স্বৰ্ণ পদক বিজয়ী মেধাৱী ছাত্ৰ আব্দুল মতালিবক সম্বৰ্ধনা

স্বৰ্ণ পদক বিজয়ী মেধাৱী ছাত্ৰ আব্দুল মতালিবক সম্বৰ্ধনা

ডিজিটেল সংবাদ, কামপুৰ: বুধবাৰে কচুৱাৰ চিতলমাৰীৰ এজন মেধাৱী ছাত্ৰক বিপুল সম্বৰ্ধনা জনায় কচুৱা তিনিআলিৰ পৰিৱহন শ্ৰমিক সন্থাই। উল্লেখ্য যে, নগাঁও জিলাৰ কচুৱাৰ অতিকে পিছপৰা চিতলমাৰীৰ এটা দৰিদ্ৰ সীমা ৰেখা তলৰ পৰিয়ালৰ ছাত্ৰ আব্দুল মতালিবে ২০২৩ বৰ্ষত গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰা স্নাতকোত্তৰ পৰ্যায়ত আৰবি বিভাগত (ভাষা সাহিত্য) ৯১•০৯ শতাংশ নম্বৰ লাভ কৰি প্ৰথম বিভাগৰ প্ৰথম হৈ সোণৰ পদক অৰ্জন কৰে।

অতি পিছপৰা আৰু দৰিদ্ৰ পৰিয়ালৰ ছাত্ৰজনৰ এই সফলতাত সমগ্ৰ অঞ্চলবাসীয়ে গৌৰৱ কৰিছে। বুধবাৰে ছাত্ৰজনৰ বাসগৃহত উপস্থিত হৈ ছাত্ৰজনক গামোচা, মানপত্ৰ আৰু জাপি আদিৰে সম্বৰ্ধনা জনায়।

উল্লেখ্য যে, চিতলমাৰীৰ অতি পিছপৰা অঞ্চল, য'ত বৰ্তমানেও যাতায়তৰ কোনো ব্যৱস্থা নাই, তেনে এটা অঞ্চলৰ পৰা অহা আব্দুল মতালিবৰ এই সফলতাৰ সকলোৱে শলাগ লৈছে। সাংবাদিক ৰূপ জ্যোতি ভূঞাই আঁত ধৰা কাৰ্যসূচীত অংশ লয় কচুৱা তিনিআলিৰ পৰিবহন শ্ৰমিক সন্থাৰ সভাপতি ছাইদুৰ ৰহমান উপ সভাপতি ৰমজান আলি আদিয়ে অংশ লয়।

স্বৰ্ণ পদক বিজয়ী মেধাৱী ছাত্ৰ আব্দুল মতালিবক সম্বৰ্ধনা
আনন্দৰাম ঢেকিয়াল ফুকন মহাবিদ্যালয়ৰ প্ৰতিষ্ঠা দিৱস উদযাপন

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in