/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-03/3f2af548-3caa-479b-bf47-21c80ded1993/5_copy.jpg)
ডিজিটেল সংবাদ, ঢকুৱাখনাঃ অৱশেষত উদ্ধাৰ হ'ল সোনাৰী চাপৰিৰ চেলা চাৰিকড়িয়া নদীত সন্ধানহীন হৈ থকা ব্যক্তিজনৰ মৃতদেহ। স্থানীয় ব্যক্তিৰ তথ্যৰ ভিত্তিত ঢকুৱাখনাৰ পৰা যোৱা এছ ডি আৰ এফ বাহিনীৰ জোৱানে নদীৰ তলীৰ পৰা ব্যক্তিজনৰ মৃতদেহ উদ্ধাৰ কৰে। সোনাৰী চাপৰি আৰক্ষী চকীৰ অন্তৰ্গত সৰু পতিয়া গাঁওৰ যোগেশ চুতীয়া নামৰ প্ৰায় ৩৫ বছৰীয়া ব্যক্তিজনে সোমবাৰে পুৱা প্ৰায় ৯-৩০ বজাত মাছ ধৰিবলৈ বুলি সমীপৰ চেলা চাৰিকঢ়িয়া নদীলৈ গৈছিল। কিছু সময় নদীৰ বুকুত নাৱেৰে মাছৰ সন্ধান কৰি থকা পাছতে অকস্মাৎ নদীত পৰি যায়। অঞ্চলটোৰ স্থানীয় লোক আৰু পত্নীয়ে ঘটনাতো প্ৰতক্ষ্য কৰি উদ্ধাৰৰ চেষ্টা চলাই যদিও ব্যৰ্থ হয়।
এই সন্দৰ্ভত আৰক্ষী আৰু এছ ডি আৰ এফ বাহিনীক যোগাযোগ কৰাত এটা দল গৈ উপস্থিত হয় ঘটনাস্থলীত। গাঁওৰ এজন সাঁতোৰবিদৰ খবৰৰ ভিত্তিত বাহিনীয়ে সন্ধান চলাই উক্ত স্থানতে ব্যক্তিজনৰ মৃতদেহ উদ্ধাৰ কৰিবলৈ সক্ষম হয় । স্থানীয় ৰাইজ ,আত্মীয়ৰ কান্দোনত শোকাকূল পৰিবেশৰ সৃষ্টি হোৱা ঘটনাস্থলীত উপস্থিত সোনাৰী চাপৰি আৰক্ষীয়ে মৃতদেহটো মৰণোত্তৰ পৰীক্ষাৰ বাবে লখিমপুৰ চিকিৎসা মহাবিদ্যালয় হস্পিটেললৈ প্ৰেৰণ কৰাৰ ব্যবস্থা কৰি এক গোচৰ ৰুজু কৰিছে ।
ফল্গুৎসবৰ উৎসৱ মুখৰ পৰিৱেশৰ মাজতে সংঘটিত এই মৰ্মান্তিক ঘটনাই সমগ্ৰ ঢকুৱাখনা মহকুমাত উৎসৱৰ মাদকতা ম্লান কৰা পৰিলক্ষিত হৈছে। কৃষি কৰ্মেৰে জীৱন নিৰ্বাহ কৰা বিবাহিত ব্যক্তিজনৰ অকাল বিয়োগত শোকৰ বন্যা প্ৰবাহিত হৈছে বৃহত্তৰ সোনাৰী চাপৰি কেঁকুৰী অঞ্চলত। মৃত্যুৰ সময়ত ব্যক্তিগৰাকীয়ে পত্নী সন্তান সহ অজস্ৰ ইষ্ট কুটুম্বক ইস সংসাৰত এৰি থৈ গৈছে।
Also Read: অসম সাহিত্য সভাৰ ‘অসমৰ হোলীগীত’ বিষয়ক আলোচনাচক্র সম্পন্ন