/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-09/ac93e1d5-5a82-42e6-9eaf-859a4b115d0b/197.jpg)
ডিজিটেল সংবাদ,বটদ্ৰৱা : নগাঁও জিলাৰ বটদ্ৰৱা সমষ্টিৰ অন্তৰ্গত খালৈ গাঁৱৰ শংকৰ মন্দিৰ প্ৰাংগনত এখনি স্বাস্থ্য মেলাৰ আয়োজন কৰা হয়। বৃহস্পতিবাৰে পশ্চিম নগাঁও জিলা জ্যেষ্ঠ নাগৰিক সন্মিলনৰ উদ্যোগত বুঢ়াগোহাঁই থান প্ৰাথমিক স্বাস্থ্যকেন্দ্ৰৰ ব্যৱস্থাপনাত বিশেষ স্বাস্থ্য মেলাৰ আয়োজন কৰা হয়।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-09/bcc159d8-0888-461d-8041-3938e93c1dcb/15f43cb5_7d81_46ea_b39c_c974370c5ff0.jpg)
এই স্বাস্থ্য মেলাত সমল ব্যক্তি হিচাপে উপস্থিত থাকে নগাঁও জিলা যুটীয়া স্বাস্থ্য সঞ্চালক ডা০ অৰূপ জ্যোতি মহন্ত। ইফালে অনুষ্ঠানটিৰ শুভ উদ্বোধন কৰে প্ৰাক্তন যুটীয়া স্বাস্থ্য সঞ্চালক ডা০ অতুল চন্দ্ৰ পাটৰে।
সমল ব্যক্তি তথা জিলা যুটীয়া স্বাস্থ্য সঞ্চালক ডা০ অৰূপ জ্যোতি মহন্তই ভাষণ প্ৰসংগত কেতবোৰ গুৰুত্বপূৰ্ণ বক্তব্য প্ৰদান কৰে। তেওঁ কয়- “স্বাস্থ্য সেৱাৰ আঁচনিসমূহক জনসাধাৰণৰ অধিক ওচৰ চপাই নিয়াৰ উদ্দেশ্যেৰে সমগ্ৰ দেশজুৰি আৰম্ভ হৈছে আয়ুস্মান ভৱ অভিযান।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-09/616748e7-e385-44aa-9604-57191fe970dc/e9214314_1ee9_4317_a4fc_fe805a2ced5f.jpg)
স্বাস্থ্য সেৱাৰ সুবিধা আৰু আঁচনিসমূহ সমাজৰ প্ৰতিটো শ্ৰেণীৰ লোকে যাতে সহজতে লাভ কৰিব পাৰে তাৰ বাবেই চৰকাৰে এই পদক্ষেপ গ্ৰহন কৰিছে। আয়ুষ্মান ভৱ অভিযানৰ অন্তৰ্গত প্ৰধানমন্ত্ৰী জন আৰোগ্য যোজনা তথা মুখ্যমন্ত্ৰী জন আৰোগ্য যোজনাৰ অধীনত আয়ুস্মান ভাৰত কাৰ্ড সমূহৰ বিতৰণ, আভা পৰিচয় ক্ৰমাংক তৈয়াৰ কৰা, সংক্ৰমিত-অসংক্ৰমিত ৰোগ নিৰ্ণয়কৰণ, মাতৃ আৰু শিশু স্বাস্থ্যৰ ওপৰত গুৰুত্বৰ প্ৰদান কৰা, জ্যেষ্ঠ নাগৰিক স্বাস্থ্যৰ যতন, ৰোগ নিৰ্মূল কৰণৰ ক্ষেত্ৰত ৰাইজৰ মাজত সজাগতা আৰু পৰীক্ষাৰ ওপৰত জোৰ দিয়াকে আদি কৰি বিভিন্ন স্বাস্থ্য সম্বন্ধীয় বিষয় সাঙুৰি লোৱা হৈছে।”
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-09/ce4317be-4ae4-4642-b959-3e37c5f88fee/e9214314_1ee9_4317_a4fc_fe805a2ced5f.jpg)
উক্ত অনুষ্ঠানটিৰ আঁত ধৰে নাগৰিক সন্মিলনৰ সম্পাদক বিষ্ণু ৰাম বৰাই। অনুষ্ঠানত ভালেসংখ্যক বিষয়া-কৰ্মচাৰী উপস্থিত থাকে। জিলা আঁচনি প্ৰবন্ধক অনিৰ্বাণ বৰঠাকুৰ, ডা০ মুকুট ডেকা,ডা০ কবিতা বৰুৱা,ডা০ যফেৰ,মঃ ইৰচাদ,সুমন জ্যোতি বৰগোহাঁইকে ধৰি ৰাষ্ট্ৰীয় স্বাস্থ্য মিচনৰ কাৰ্যকতা অশোক শৰ্মা,জয়ন্ত ভূঞা,মলয়া আদিত্য,বাবুমনি শইকীয়া আদি উপস্থিত থাকে ৷
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-09/f8e5e746-630b-4e16-a820-e18ff95ff0dc/fca9fbc9_2a78_4958_ac1c_3f8daadd5568.jpg)
উদ্যোক্তাই জনোৱা অনুসৰি স্বাস্থ্য মেলাত বৃহত্তৰ অঞ্চলটোৰ প্ৰায় ৩ শতাধিক ৰোগীক ভালে কেইগৰাকী অভিজ্ঞ চিকিৎসকে স্বাস্থ্য পৰীক্ষা কৰে। লগতে ভ্ৰাম্যমাণ ৰোগ পৰীক্ষা ভেনৰ জৰিয়তে ৰোগীসকলৰ বিভিন্ন পৰীক্ষা সম্পন্ন কৰা হয় ৷
উল্লেখযোগ্য যে পশ্চিম নগাঁও জ্যেষ্ঠ নাগৰিক সন্মিলনে উদ্যোগ লৈ স্বাস্থ্য মেলাখন অনুষ্ঠিত কৰাত স্বাস্থ্য বিভাগৰ লগতে অনুষ্ঠানটোক সকলোৱে প্ৰশংসা কৰিছে।
Also Read: হাউলীৰ গলিয়াত অগ্নিকাণ্ড : নিহত শিশু