জামুগুৰিহাটৰ ইন্দিৰা গান্ধী আদৰ্শ মধ্য ইংৰাজী বিদ্যালয়ত জ্ঞান মেলা সম্পন্ন...

জামুগুৰিহাটৰ ইন্দিৰা গান্ধী প্ৰাথমিক বিদ্যালয়ত বৃহস্পতিবাৰে দিনজোৰা কাৰ্য্যসূচীৰে অনুষ্ঠিত হয় কুইজ, চিত্ৰাংকন প্ৰতিযোগিতাৰ লগতে জোতি সংগীত,ভূপেন্দ্ৰ সংগীত আৰু ৰাভা সংগীত প্ৰতিযোগিতা
জামুগুৰিহাটৰ ইন্দিৰা গান্ধী আদৰ্শ মধ্য  ইংৰাজী বিদ্যালয়ত জ্ঞান মেলা সম্পন্ন...

ডিজিটেল সংবাদ, জামুগুৰিহাটঃ ছাত্ৰ-ছাত্ৰীৰ বৌদ্ধিক বিকাশ, শৈক্ষিক উত্তৰণৰ উদ্দেশ্যে খেৰবাৰী আৰু কৈলাশপুৰ মণ্ডল সমল কেন্দ্রৰ যুটীয়া উদ্যোগত জামুগুৰিহাটৰ ইন্দিৰা গান্ধী প্ৰাথমিক বিদ্যালয়ত বৃহস্পতিবাৰে দিনজোৰা কাৰ্য্যসূচীৰে অনুষ্ঠিত হয় কুইজ, চিত্ৰাংকন প্ৰতিযোগিতাৰ লগতে জোতি সংগীত,ভূপেন্দ্ৰ সংগীত আৰু ৰাভা সংগীত প্ৰতিযোগিতা । ইন্দিৰা গান্ধী আদৰ্শ মধ্য ইংৰাজী বিদ্যালয়ৰ আহ্বান মৰ্মে অনুষ্ঠিত হোৱা এই অনুষ্ঠানৰ সমগ্ৰ কাৰ্যসূচীৰ আঁত ধৰে বিদ্যালয়ৰ শিক্ষকদ্বয় নাৰায়ণ শৰ্মা আৰু মহেন্দ্ৰ হাজৰিকাই ।

খেৰবাৰী আৰু কৈলাশপুৰ মণ্ডল সমল কেন্দ্রৰ অধীনস্থ প্ৰাথমিক আৰু মধ্য ইংৰাজী বিদ্যালয়ৰ প্ৰায় বিছখন বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীয়ে অংশগ্ৰহণ কৰা এই গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানটি সঞ্চালনা কৰে শিক্ষক কৈলাশ স্বৰ্গীয়াৰে ৷ অনুষ্ঠানটিত মণ্ডল সমন্বয়ক হিচাপে উপস্থিত থাকে ৰেৱতী শৰ্মা আৰু চাহিল আনচাৰী আৰু ইন্দিৰা গান্ধী আদৰ্শ মধ্য ইংৰাজী বিদ্যালয়ৰ প্ৰধান শিক্ষক মিন্টু কটকী। অনুষ্ঠানটিৰ শেষত বিভিন্ন প্ৰতিযোগিতাত অংশগ্ৰহণকাৰী বিজয়ী ছাত্ৰ-ছাত্ৰীসকলৰ মাজত বঁটাসমূহ বিতৰণ কৰা হয় ।

জামুগুৰিহাটৰ ইন্দিৰা গান্ধী আদৰ্শ মধ্য  ইংৰাজী বিদ্যালয়ত জ্ঞান মেলা সম্পন্ন...
আৰ্যভট্ট বিজ্ঞান কেন্দ্ৰ, হাওৰাঘাট খণ্ডলৈ শ্ৰেষ্ঠ ৰাজ্যিক বঁটা প্ৰদান...

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in