প্ৰসংগ-লখিমপুৰৰ এনকাউণ্টাৰঃ আৰক্ষীয়ে ক'লে- 'অসাৱধানতাৰ বাবে ফুটিল গুলী'

প্ৰসংগ-লখিমপুৰৰ এনকাউণ্টাৰঃ আৰক্ষীয়ে ক'লে- 'অসাৱধানতাৰ বাবে ফুটিল গুলী'

author-image
Asomiya Pratidin
New Update
প্ৰসংগ-লখিমপুৰৰ এনকাউণ্টাৰঃ আৰক্ষীয়ে ক'লে- 'অসাৱধানতাৰ বাবে ফুটিল গুলী'

ডিজিটেল সংবাদ, লখিমপুৰঃ লখিপুৰত আৰক্ষী অধীক্ষক হিচাপে আনন্দ মিশ্ৰৰ যোগদানৰ পাছত দেওবাৰৰ নিশা ফুটিল প্ৰথমটো গুলী ৷ আৰক্ষীৰ গুলীত আহত হ’ল বঙালমৰাৰ ২নং ইচলামপুৰৰ আনাৰুল ইছলাম নামৰ এজন যুৱক৷ আহত আনাৰুল ইছলামক চিকিৎসাৰ বাবে ভৰ্তি কৰোৱা হয় লখিমপুৰ চিকিৎসা মহাবিদ্যালয় হাস্পতালত।

Advertisment

আৰক্ষীৰ জিম্মাত থকা আনাৰুলক লগত লৈ ভাতৃ চাদ্দাম হোছেইনক বিচাৰি অভিযান চলাওঁতে এই ঘটনা সংঘটিত হয় ৷ যি ঘটনাই ব্যাপক চৰ্চা লাভ কৰে সমগ্ৰ ৰাজ্যত। পিছে অসাৱধান বশতঃহে এই ঘটনা সংঘটিত হয়। এই স্পষ্টিকৰণ খোদ আৰক্ষীৰ।

আৰক্ষীৰ এই মন্তব্যৰ পাছত প্ৰতিক্ৰিয়া সৃষ্টি হৈছে সচেতন মহলত। আৰক্ষীৰ এটা গুৰুত্বপূৰ্ণ অভিযানত কি দৰে অসাৱধানতাৰে গুলী ফুটিব পাৰে সেয়া যেন ৰহস্যৰ বিষয়। আনহাতে কিয় বা কি গোচৰত অভিযান চলাইছিল সেয়াও এই পৰ্যন্ত স্পষ্ট কৰা নাই আৰক্ষীয়ে৷

Also Read: ৰুষ্ট প্ৰকৃতিঃ প্ৰাণ হেৰুৱালে ৭ জনকৈ লোকে, সন্ধানহীন...

Assam police