জলপ্ৰপাতত গা ধুবলৈ গৈ বেবেজীয়াৰ হিমাংশুৰ কৰুণ মৃত্যু...

জলপ্ৰপাতত গা ধুবলৈ গৈ বেবেজীয়াৰ হিমাংশুৰ কৰুণ মৃত্যু...

author-image
Asomiya Pratidin
New Update
জলপ্ৰপাতত গা ধুবলৈ গৈ বেবেজীয়াৰ হিমাংশুৰ কৰুণ মৃত্যু...

ডিজিটেল সংবাদ, বেবেজীয়াঃ বন্ধুৰ সৈতে মেঘালয়ৰ নৈসৰ্গিক শোভা উপভোগ কৰিবলৈ গৈ কৰুণ মৃত্যুক সাৱটি ল'লে বেবেজীয়া সমীপৰ গোসাঁইবৰিৰ এজন সম্ভাৱনাময় মেধাৱী ছাত্ৰ হিমাংশু ডেকাই। চেৰাপুঞ্জীৰ চহৰাত জলপ্ৰপাত বন্ধুৰ সৈতে গা ধুবলৈ গৈছিল নগাঁও জিলাৰ জাজৰি আৰক্ষী থানাৰ প্ৰদীপ ডেকা আৰু অঞ্জনা ডেকাৰ একমাত্ৰ পুত্ৰ হিমাংশু ডেকা ওৰফে মুনুয়ে(২৩)।

Advertisment

জানিব পৰা মতে, শনিবাৰে নগাঁৱৰ চাৰি বন্ধুৰ সৈতে মেঘালয়লৈ যাত্ৰা কৰিছিল হিমাংশুয়ে। তেওঁ দিনৰ প্ৰায় ১১বজাত মাতৃলৈ ফোন কৰি মেঘালয় পোৱাৰ কথা সদৰী কৰে যদিও কিছুসময়ৰ পাছতেই এই দু:সংবাদটো আহে। চেৰাপুঞ্জীৰ চহৰাত এক জলপ্ৰপাত গা ধুবলৈ গৈ সন্ধানহীন হয় যুৱকজন। অৱশ্যে পাছত তেওঁৰ মৃতদেহ উদ্ধাৰ কৰা হয়।

দেওবাৰে মেঘালয়ৰ পৰা মৃতদেহ নগাঁৱৰ নিজা ঘৰলৈ লৈ আনি শেষকৃত্য সম্পন্ন কৰে। অতি অমায়িক আৰু মেধাবী ছাত্ৰজনৰ কৰুণ মৃত্যুয়ে সমগ্ৰ হাতীচোং অঞ্চলত শোকৰ ছাঁ পেলায়। তেওঁ বিগত বৰ্ষত বিজ্ঞান শাখাত স্নাতক ডিগ্ৰী লাভ কৰি গুৱাহাটীত এক ব্যক্তিগত কোম্পানীত কৰ্মৰত আছিল।

Also Read: বৰষুণ বিচাৰি বালিপৰাৰ বামগাঁও চাহবাগিছাত হোম যজ্ঞ...

bebejiya