰণি ভাষণত প্ৰবন্ধকগৰাকীয়ে ছাত্ৰ-ছাত্ৰীসকলৰ উজ্জ্বল ভৱিষ্যত কামনা কৰাৰ লগতে বিদ্যালয় কৰ্তৃপক্ষ আৰু শিক্ষক-শিক্ষয়িত্ৰীসকলৰ প্ৰতি আন্তৰিক কৃতজ্ঞতা জ্ঞাপন কৰে। ভাৰতীয় ষ্টেট বেংকৰ পৰা এই সাহাৰ্য্য লাভ কৰাৰ আৰঁত বিদ্যালয়খনৰ প্ৰাক্তন ছাত্ৰ তথা বৰ্তমান ষ্টেট বেংকৰ এজন উচ্চ পদস্থ বিষয়া প্ৰদীপ পালৰ সহযোগিতাৰ কথা উত্থাপন কৰা হয়।
উদ্বোধনী কাৰ্যসূচীৰ লগত সংগতি ৰাখি বিদ্যালয়খনৰ ‘অটল টিংকাৰিং লেব’ৰ উদ্যোগত বিদ্যালয়খনৰ প্ৰাক্তন অধ্যক্ষ অজিত কুমাৰ সাহাৰ দ্বাৰা বিজ্ঞানভিত্তিক কাৰ্যকলাপৰ দিনজোৰা প্ৰদৰ্শনী অনুষ্ঠিত হয়। অনুষ্ঠানৰ বন্তি প্ৰজ্বলন কৰে বৰ্তমানৰ প্ৰধানশিক্ষক কালী প্ৰসন্ন মণ্ডলে।
ইয়াৰ পিছতে শিক্ষক তুষাৰ কান্তি সাহাৰ পৰিচালনাত বিদ্যালয়খনৰ ছাত্ৰ-ছাত্ৰীসকলে এটি সমবেত সংগীত পৰিবেশন কৰে। আজিৰ এই বিজ্ঞান প্ৰদৰ্শনীৰ প্ৰতিযোগিতাৰ বিচাৰক হিচাপে উপস্থিত থাকে শিক্ষক ৰাজীৱ দে, কমল বৰ্মন আৰু সুবীৰ মণ্ডল ।
প্ৰতিযোগিতাৰ আয়োজক নেতাজী সুভাষ বিদ্যানিকেতনৰ উপৰি বাসুগাঁও চহৰৰ ৭ খন বিদ্যালয়ে এই প্ৰদৰ্শনীত অংশগ্ৰহণ কৰি নিজৰ আৰ্হি প্ৰদৰ্শন কৰে। অতিথি হিচাপে উপস্থিত থাকে প্ৰবীণ নাৰায়ণ দেৱ, অমল কান্তি দে, শ্ৰীমতী শুক্লা দেবনাথ, প্ৰিয়তোষ বৰ্মন, লক্ষ্মণ চক্ৰৱৰ্তী, দেবাশীষ বেনাৰ্জী, অৰুণ সিং, তপন বিশ্বাস, লিজা দে আৰু ৰিংকি মাহাতো।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-05/69dea126-e71c-466f-83c3-c10bb7565a8a/f185e6d2-5fe4-4b8d-afc6-8385c7ccc522.jpg)
প্ৰতিযোগিতাত প্ৰথম স্থান কৰে বিবেকানন্দ বাডছলেণ্ড একাডেমীয়ে। একেদৰে দ্বিতীয় স্থান লাভ কৰে আয়োজক বিদ্যালয় নেতাজী সুভাষ বিদ্যা নিকেতন উচ্চতৰ মাধ্যমিক বিদ্যালয় আৰু তৃতীয় স্থান লাভ কৰে পূব ভূটিয়াপাৰা মধ্য ইংৰাজী বিদ্যালয়ে ।
অনুষ্ঠানৰ শেষত বিজয়ীসকলক প্ৰমাণ পত্ৰ আৰু প্ৰত্যেককে এটাকৈ ট্ৰফী প্ৰদান কৰে। আজিৰ এই কাৰ্যসূচী নিপুণভাৱে পৰিচালনা কৰে বিদ্যালয়ৰ শিক্ষক সমৰ সাহাই ।
Also Read: বাদশ্বাহ শ্বাহৰুখ খানক হাস্পতালত ভৰ্তি...