শক্তিমন্ত্ৰী গেলিছে গোন্ধাইছে! বিহপুৰীয়াত শক্তি বিভাগৰ বিৰুদ্ধে আছুৰ প্ৰতিবাদ...

শক্তিমন্ত্ৰী গেলিছে গোন্ধাইছে! বিহপুৰীয়াত শক্তি বিভাগৰ বিৰুদ্ধে আছুৰ প্ৰতিবাদ...

author-image
Asomiya Pratidin
New Update
শক্তিমন্ত্ৰী গেলিছে গোন্ধাইছে! বিহপুৰীয়াত শক্তি বিভাগৰ বিৰুদ্ধে আছুৰ প্ৰতিবাদ...

ডিজিটেল সংবাদ,বিহপুৰীয়া: শক্তিমন্ত্ৰী গেলিছে গোন্ধাইছে,শক্তি বিভাগ হায় হায়, বিজেপি চৰকাৰ মুৰ্দাবাদ আদি ধ্বনিৰে বুধবাৰে উত্তাল হৈ পৰে বিহপুৰীয়াৰ পৰিৱেশ৷ অসম শক্তি বিতৰণ কোম্পানীৰ অন্তৰ্গত বিহপুৰীয়া বিদ্যুৎ উপ সংমণ্ডলৰ অধীনস্থ বিদ্যুৎ গ্ৰাহক সকলক নিয়মীয়া বিদ্যুৎ যোগানৰ দাবীতে আছুৰ উত্তৰ লখিমপুৰ মহকুমা সমিতিয়ে আজি বিহপুৰীয়াৰ পৰিৱেশ উত্তাল কৰি তোলে।

Advertisment

আছুৰ শতাধিক নেতা কৰ্মীয়ে ২৪ ঘন্টা বিদ্যুৎ যোগান ধৰিম বুলি প্ৰতিশ্ৰুতি দিয়া হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন চৰকাৰক কঠোৰ ভাষাৰে সমালোচনা কৰি শীঘ্ৰে বিদ্যুৎ যোগান নিয়মীয়া কৰাৰ দাবী জনায়। অন্যথা আগন্তুক সময়ত তীব্ৰ আন্দোলন গঢ়ি তোলাৰ ভাবুকি দিয়ে ৷

প্ৰতিবাদৰ অন্তত প্ৰতিবাদকাৰী সকলে উক্ত স্থানত উপস্থিত হোৱা বিহপুৰীয়া ৰাজহ চক্ৰৰ চক্ৰ বিষয়া জয়প্ৰকাশ মহন্তৰ জড়িয়তে মহকুমা ছাত্ৰ সন্থাৰ সভাপতি আৰু সম্পাদক ক্ৰমে জ্যোতিৰ্ময় হাজৰিকা আৰু লিটু গগৈ স্বাক্ষৰিত এখন স্মাৰক পত্ৰ মুখ্যমন্ত্ৰীলৈ প্ৰেৰণ কৰে ৷ উল্লেখযোগ্য যে সঘন লোড শ্বেডিঙে জলা কলা খুওৱা বিদ্যুৎ গ্ৰাহক সকলে সঘনাই বিহপুৰীয়া বিদ্যুৎ উপ সংমণ্ডলৰ কাৰ্যালয়ত প্ৰতিবাদ সাব্যস্ত কৰি আহিছে যদিও বৰ্তমানেও গা লৰা নাই বিভাগটোৰ ৷

Also Read: নগাঁও চিকিৎসা মহাবিদ্যালয় আৰু চিকিৎসালয়ত বিশ্ব স্তনপান সপ্তাহ উদযাপন

aasu protest