/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-05/cf57c9a3-04bd-45b0-877c-a46aaef59655/bata.jpg)
শ্ৰেষ্ঠ ৰাজ্যিক বঁটা প্ৰদান
ডিজিটেল সংবাদ, হাওৰাঘাটঃ অসম চৰকাৰৰ বিজ্ঞান প্ৰযুক্তিবিদ্যা আৰু জলবায়ু পৰিৱৰ্তন বিভাগৰ অধীনস্থ অসম বিজ্ঞান প্ৰযুক্তিবিদ্যা আৰু পৰিৱেশ পৰিষদৰ উদ্যোগত বৃহস্পতিবাৰে গুৱাহাটীৰ মণিৰাম দেৱান বাণিজ্য কেন্দ্ৰত আয়োজিত হয় আৰ্যভট্ট বিজ্ঞান কেন্দ্ৰৰ ৰাজ্যিক সমাৰোহ । এই সমাৰোহত অসমৰ ২১৯টা আৰ্যভট্ট বিজ্ঞান কেন্দ্ৰৰ ভিতৰত শ্ৰেষ্ঠ বিজ্ঞান কেন্দ্ৰৰ ৰাজ্যিক বঁটা অৰ্জন কৰে কাৰ্বি আংলং জিলাৰ আৰ্যভট্ট বিজ্ঞান কেন্দ্ৰৰ হাওৰাঘাট খণ্ডই ।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-05/31a0c54b-ccd0-4964-afb2-e0b067dcd3fe/a1e97f51_9ffe_473c_b6f3_66a5b76eb6d3.jpg)
এই বঁটা প্ৰদান কৰে অসম চৰকাৰৰ স্বাস্থ্য আৰু প্ৰযুক্তিবিদ্যা বিভাগৰ মন্ত্ৰী কেশৱ মহন্তই । বঁটা গ্ৰহণ কৰে হাওৰাঘাট আৰ্যভট্ট বিজ্ঞান কেন্দ্ৰৰ খণ্ড সমন্বয়ক প্ৰবীণ নাথ আৰু জিলা সমন্বয়ক ভৱানন্দ খাখলাৰীয়ে । এই বঁটাত আছে স্মাৰক বঁটাসহ নগদ দহ হেজাৰ টকা । উক্ত বঁটা প্ৰদান অনুষ্ঠানত উপস্থিত থাকে বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যা পৰিষদৰ সঞ্চালক ড° জয়দ্বীপ বৰুৱা, জেষ্ঠ বিজ্ঞানী বিমান বৰুৱা, এন মাদুৰি, গৌতম বৰুৱা আদি ।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-05/32d52afa-6cd6-4b96-8afe-da7df0a9b045/94bdc560_f083_4549_9f10_980ec3f51286.jpg)
উল্লেখযোগ্য যে বিগত বৰ্ষৰ পৰা অসম বিজ্ঞান প্ৰযুক্তিবিদ্যা আৰু পৰিৱেশ পৰিষদে বিজ্ঞানৰ ক্ষেত্ৰত অনবদ্য অৱদান আগবঢ়োৱা আৰ্যভট্ট বিজ্ঞান কেন্দ্ৰক শ্ৰেষ্ঠ ৰাজ্যিক বঁটা প্ৰদান কৰি আহিছে। এই বছৰ ২০২২ বৰ্ষত প্ৰতিটো খণ্ডত আগবঢ়োৱা উৎকৃষ্ট সেৱা বা অৱদানৰ বাবে এই বঁটা প্ৰদান কৰা হৈছে। উক্ত বঁটাৰ জৰিয়তে হাওৰাঘাটৰ লগতে সমগ্ৰ কাৰ্বি আংলং জিলালৈ গৌৰৱ কঢ়িয়াই আনিবলৈ সক্ষম হোৱাত সচেতন ৰাইজে আনন্দ প্ৰকাশ কৰিছে ।
Also Read: সদৌ অসম বাঙালী যুৱ ছাত্ৰ ফেডাৰেছনৰ পঞ্চদশ দ্বি-বাৰ্ষিক অধিৱেশনক লৈ প্ৰস্তুতি...