/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-04/8f791679-507e-4d42-96cb-d42cb3595b05/ghjj.jpg)
ডিজিটেল সংবাদ, মৰিগাঁওঃ নৰেন্দ্ৰ মোদী তৃতীয় বাৰৰ কাৰণে দেশৰ প্ৰধানমন্ত্ৰী হ'ব। মোদীক প্ৰধানমন্ত্ৰী হোৱাৰ পৰা আজিৰ তাৰিখত কোনেও ৰখাব নোৱাৰে - এই মন্তব্য অসম চৰকাৰৰ জলসম্পদ বিভাগৰ মন্ত্ৰী পীযুষ হাজৰীকাৰ। মৰিগাঁৱৰ বৰালিমাৰি জাপৰি নৱজ্যোতি ক্লাবৰ খেলপথাৰত আয়োজিত এখন বিশাল জনসভা সম্বোধন কৰি মন্ত্ৰীগৰাকীয়ে এই মন্তব্য কৰে।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-04/01880d93-1f56-4e74-8abe-6575efe30e95/65cb13c2_1410_452e_ac93_1edbdb688689.jpg)
মন্ত্ৰীগৰাকীয়ে কয় যে, ইয়াৰ পৰা যদি কংগ্ৰেছ দলক ভোট দিয়া হয়, তেন্তে ইয়াত একো কাম নহ'ব। কংগ্ৰেছক ভোট দিলে ভোটকেইটা নষ্ট হোৱাৰ বাদে আন একো নহয়।
আনহাতে, মন্ত্ৰীগৰাকীয়ে সমষ্টিটোৰ বৰ্তমানৰ সাংসদ প্ৰদ্যুত বৰদলৈক তীব্ৰ সমালোচনা কৰে। তেওঁ কয় যে, বিগত ৫ বছৰত সাংগদগৰাকীয়ে লাহৰীঘাটবাসীৰ খবৰ ল'বলৈ এদিনো নাহিল। লাহৰীঘাটৰ মূল সমস্যা গৰাখহনীয়া আৰু বানপানী, এই সমস্যাসমূহ সমাধান বিজেপি চৰকাৰে কৰিলে বুলি উল্লেখ কৰে।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-04/b56c0a5b-e38e-44b4-8ce4-322c748cdaab/b58970e8_66fa_4d4e_9a31_e62eb6c516d6.jpg)
তেওঁ কয় যে লাহৰীঘাটত আমি মথাউৰি বনালো, গৰাখহনীয়াৰ কাৰণে টকা আনিলো। আমি একো বাকী ৰখা নাই, পুঁজিও আমি আগতীয়াকৈ আনি দিলো। কিন্তু প্ৰদ্যুত বৰদলৈয়ে বাকী ৰাখি কামেই নকৰিলে। গতিকে মন্ত্ৰীগৰাকীয়ে ৰাইজক বিজেপিক ভোট দিবলৈ আহ্বান জনায়।
মন্ত্ৰীগৰাকীয়ে পুনৰ কয় যে আমি ৰেচন কাৰ্ড দিলো, অৰুণোদয় দিলো, আয়ুষ্মান কাৰ্ড দিলো, আগতে কংগ্ৰেছ চৰকাৰে এইবোৰ দিছিল নেকি বুলি প্ৰশ্ন কৰে। ৰেচন কাৰ্ড থাকিলে ৰাইজে কি কি সুবিধা পায়, মন্ত্ৰীগৰাকীয়ে সেই বিষয়েও সভাত ব্যাখ্যা দাঙি ধৰে। এতিয়া ছোৱালীবিলাকে চাইকেল পাইছে, স্কুটি পাইছে, নিবনুৱাই চাকৰি পাইছে কিন্তু আগতে কংগ্ৰেছৰ দিনত এইবোৰ একো পোৱা নাছিল বুলি মন্ত্ৰগৰাকীয়ে কয়।
লগতে কয় যে আপোনালোকে ইয়াত বছৰ বছৰ ধৰি কংগ্ৰেছক ভোট দিলে আৰু কংগ্ৰেছে আপোনালোকক দিলে অকল ফাঁকি। গতিকে এনেকুৱা পাৰ্টিক ভোট দিলে, ভোটকেইটা নষ্ট হ'ব । বানপানী, গৰাখহনীয়াৰ সমস্যাই গোটেই সমষ্টিটোক জুৰুলা কৰি পেলাইছিল। এটা পৰিয়ালে ইয়াত ৫০ বছৰ শাসনত থাকিল যদিও তেওঁলোকে এই সমস্যা সমাধান নকৰিলে বুলি উল্লেখ কৰি মন্ত্ৰীগৰাকীয়ে কয় যে এই সমস্যাসমূহ অকল বিজেপিয়ে সমাধান কৰিলে ।
মন্ত্ৰীগৰাকীয়ে উপস্থিত ৰাইজক পদুম ফুলৰ ছবিত ভোট দি বিকাশ আৰু প্ৰগতিৰ অনিৰুদ্ধ যাত্ৰাৰ বাবে বিজেপি দলৰ প্ৰাৰ্থী সুৰেশ বৰাক জয়ী কৰিবলৈ সকলোকে আহ্বান জনায়।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-04/78697645-1e5c-434b-acc0-1019c3ead1c1/89795359_b684_4d7a_ad49_6705015112d8.jpg)
একেদিনাই মন্ত্ৰীগৰাকীয়ে মৰিগাঁৱৰ গৰম বাজাৰৰ কাঠনি উচ্চ মাধ্যমিক বিদ্যালয় খেলপথাৰত আয়োজিত আন এখন বিশাল জনসভা সম্বোধন কৰে। সভাত ভাষণ দাঙি ধৰি মন্ত্ৰীগৰাকীয়ে কয় যে বিজেপিয়ে এইবাৰ ২৯৫ টা সমষ্টিত জয়লাভ কৰিব আৰু এন ডি এয়ে ৪২৫ টা সমষ্টিত জয়লাভ কৰিব।
তেওঁ আৰু কয় যে আজিকালি চৰকাৰ চলোৱা কঠিন কাম। অধিষ্ঠান বিৰোধী, প্ৰতিষ্ঠান বিৰোধী ঢৌ উঠে, ৫ বছৰৰ পাছে পাছে চৰকাৰ বদলি হয়। কিন্তু নৰেন্দ্ৰ মোদীয়ে ভাৰতবৰ্ষত সেই পৰিৱেশ নাইকিয়া কৰি দিছে। প্ৰথমবাৰ লাভ কৰে ২৭৪ টা সমষ্টি, দ্বিতীয়বাৰ জিকে ৩০৩ টা সমষ্টিত আৰু তৃতীয়বাৰ জিকিব প্ৰায় ৪০০ সমষ্টিত। এয়া সম্ভৱ হৈছে ভাৰতীয় জনতা পাৰ্টিৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ সুশাসনৰ বাবে।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-04/6c1b88ef-efdb-4a99-8f14-fbc8fbd123f2/a512ee87_8e31_4cc3_81a5_966a526c854e.jpg)
তেওঁ কয় যে আমি যদি আজি ভালকৈ কাম নকৰিলোহেঁতেন, নৰেন্দ্ৰ মোদীয়ে যদি ৰাইজৰ আশা-আকাংক্ষাবিলাক পূৰণ নকৰিলেহেঁতেন, কেতিয়াও আমি এনেদৰে বেছি বেছিকৈ আসন নিজিকিলোহেতেন। মন্ত্ৰীগৰাকীয়ে ভাষণত আজিৰ পৰা ১০ বছৰ পূৰ্বৰ কংগ্ৰেছ চৰকাৰৰ ইন্দিৰা আবাস যোজনাৰ ঘৰৰ কথা উল্লেখ কৰে। তেওঁ কয় যে কংগ্ৰেছ চৰকাৰৰ দিনত ইন্দিৰা আবাস যোজনাৰ গৃহবিলাক আছিল সৰু সৰু একো একোটা ঘৰ। ঘৰ নিৰ্মাণৰ বাবদ দিয়া হৈছিল ৭৫ হাজাৰ টকা।
আকৌ ঘৰ নিৰ্মাণৰ নামত পঞ্চায়তৰ মানুহ, ঠিকাদাৰ, বিধায়কে টকা খাইছিল। কিন্তু এতিয়া প্ৰধানমন্ত্ৰী আবাস যোজনাৰ ঘৰৰ বাবে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ডেৰ লাখ টকা দিয়াৰ ব্যৱস্থা কৰিলে। এই ঘৰ নিৰ্মাণৰ বাবদ কোনো ঠিকাদাৰ, মধ্যভোগীয়ে টকা খাব নোৱাৰে। সমস্ত টকা ঘৰৰ গৰাকীক দিয়া হয়, যাৰ বাবে ঘৰসমূহ সুন্দৰকৈ দুটা কোঠাৰ বনাব পাৰে। এয়াই কংগ্ৰেছৰ সৈতে বিজেপিৰ পাৰ্থক্য বুলি মন্ত্ৰীগৰাকীয়ে কয়।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-04/248961fe-5a89-4c9a-835a-9916e8f0b65f/83078a85_77ce_475f_9b13_dc4999a42e67.jpg)
আনহাতে, অকল জাগীৰোড আৰু মৰিগাঁও উন্নত হলেই এখন উন্নত মৰিগাঁও কেতিয়াও হব নোৱাৰে বুলি মন্ত্ৰী পীযুষ হাজৰীকাই মন্তব্য কৰে। লাহৰীঘাটৰ প্ৰতিখন গাঁও, প্ৰতিটো চুবুৰী উন্নত হলেহে মৰিগাঁও জিলা উন্নত হব বুলি কয় মন্ত্ৰীগৰাকীয়ে। মন্ত্ৰীগৰাকীয়ে অহা ২৬ এপ্ৰিলত কংগ্ৰেছক ইয়াৰ সকলোকে খেদি পঠিয়াবলৈ সকলোকে বিজেপিক ভোট দিবলৈ আহ্বান জনায়।
উল্লেখ্য যে মন্ত্ৰীগৰাকীয়ে আজি জিলাখনত কেবাখনো ৰাজহুৱা সভা সম্বোধন কৰে। মন্ত্ৰীগৰাকীৰ প্ৰতিখন সভাতে ১০ৰ পৰা ১৫ সহস্ৰাধিক লোকৰ সমাগম হয়। ৰাইজে উত্সাহ-উদ্দীপনীৰে মন্ত্ৰীগৰাকীক ভাষণৰ মাজতে হাত চাপৰি বজাই ব্যাপক সঁহাৰি জনোৱা পৰিলক্ষিত হয়।
Also Read: ন-দুৱাৰ সমষ্টিৰ বিধায়ক পদ্ম হাজৰিকাৰ ভোটগ্ৰহন কেন্দ্ৰ পৰিদৰ্শন