মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে সৰৱ হৈ উঠিছে বাঙালী যুৱ ছাত্ৰ ফেডাৰেশ্যন

মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে সৰৱ হৈ উঠিছে বাঙালী যুৱ ছাত্ৰ ফেডাৰেশ্যন

ডিজিটেল সংবাদ, চিলাপথাৰ: হিন্দুত্বৰ শ্লোগান দিয়া বিজেপি চৰকাৰৰ দিনত অসমত সুৰক্ষিত নহয় হিন্দু-বাঙালী লোক বুলি বিজেপিৰ বিৰুদ্ধে চাঞ্চল্যকৰ অভিযোগ উত্থাপন কৰিছে বাঙালী যুৱ ছাত্ৰ ফেডাৰেশ্যনৰ ৰাজ্যিক সম্পাদক অজিত নাথে। ইয়াৰ উপৰি হিন্দু বাঙালীক দিয়া প্ৰতিশ্ৰুতি পূৰণত হিমন্ত বিশ্ব শৰ্মাৰ বিজেপি চৰকাৰ ব্যৰ্থ হৈছে বুলি কোৱাৰ লগতে কেৱল ভোটৰ বেংকৰ স্বাৰ্থত বিজেপি দলে বাঙালী সকলক ব্যৱহাৰ কৰি আহিছে বুলিও অভিযোগ তুলিছে অজিত নাথে।

ভাৰতীয় নাগৰিক হোৱাৰ পাছতো ৰাষ্ট্ৰীয় নাগৰিক পঞ্জীৰ (NRC) ৰ পৰা ১৪ লাখ হিন্দু বাঙালীৰ নাম ষড়যন্তমূলকভাৱে কৰ্তন কৰি ব্ৰহ্মপুত্ৰ উপত্যকাত বসবাস কৰা ৫৫ লাখ হিন্দু বাঙালীক বিজেপিয়ে ভূমিহীন কৰাৰ চক্ৰান্ত কৰিছে বুলিও অভিযোগ কৰে ৰাজ্যিক সম্পাদক গৰাকীয়ে। যাৰ বাবে অনাগত দিনত ব্ৰহ্মপুত্ৰ ভেলীত বাঙালী হিন্দুসকল মৃত্যশৰ্যাত পৰিণত হ'ব বুলি ক্ষোভ প্ৰকাশ কৰে অজিত নাথে।

এনে বহু অভিযোগ তুলি বিজেপিৰ বিৰুদ্ধে আক্ৰমণাত্মক হৈ উঠিছে বাঙালী যুৱ ছাত্ৰ ফেডাৰেশ্যন। সংগঠনটোৰ ৰাজ্যিক সম্পাদক গৰাকীয়ে কয় যে, ২০১৬ চনত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে শিলচৰত এখন সভাত কৈছিল বিজেপি ক্ষমতাত আহিলে ডিটেনচন কেম্প ভাঙি দিয়া হ'ব । বাঙালী সকলৰ ডি-ভোটাৰ, বিদেশী সমস্যা সমাধান হ'ব কিন্তু কাৰ্যত বিজেপিয়ে ক্ষমতা দখল কৰিলেও প্ৰতিশ্ৰুতি পূৰণ কৰিব নোৱাৰিলে। ওলোটাই বিজেপি চৰকাৰে বাঙালী সকলক ৰাজনৈতিক হত্যাহে কৰিছে।

ইফালে চলিত বৰ্ষৰ ৩০ মে তাৰিখে চিলাপথাৰত অনুষ্ঠিত ফেডাৰেশ্যনৰ অধিৱেশনত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই ঘোষণা কৰিছিল যে, ট্ৰাইবেল ব্লেট-ব্লকত বসবাস কৰা বাঙালী অনুসূচিত জাতিৰ লোকে ভূমিৰ অধিকাৰ লাভ কৰিব কিন্তু অসাৰ প্ৰতিপন্ন হ'ল মুখ্যমন্ত্ৰীৰ এই ঘোষনাও। আজিও শদিয়া আৰু জোনাই ট্ৰাইবেল ব্লেট-ব্লকত বাঙালী সকলে ভূমিৰ অধিকাৰৰ পৰা বঞ্চিত হৈ আছে। বাঙালী হোৱাৰ বাবে বসুন্ধৰা আঁচনিৰ পৰা চক্ৰান্ত কৰি আঁতৰত ৰখা হৈছে বাঙালী সকলক। ৰাজনীতিৰ নামত বিজেপি নেতৃত্বাধীন হিমন্ত বিশ্ব শৰ্মাই বাঙালী সকলক কেৱল প্ৰবঞ্চনা আৰু প্ৰতাৰণা কৰি আহিছে বুলি গুৰুতৰ অভিযোগ তোলে ৰাজ্যিক সম্পাদক গৰাকীয়ে।

আগন্তুক লোকসভা নিৰ্বাচনৰ পূৰ্বে বাঙালীসকলৰ সমস্যা সমাধান নকৰিলে বিজেপিক ভোট দিয়াৰ পৰা বাঙালী সমাজ বিৰত থাকিব বুলি কৈ আগন্তুক দিনত যি দলে ৰাজনৈতিক অধিকাৰ ভূমি, ডি-ভোটাৰ বিদেশী সমস্যা সমাধানৰ প্ৰতিশ্ৰুতি দিব তাকে বাঙালী ৰাইজে নিৰ্বাচনত ভোট প্ৰদান কৰিব বুলি হুংকাৰ দিয়ে ফেডাৰেশ্যনৰ কৰ্মীসকলে।

ইফালে সমষ্টি পুনৰ নিৰ্ধাৰণৰ নামত উত্তৰ অসমৰ ৰাজনীতিত বাঙালীক দ্বিখণ্ডিত কৰা হৈছে। নৱগঠিত চিচিবৰগাওঁ সমষ্টি সংৰক্ষণ মুক্ত কৰা হৈছে যদিও আগন্তুক এশ বছৰৰ পাৰ হ'লেও এজনো বাঙালী বিধায়ক হোৱাৰ সম্ভাৱনা নাই বুলি মন্তব্য কৰি এইক্ষেত্ৰত বাঙালীসকলৰ ভূমিৰ সমস্যা, ডি ভোটাৰ, বিদেশী সমস্যা আদিৰ সমাধানৰ দাবীত অচিৰেই বিশাল প্ৰতিবাদী জনসভাৰ আয়োজন কৰা হ'ব বুলি ফেডাৰেশ্যনৰ নেতা কৰ্মীসকলে জনায়।

উল্লেখ্য যে শুকুৰবাৰে চিলাপথাৰৰ মাজৰবাৰীত অনুষ্ঠিত বাঙালী যুৱ ছাত্ৰ ফেডাৰেশ্যনৰ ধেমাজি জিলা সমিতিৰ শপত গ্ৰহণ অনুষ্ঠানত উপস্থিত থাকি এইদৰেই বিজেপি চৰকাৰৰ বিৰুদ্ধে সৰৱ পৰে সংগঠনটোৰ কেবাগৰাকীও বিষয়ববীয়া।

মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে সৰৱ হৈ উঠিছে বাঙালী যুৱ ছাত্ৰ ফেডাৰেশ্যন
মৰঙি চাহ বাগিচাত হাতীৰ মুক্ত বিচৰণ

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in