/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-09-30/h1vz1d4n/nagaon-30.jpg)
নগাঁও পৌৰসভাৰ উদ্যোগত ছাফাই কৰ্মচাৰীৰ স্বাস্থ্য পৰীক্ষা শিৱিৰ সম্পন্ন
ডিজিটেল সংবাদ, নগাঁও: নগাঁও পৌৰসভাৰ উদ্যোগত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ জন্মদিন উপলক্ষে ১৭ ছেপ্তেম্বৰ পৰা নগাঁৱৰ বিভিন্ন অঞ্চলত বিভিন্ন সেৱামূলক কাৰ্যসূচী চলি আছে। এই সেৱামূলক কাৰ্যসূচীৰ অংশ হিচাপে 'স্বচ্ছতা হি সেৱা' শীৰ্ষক এক কাৰ্যসূচী আজি নগাঁও মাৰোৱাৰী হৰিজন কলনিৰ সামুহিক সভা গৃহত নেচনেল ইঞ্চিউৰেঞ্চ কম্পেনি লিমিটেডৰ সহযোগত এক স্বাস্থ্য পৰীক্ষা শিৱিৰ অনুষ্ঠিত হয়।
এই শিৱিৰত নগাঁও পৌৰসভাৰ ছাফাই কৰ্মচাৰী আৰু পৰিয়ালৰ আন আন সদস্যসকলক ব্লাড প্ৰেছাৰ, চুগাৰ পৰীক্ষা, চকু পৰীক্ষাকে ধৰি বিভিন্ন স্বাস্থ্য পৰীক্ষা অভিজ্ঞ চিকিৎসকসকলৰ সহায়ত কৰোৱা হয়। পুৱা দহ বজাৰ পৰা দুপৰীয়া দুই বজালৈকে অনুষ্ঠিত এই শিৱিৰত প্ৰায় ১৩০ গৰাকী ব্যক্তিৰ স্বাস্থ্য পৰীক্ষা কৰা হয়।
এই 'স্বচ্ছতা হি সেৱা-২০২৪' কাৰ্যসূচী ২ অক্টোবৰ ২০২৪ ত সামৰণি পৰিব। আজিৰ স্বাস্থ্য পৰীক্ষা শিৱিৰত অভিজ্ঞ চিকিৎসকৰ লগতে নেচনেল ইঞ্চিউৰেঞ্চ কোম্পানি লিমিটেডৰ বিষয়াসকলৰ লগতে নগাঁও পৌৰসভাৰ বিষয়া কৰ্মচাৰীসকল উপস্থিত থাকে।
Also Read: দাৰুল উলুম মাদ্ৰাছাৰ উদ্যোগত মাদক দ্ৰৱ্যৰ বিৰুদ্ধে প্ৰতিবাদী সমদল...
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us