মায়ং প্ৰাথমিক বিদ্যালয়ত বাৰ্ষিক সাংস্কৃতিক অনুষ্ঠান

মায়ং প্ৰাথমিক বিদ্যালয়ত বাৰ্ষিক সাংস্কৃতিক অনুষ্ঠান

ডিজিটেল সংবাদ,মায়ং : মৰিগাঁও জিলাৰ পশ্চিম প্ৰান্তত অৱস্থিত মায়ং প্ৰাথমিক শিক্ষা খণ্ডৰ অন্তৰ্গত মায়ং প্ৰাথমিক বিদ্যালয়ত বুধবাৰে দিনজোৰা কাৰ্যসূচীৰে বাৰ্ষিক সাংস্কৃতিক অনুষ্ঠান অনুষ্ঠিত হয়। ১৯০৪ চনতে স্থাপিত মায়ঙৰ প্ৰাথমিক শিক্ষাৰ অগ্ৰণী শিক্ষানুষ্ঠানখনে ছাত্ৰ-ছাত্ৰীসকলৰ সুপ্ত প্ৰতিভা বিকাশৰ উদ্দেশ্যে প্ৰতি বছৰে বাৰ্ষিক সাংস্কৃতিক অনুষ্ঠান আয়োজন কৰি আহিছে।

এই বেলি কিছু পলমকৈ বিদ্যালয়খনে সাংস্কৃতিক অনুষ্ঠান অনুষ্ঠিত কৰে। এই অনুষ্ঠানৰ মুকলি সভাত সভাপতিত্ব কৰে মায়ং আঞ্চলিক উন্নয়ন সমিতিৰ সভাপতি তথা সমাজ কৰ্মী প্ৰফুল্ল ভূঞাই।

বিদ্যালয়ৰ প্ৰধান শিক্ষক মিহিৰ হাজৰিকাই সভাৰ উদ্দেশ্য ব্যাখ্যা কৰি বিদ্যালয়ৰ শিক্ষক- শিক্ষয়িত্ৰী আৰু পৰিচালনা সমিতিৰ সহযোগত বিদ্যালয়ৰ ঐতিহ্য ধৰি ৰখাৰ প্ৰয়াসেৰে ধাৰাৱাহিকভাৱে সাংস্কৃতিক অনুষ্ঠান অনুষ্ঠিত কৰি অহা বুলি উল্লেখ কৰে। বিদ্যালয়খনৰ প্ৰাক্তন ছাত্ৰ তথা শিক্ষক নৱ ৰাজনে অনুষ্ঠানৰ আঁত ধৰে।

অনুষ্ঠানত ভালেকেইগৰাকী গন্য়মান্য ব্যক্তি উপস্থিত থাকি সৌষ্ঠৱ বৃদ্ধি কৰে। ইয়াৰে ভিতৰত মায়ং আঞ্চলিক মহাবিদ্যালয়ৰ নৱ নিযুক্ত অধ্যক্ষ ড° ৰঞ্জিত কুমাৰ কলিতা, অধ্যাপিকা কবিতা মেধি বিষয়া,মিনাক্ষী তামুলী,মায়ং উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ জ্যেষ্ঠ শিক্ষক নিৰাপদ শইকীয়া, সমাজকৰ্মী বসন্ত শইকীয়া, মধ্য মায়ং মাধ্যমিক বিদ্যালয়ৰ প্ৰধান শিক্ষক নকুল শইকীয়া, সহকাৰী প্ৰধান শিক্ষক মায়াৰাম শইকীয়া, অৱসৰপ্ৰাপ্ত শিক্ষক মুকুট বিষয়া, মায়ং শিক্ষা খণ্ডৰ সমল ব্যক্তি মধুলেখা ডেকা, জাগীৰোড প্ৰাথমিক শিক্ষক কেন্দ্ৰৰ সম্পাদক গৌৰাংগ দাস, মায়ং প্ৰাথমিক শিক্ষক কেন্দ্ৰৰ সম্পাদক গোবিন্দ মণ্ডল, মায়ং ছোৱালী মধ্য ইংৰাজী বিদ্যালয়ৰ ভাৰপ্ৰাপ্ত প্ৰধান শিক্ষক ৰমেন ডেকা, মায়ং আঞ্চলিক ক্ৰীড়া সন্থাৰ সম্পাদক মনোজ নাথ, মিনাৰ্ভা একাডেমীৰ অধ্যক্ষ পুলেন ৰহাং।

লগতে মায়ং অঞ্চলৰ কেইবাগৰাকীও বিশিষ্ট ব্যক্তি, বিদ্যালয়ৰ শিক্ষক-শিক্ষয়িত্ৰী ছাত্ৰ-ছাত্ৰী আৰু অভিভাৱকসকল উপস্থিত থাকে। আনহাতে অনুষ্ঠানত ছাত্ৰ-ছাত্ৰীসকলে কবিতা আবৃত্তি, আলখ্য, গীত ,নৃত্য পৰিৱেশন কৰাৰ লগতে দিহানাম, নাগাৰা নাম পৰিৱেশন কৰি অনুষ্ঠানটিৰ সৌষ্ঠৱ বৃদ্ধি কৰে। তদুপৰি অনুষ্ঠানতে বিভিন্ন প্ৰতিযোগিতাত স্থান লাভ কৰা ছাত্ৰ-ছাত্ৰীসকলক পুৰস্কাৰ প্ৰদান কৰে।

মায়ং প্ৰাথমিক বিদ্যালয়ত বাৰ্ষিক সাংস্কৃতিক অনুষ্ঠান
ঢকুৱাখনাত সংঘটিত অগ্নিকাণ্ডত জাহ গ'ল একাধিক বাসগৃহ

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in