২৬মাৰ্চত নগাঁও জিলাত স্থানীয় বন্ধ ঘোষণা

২৬মাৰ্চত নগাঁও জিলাত স্থানীয় বন্ধ ঘোষণা

ডিজিটেল সংবাদ, বটদ্ৰৱাঃ ২৪ মাৰ্চৰ পৰা ফাল্গু পূৰ্ণিমা উৎসৱ অনুষ্ঠিত হ'ব। ফাকুৱা উপলক্ষে নগাঁও জিলাৰ ভিন্ন প্ৰান্তৰ লগতে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ জন্মস্থানত বটদ্ৰৱাত সম্প্ৰতি এক উখল-মাখল পৰিৱেশে বিৰাজ কৰিছে। অহা ২৬ মাৰ্চ, মংগল বাৰে দৌল যাত্ৰা উপলক্ষে নগাঁও জিলা প্ৰশাসনে নগাঁও জিলাত “স্থানীয় বন্ধ” ঘোষণা কৰিছে ।

নগাঁও জিলা উপায়ুক্ত নৰেন্দ্ৰ কুমাৰ শ্বাহে এক নিৰ্দেশনা জাৰি কৰি এই বন্ধ ঘোষণা কৰিছে। শ্ৰী শ্ৰী বটদ্ৰৱা থান আৰু ষ্টেট বেংক অফ ইণ্ডিয়াৰ তৰফৰ পৰা কৰা আবেদন তথা অনুৰোধৰ প্ৰতি লক্ষ্য ৰাখি নগাঁৱৰ উপায়ুক্তগৰাকীয়ে সেইদিনা সমগ্ৰ নগাঁও জিলাত “স্থানীয় বন্ধ” হিচাপে ঘোষণা কৰিছে।

ঘোষণা অনুসৰি সেইদিনা ৰাজহ আৰু দণ্ডাধীশ আদালত বা চৰকাৰী সকলো কাৰ্যালয় আৰু সকলো শিক্ষানুষ্ঠান বন্ধ থাকিব। অৱশ্যে এই বন্ধৰ ফলত জৰুৰীকালীন সেৱা আৰু বিভিন্ন ধৰণৰ পৰীক্ষা বা লিখিত পৰীক্ষা বা সাক্ষাৎকাৰ আদিৰ সৈতে জড়িত অন্যান্য সকলো কৰ্তব্য আৰু সেৱা আৰু ইয়াৰ সৈতে জড়িত আনুষংগিক সেৱাৰ ক্ষেত্ৰত কোনো প্ৰভাৱ নপৰে।

২৬মাৰ্চত নগাঁও জিলাত স্থানীয় বন্ধ ঘোষণা
গড়গাঁও মহাবিদ্যালয়ত অংগদান সন্দৰ্ভত সজাগতা কৰ্মশালা

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in