কৰৈয়নী বাৰগঞা মন্দিৰত আশীষ ল'লে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই

মন্দিৰভাগ নিৰ্মাণ কৰি দিয়াৰ প্ৰতিশ্ৰুতি...

author-image
Asomiya Pratidin
New Update
কৰৈয়নী বাৰগঞা মন্দিৰত আশীষ ল'লে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই

ডিজিটেল সংবাদ,উৰিয়াগাঁও: নগাঁও-বটদ্রৱা সমষ্টিৰ অন্তৰ্গত কৰৈয়নীৰ বাৰগঞা মন্দিৰত বিয়লি মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা উপস্থিত হৈ মন্দিৰত আশীষ লয়।মুখ্যমন্ত্ৰী গৰাকীক কাষত পায় ভকত-বৈষ্ণৱ সকল আনন্দিত হৈ পৰে। ইয়াৰ পিছতে বাৰগঞা সমাজৰ বিষয়ববীয়া আৰু স্থানীয় ৰাইজৰ লগত মুখ্যমন্ত্ৰী শৰ্মা এক চমু আলোচনাত মিলিত হয়।মন্দিৰ সমিতিৰ তৰফৰ পৰা মুখ্যমন্ত্ৰী গৰাকীক ফুলাম গামোছা, চেলেং, জাপি আৰু শৰাইৰে সম্বৰ্ধনা জনোৱা হয়।

Advertisment

অনুষ্ঠানত বাৰগঞা সমাজৰ সম্পাদক দিলীপ বৰাই মন্দিৰ ভাগৰ বিভিন্ন সমস্যাৰ বিষয়ে মুখ্যমন্ত্ৰী গৰাকীক দৃষ্টিগোচৰ কৰে।মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই বাৰগঞা মন্দিৰভাগ পুনৰ নিৰ্মাণ কৰাৰ প্ৰয়োজনীয়তা আছে বুলি উল্লেখ কৰি মন্দিৰটো উন্নয়নৰ ক্ষেত্ৰত দৃঢ় পদক্ষেপ গ্ৰহণ কৰা হব বুলি ৰাইজক প্ৰতিশ্ৰুতি প্ৰদান কৰে।অনুষ্ঠানটোত মুখ্যমন্ত্ৰী গৰাকীক সংগ প্ৰদান কৰে বিধায়ক ৰূপক শৰ্মা আৰু জিতু গোস্বামীয়ে।

মুখ্যমন্ত্ৰীগৰাকী উপস্থিত থকা এই অনুষ্ঠানত বাৰগঞা সমাজৰ সভাপতি নবীন চন্দ্ৰ গোস্বামী, বিজেপি নেতা সুৰেশ বৰা,বাবুল বৰাকে ধৰি বাৰগঞা সমাজৰ বহু বিষয়ববীয়া, সদস্য আদি উপস্থিত থাকে।

অনুষ্ঠানৰ অন্তত ভয়াবহ বানৰ কবলত পৰি মথাউৰি ভঙা সন্দৰ্ভত সংবাদ মাধ্যমৰ আগত মুখ্যমন্ত্ৰী শৰ্মাই বিজেপি চৰকাৰৰ দিনত চাৰিটা মথাউৰি ভাগিছে,কিন্তু কংগ্ৰেছৰ চৰকাৰৰ দিনত তিনিশতকৈও অধিক মথাউৰি ভাঙিছে বুলি দায়সৰা মন্তব্য প্ৰদান কৰে।

Also Read: শক্তিমন্ত্ৰী গেলিছে গোন্ধাইছে! বিহপুৰীয়াত শক্তি বিভাগৰ বিৰুদ্ধে আছুৰ প্ৰতিবাদ...

himanta biswa sarma