হাউলীৰ গলিয়াত অগ্নিকাণ্ড : নিহত শিশু

হাউলীৰ গলিয়াত অগ্নিকাণ্ড : নিহত শিশু

author-image
Asomiya Pratidin
New Update
হাউলীৰ গলিয়াত অগ্নিকাণ্ড : নিহত শিশু

ডিজিটেল সংবাদ,সৰভোগ : মৰ্মান্তিক,হৃদয়বিদাৰক ঘটনা সংঘটিত হৈছে হাউলী গলিয়া গাঁৱত। ভয়ংকৰ অগ্নিকাণ্ডত অকাল মৃত্যু এটি দেৱশিশুৰ। চিলিণ্ডাৰ বিস্ফোৰণৰ ফলতে সংঘটিত হয় এই ঘটনা।

Advertisment

ইয়াৰোপৰি দুটাকৈ বাসগৃহত অগ্নিকাণ্ড সংঘটিত হোৱা বুলি জানিব পৰা গৈছে। গাঁৱখনৰ ৰফিক ইছলাম নামৰ লোকজনৰ বাসগৃত অগ্নিকাণ্ডৰ সূত্ৰপাত হয়। ফলত বিছনাত শুই থকা অৱস্থাতে শিশুটিৰ দেহত জুই লাগি অকাল মৃত্যুক আঁকোৱালি লয়।

আনহাতে অগ্নিকাণ্ডৰ ফলত কেইবা লক্ষাধিক টকাৰ সা-সামগ্ৰী জুইত জাহ যায়। গলিয়া গাঁৱত সংঘটিত এই ঘটনাই সমগ্ৰ অঞ্চলটোতে শোকৰ ছাঁ পেলাইছে।

Also Read: ধুবুৰীত বিশ্ব জলাতংক দিৱস পালন

fire