কোকৰাঝাৰত প্ৰাক-খ্ৰীষ্টমাছৰ আয়োজন

কোকৰাঝাৰত প্ৰাক-খ্ৰীষ্টমাছৰ আয়োজন

author-image
Asomiya Pratidin
New Update
কোকৰাঝাৰত প্ৰাক-খ্ৰীষ্টমাছৰ আয়োজন

ডিজিটেল সংবাদ,কোকৰাঝাৰ : কোকৰাঝাৰৰ গৌৰৰাং মিছন খেলপথাৰত অহা ২৯ নৱেম্বৰৰ পৰা ১ ডিচেম্বৰলৈ প্ৰাক-খ্ৰীষ্টমাছ তথা নিৰাময় প্ৰাৰ্থনা কাৰ্যসূচীৰ আয়োজন কৰা হৈছে। সোমবাৰে এই সন্দৰ্ভত এখনি বৈঠক অনুষ্ঠিত কৰা হয়।

Advertisment

উদ্যোক্তা চিমছন মোছাহাৰীয়ে কয় যে, অনুষ্ঠানৰ বাবে ব্যাপক প্ৰস্তুতি চলি আছে আৰু কোকৰাঝাৰৰ বালাজান গৌৰাং মিছন খেলপথাৰত প্ৰাক-খ্ৰীষ্টমাছ তথা নিৰাময় প্ৰাৰ্থনা কাৰ্যসূচী অনুষ্ঠিত কৰাৰ বাবে প্ৰায় ৭০ শতাংশ কাম সম্পূৰ্ণ হৈছে। 

অতি উলাহ-মালহৰে ৩দিনীয়া কাৰ্য্যসূচীৰে উক্ত অনুষ্ঠানৰ আয়োজন কৰা হ'ব।মোচাহাৰীয়ে কয় যে দুপৰীয়া ১-০০ বজাৰ পৰা ৩.৩০ বজালৈ খ্ৰীষ্টমাছ পৰ্ব আৰম্ভ হ'ব। ইয়াৰ পিছতে ৰাজস্থানৰ যাজক ৰেভ. এবেল জেকবে সকলো ৰোগী আৰু অসুস্থ লোকৰ বাবে নিৰাময় প্ৰাৰ্থনা কাৰ্যসূচীত ভাগ ল'ব।

ইতিমধ্যে উক্ত দিনৰ কাৰ্য্যসূচীৰ বাবে খ্ৰীষ্টান ভক্ত আৰু বিভিন্ন সম্প্ৰদায়ৰ অনুগামীসকলে কেৰল নৃত্যত পৰম্পৰাগত সংগীত বাদ্যযন্ত্ৰৰ সৈতে আখাৰাত ব্যস্ত হৈ পৰিছে। মেৰী খ্ৰীষ্টমাছ উদযাপনৰ আগতে সম্প্ৰদায়ৰ সকলো শ্ৰেণীৰ মাজত শান্তি আৰু একত্ৰীকৰণ ৰখাৰ বাবে তেওঁক খ্ৰীষ্টমাছৰ পূৰ্বৰ উদযাপনৰ বাবে সদিচ্ছা বাৰ্তা প্ৰদান কৰা হ'ব।

বিশেষকৈ,খ্ৰীষ্টমাছৰ পূৰ্বেই বিভিন্ন সম্প্ৰদায়ৰ লোকৰ অংশগ্ৰহণ দেখা গৈছে। বড়ো, ৰাভা, গাৰো, আদিবাসী সকলোৱে আখৰাত ভাগ লৈছে। তেওঁলোকে পৰম্পৰাগত পোছাক আৰু পৰম্পৰাগত সংগীত বাদ্যযন্ত্ৰৰ সৈতে আখৰাত অংশগ্ৰহণ কৰিছে।

Also Read: হোজাই জিলা কৰ্মচাৰী পৰিষদৰ সম্পাদক প্ৰণৱ চৌধুৰীৰ মৃত্যুত লামডিঙত শোকৰ ছাঁ

christmas kokrajhar