/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-05/edac2e6e-ff83-4a0d-908d-c862c212d4d3/Kakochang.jpg)
ডিজিটেল সংবাদ, বোকাখাত : কাৰ্বিআংলং সীমান্তৰ কাকচাং জলপ্ৰপাত (কাইফ'লাংচু)ত পুনৰ অঘটন। দুই বন্ধুৰ সৈতে জলপ্ৰপাতৰ সৌন্দৰ্য উপভোগ কৰিবলৈ গৈ জান্তি বনিয়া নামৰ এজন যুৱকৰ সলিল সমাধি ঘটে।
বৃহস্পতিবাৰে তেজপুৰৰ পৰা বোকাখাতৰ বন্ধু দিব্যজ্যোতি লয়িঙৰ ঘৰলৈ গৈছিল জান্তি বনিয়া। দৰং কলেজৰ বাণিজ্য বিভাগৰ দ্বিতীয় ষান্মাসিকৰ ছাত্ৰ আছিল জান্তি বনিয়া। শুকুৰবাৰে বিয়লি জলপ্ৰপাতৰ পানীত গা-ধুই থকা অৱস্থাত ডুব যায় ছাত্ৰজন।
উল্লেখ্য যে, দুৰ্গম কাকচাং জলপ্ৰপাতৰ ঘটনাস্থলীত ইতিমধ্যেই জান্তি বনিয়াক উদ্ধাৰৰ বাবে ডলামৰা আৰক্ষীৰ লগতে এছ ডি আৰ এফ বাহিনীৰ দল উপস্থিত হৈ উদ্ধাৰ অভিযান অব্যাহত ৰাখিছে।
Also Read: "নগাঁও জিলা জাতীয় বিদ্যালয় বৃত্তি পৰীক্ষা"ৰ ফলাফল ঘোষণা...