/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-04/145c4fa5-4359-43ad-8c9b-c8a24edbc6d1/hanuman.jpg)
ডিজিটেল সংবাদ ,বঢ়মপুৰ : আজি হনুমান জয়ন্তী। ৰাজ্যৰ প্ৰান্তে প্ৰান্তে পালন কৰা হৈছে হনুমান জয়ন্তী। নগাঁও জিলাৰ ঐতিহ্যাসিক বঢ়মপুৰৰ মাজমজিয়াত অৱস্থিত নৱনিৰ্মিত হনুমান মন্দিৰত তিনিদিনীয়াকৈ আৰম্ভ হোৱা ১৯ তম বাৰ্ষিক শ্ৰী শ্ৰী হনুমান জয়ন্তী মহোৎসৱ অনুষ্ঠানৰ বৃহস্পতিবাৰে সামৰণি পৰে ।
সেই উপলক্ষে আজি দুপৰীয়া ১২ বজাৰ পৰা আৰম্ভ হৈছে ১০৮ বাৰ হনুমান চালিছা পাঠ আৰু যজ্ঞৰ পূৰ্ণাহুতি, লগতে আয়োজক সমিতিয়ে জনোৱা অনুসৰি সন্ধিয়া আৰতি আৰু নিশালৈ ভজন ,স্থানীয় দিহানাম দলৰ দ্বাৰা দিহানাম প্ৰদৰ্শন কৰা হ'ব ।
Also Read: "ছাৰ মোক ভাল কৰি দিয়ক" : দুৰ্ভগীয়া ছাত্ৰীৰ আহ্বানৰ পাছত কি ক'লে মুখ্যমন্ত্ৰী শৰ্মাই