Advertisment

নগাঁৱৰ খ্ৰীষ্ট জ্যোতি বিদ্যালয়ত হকী আৰু ভলীবল প্ৰশিক্ষক শিবিৰ

নগাঁৱৰ খ্ৰীষ্ট জ্যোতি বিদ্যালয়ত হকী আৰু ভলীবল প্ৰশিক্ষক শিবিৰ

author-image
Asomiya Pratidin
New Update
নগাঁৱৰ খ্ৰীষ্ট জ্যোতি বিদ্যালয়ত হকী আৰু ভলীবল প্ৰশিক্ষক শিবিৰ

ডিজিটেল সংবাদ,নগাঁও : নগাঁৱৰ খ্ৰীষ্ট জ্যোতি বিদ্যালয়ে নগাঁও ক্ৰীড়া সন্থাৰ সহযোগত ১ মাৰ্চৰ পৰা ১০ দিনীয়া হকী আৰু ভলীবল প্ৰশিক্ষণ শিবিৰ এটি আয়োজন কৰিছে । শিবিৰটো ভাৰ্চুৱেলি শুভাৰম্ভ কৰে ছাত্ৰ আৰু যুৱ কল্যাণৰ ৰাজ্যিক পৰ্যায়ৰ পৰামৰ্শদাতা সমিতিৰ সদস্য সচিব গীতাৰ্থ গোস্বামীয়ে।

Advertisment

অনুষ্ঠানত এন এছ এৰ সাধাৰণ সম্পাদক তপন কুমাৰ দাস আৰু সাংবাদিক তথা এন এছ এৰ কোষাধ্যক্ষ অসীম ভাৱালে ছাত্ৰ ছাত্ৰীৰ জীৱনত ক্ৰীড়াৰ প্ৰয়োজনীয়তা সম্পৰ্কে আলোকপাত কৰে। উদ্বোধনী অনুষ্ঠানত উপস্থিত থাকে খ্ৰীষ্টজ্যোতিৰ অধ্যক্ষ আৰু স্থানীয় সমন্বয়ক জেমছ থাপা আৰু খ্ৰীষ্ট জ্যোতি স্কুল-চিবিএছইৰ অধ্যক্ষ ছিনিয়ৰ ৰছলিন চাইৰিয়াকৰ ।

তপন কুমাৰ দাসে এন এছ এৰ অন্যান্য সদস্য আৰু প্ৰশিক্ষকৰ সৈতে প্ৰায় ৪ লাখ টকাৰ হকী আৰু ভলীবলৰ সামগ্ৰী খ্ৰীষ্ট জ্যোতি স্কুল-চিবিএছক অৰ্পন কৰে । পয়েল দত্ত সাহা আৰু বিনিতা শইকীয়াই আঁত ধৰা কাৰ্যসূচীত সামগ্ৰিক শিক্ষাত ক্ৰীড়াৰ গুৰুত্বৰ ওপৰত আলোকপাত কৰা হয়।

খ্ৰীষ্ট জ্যোতি স্কুল-চিবিএছইৰ উপাধ্যক্ষ ষ্টাৰলাইট খংছিটে অনুষ্ঠানটোৰ এক আভাস প্ৰদান কৰি বিদ্যালয়খনৰ ইতিহাসৰ ওপৰত আলোকপাত কৰে। খ্ৰীষ্ট জ্যোতি স্কুল-চিবিএছইৰ প্ৰশাসক ফাডাৰ অনিলে নগাঁও ক্ৰীড়া সন্থা, অভিভাৱক, শিক্ষক, ছাত্ৰ-ছাত্ৰী আৰু শুভাকাংক্ষীসকলৰ সহায়ৰ বাবে আন্তৰিক কৃতজ্ঞতা জ্ঞাপন কৰে। এই শিবিৰটো ১০ দিনৰ বাবে চলিব ।

Also Read: চুণচালী প্ৰাথমিক বিদ্যালয়ৰ নৱনিৰ্মিত শ্ৰেণী কোঠাৰ শুভ উদ্ঘাটন

volleyball hockey Assam Sports