/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-04/9caa7116-b7ff-45e2-bcd9-f792ec91bbf5/deuri_bihu.jpg)
ডিজিটেল সংবাদ, নাৰায়ণপুৰ : অসমৰ অন্যতম ভূমিপুত্ৰ দেউৰীসকলৰ আজি ইবাঁকু বিচ্চূ। পৰম্পৰা অনুসৰি জনগোষ্ঠীটোৰ লোকসকলে ব'হাগ মাহৰ প্ৰথমটো বুধবাৰে বিহুৰ উৰুকা আৰু বৃহস্পতিবাৰে বিহু পালন কৰে।
বুধবাৰে দেওশালত পূজা-অৰ্চনা কৰি সন্ধিয়াৰ পৰা বৃহস্পতিবাৰৰ পুৱালৈকে ওৰে ৰাতি ডেকা-গাভৰুসকলে গাঁৱৰ বৰপূজাৰীৰ ঘৰৰ চোতালত বোকা বিহু মাৰি আনন্দত মতলীয়া হয় । বৃহস্পতিবাৰে বিহুৰ দিনা পুৱা গাঁৱৰ বয়োজ্যেষ্ঠসকলে ঘৰে ঘৰে সূৰ্যক সাক্ষী কৰি পূজা-অৰ্চনাৰ জৰিয়তে সকলোৰে মংগল কামনা কৰে ।
আনহাতে মহিলাসকলে ঘৰে ঘৰে তেওঁলোকৰ পৰম্পৰাগত খাদ্য প্ৰস্তুত কৰি অতিথি আপ্যায়নৰ ব্যৱস্থা কৰে । জনগোষ্ঠীটোৰ লোকসকলে অতি উলহ-মালহেৰে হেঁপাহৰ বিহুটি উদযাপন কৰাৰ বাবে সাঁজু হৈ উঠিছে ।
ৰাজ্যৰ অন্যান্য অঞ্চলৰ সমান্তৰালকৈ লখিমপুৰ জিলাৰ বৃহত্তৰ নাৰায়ণপুৰ অঞ্চলৰ বৰদেউৰী, মাজৰচাপৰি ,বৰচাপৰি, কিনাপথাৰ ,পিছলা দেউৰী গাঁও,জয়পুৰ-পিছলা দেউৰী গাঁও,লংকাপুৰ,কাচিকতা,পিঠাগুৰি দেউৰী গাঁওকে ধৰি দেউৰী অধ্যুষিত এলেকাসমূহত অতি উলহ-মালহেৰে উদযাপন কৰিছে হেঁপাহৰ ব'হাগ বিহু। ঢোল-পেঁপাৰ মাতত মুখৰিত হৈ পৰিছে সমগ্ৰ পৰিবেশ।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-04/90002bab-0041-4fe6-b011-71580520336c/766d43fc_d263_409e_b64f_5428d705551e.jpg)
Also Read: টাই পৰম্পৰা ৰীতি-নীতিৰে অসম ফুৰালুং সমাজৰ সোণালী জয়ন্তী অধিৱেশনৰ লাইখুঁটা স্থাপন