লোকে লোকাৰণ্য কামপুৰৰ ঐতিহাসিক মাধৱ থানৰ বাকৰি

নগাঁও জিলাৰ কামপুৰৰ ঐতিহাসিক শ্ৰী শ্ৰী মাধৱ থানত পাঁচদিনীয়াকৈ অনুষ্ঠিত হোৱা ভাগৱত পাঠ আৰু ব্যাখ্যা অনুষ্ঠানৰ মঙলবাৰে সফল সামৰণি পৰে ৷ প্ৰথম দিনৰ কাৰ্যসূচী অনুসৰি পুৱা বন্তি প্ৰজ্বলন কৰে জয়ধন বৰাই আৰু ধৰ্মধ্বজ উত্তোলন কৰে পদ্মকান্ত বৰদলৈয়ে ৷

author-image
Asomiya Pratidin
New Update
লোকে লোকাৰণ্য কামপুৰৰ ঐতিহাসিক মাধৱ থানৰ বাকৰি

ডিজিটেল সংবাদ, কামপুৰঃ নগাঁও জিলাৰ কামপুৰৰ ঐতিহাসিক শ্ৰী শ্ৰী মাধৱ থানত পাঁচদিনীয়াকৈ অনুষ্ঠিত হোৱা ভাগৱত পাঠ আৰু ব্যাখ্যা অনুষ্ঠানৰ মঙলবাৰে সফল সামৰণি পৰে ৷ প্ৰথম দিনৰ কাৰ্যসূচী অনুসৰি পুৱা বন্তি প্ৰজ্বলন কৰে জয়ধন বৰাই আৰু ধৰ্মধ্বজ উত্তোলন কৰে পদ্মকান্ত বৰদলৈয়ে ৷

Advertisment

পিছত ভকত বৈষ্ণৱৰ দ্বাৰা খোল-প্ৰসংগ আৰু নাম প্ৰসংগৰ পিছতেই প্ৰসাদ বিতৰণ, আদৰণি পৰ্ব, ভাগৱত স্থাপন কৰি ভাগৱতৰ শুভ উদ্বোধন কৰে কলাইখোৱাৰ লক্ষীন্দৰ মেধিয়ে ৷ পাঁচদিনীয়া ভাগৱত ব্যাখ্যা শ্ৰৱণ কৰিবলৈ মধ্য অসমৰ বহু ভক্তৰ সমাগম ঘটাৰ লগতে আজি অন্তিমটো দিনত লোকে লোকাৰণ্য হৈ পৰে থান প্ৰাংগণ । ভাগৱত পাঠ শ্ৰৱণ কৰিবলৈ যোৱা প্ৰতিজন ভক্তৰ মনোকামনা হোৱাৰ লগতে পাঠভাগৰ জৰিয়তে বিশ্ব শান্তিৰ কামনা কৰিছে আয়োজক সমিতিয়ে ।

Also Read: আমাক যিমান অত্যাচাৰ কৰিব সিমানেই শক্তিশালী হৈ যামঃ গৌৰৱ গগৈ

madhab than nagaon kampur