আনন্দৰাম ঢেকিয়াল ফুকন মহাবিদ্যালয়ৰ প্ৰতিষ্ঠা দিৱস উদযাপন

আনন্দৰাম ঢেকিয়াল ফুকন মহাবিদ্যালয়ৰ প্ৰতিষ্ঠা দিৱস উদযাপন

ডিজিটেল সংবাদ,নগাঁও : "আনন্দৰাম ঢেকিয়াল ফুকনৰ পুত্ৰ ৰাধিকাম ঢেকিয়াল ফুকন ৰসায়ন বিজ্ঞান বিভাগত গৱেষণা পত্ৰিকা প্ৰকাশৰ প্ৰথমজন ভাৰতীয় আৰু ডক্টৰেট উপাধি লাভ কৰা প্ৰথমজন অসমীয়া আছিল।" গুৱাহাটী বিশ্ববিদ্যালয়ৰ ৰসায়ন বিজ্ঞানৰ অধ্যাপক ড° প্ৰদীপ ফুকনে এইদৰে মন্তব্য কৰে।

বৃহস্পতিবাৰে নগাঁৱৰ ঐতিহ্যমণ্ডিত উচ্চ শিক্ষানুষ্ঠান আনন্দৰাম ঢেকিয়াল ফুকন মহাবিদ্যালয়ৰ ৬৪সংখ্যক প্ৰতিষ্ঠা দিৱস উদযাপন কৰা হয়। এই উপলক্ষে অনুষ্ঠিত মুকলি সভাত বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকে ড° প্ৰদীপ ফুকন।

উল্লেখ্য যে, প্ৰতিষ্ঠাপক অধ্যক্ষ শুকদেৱ গোস্বামীৰ নেতৃত্বত নগাঁৱৰ একাংশ দূৰদৰ্শী আৰু সমাজহিতৈষী ব্যক্তিৰ ঐকান্তিক যত্নত আৰু অসম সাহিত্য সভাৰ প্ৰস্তাৱমৰ্মে ১৯৫৯ চনত নৈশ মহাবিদ্যালয়ৰূপে প্ৰতিষ্ঠা হৈছিল হোৱা আনন্দৰাম ঢেকিয়াল ফুকন মহাবিদ্যালয়। মহাবিদ্যালয়ৰ ৬৪ সংখ্যক প্ৰতিষ্ঠা দিৱসৰ মুকলি সভাত ড° প্ৰদীপ ফুকনৰ লগতে উপস্থিত থাকে নগাওঁ সদৰ সমষ্টিৰ বিধায়ক ৰূপক শৰ্মা, মহাবিদ্যালয়খনৰ প্ৰাক্তন অধ্যক্ষ ড° ছৰিফ উদ্দিন আহমেদৰ উপৰি ভালে সংখ্যক বিশিষ্ট ব্যক্তি।

পুৱা ৭:৩০ বজাত অধ্যক্ষ ড° সদানন্দ পায়েঙে মহাবিদ্যালয়ৰ পতাকা উত্তোলন কৰে। ইয়াৰ পাছতে মহাবিদ্যালয়খনৰ শিক্ষক পৰিষদৰ আৰ্থিক সাহায্যৰে ২০১৭ চনত বিশিষ্ট ভাস্কৰ বীৰেন সিংহ ডাঙৰীয়াৰ দ্বাৰা নিৰ্মিত আনন্দৰাম ঢেকিয়াল ফুকন দেৱৰ পূৰ্ণাৱয়ব মূৰ্তিৰ সন্মুখত বন্তি প্ৰজ্বলন আৰু পুষ্পাঞ্জলি প্ৰদান কৰে পৰিচালনা সমিতিৰ সভাপতি, অধ্যাপক চেনীৰাম বৈদ্যৰ লগতে অৱসৰপ্ৰাপ্ত অধ্যাপক বিশিষ্ট সমাজকৰ্মী অমৰেন্দ্ৰ নাথ শৰ্মা আৰু শিক্ষক পৰিষদৰ সভাপতি ড° সোণাৰাম নাথে।

এই অনুষ্ঠানৰ মাজতে অসম চৰকাৰৰ পুঁজিৰ দ্বাৰা নিৰ্মিত এটি কোঠা উন্মোচন কৰে বিধায়ক ৰূপক শৰ্মাই । মহাবিদ্যালয়ৰ মুকলি সভাৰ এগৰাকী বিশিষ্ট অতিথি ৰূপেও উপস্থিত থাকি বিধায়ক ৰূপক শৰ্মাই মহাবিদ্যালয়খনিৰ সৈতে থকা তেওঁৰ দীৰ্ঘদিনীয়া আন্তৰিক সমন্বয়ৰ কথা সোঁৱৰণ কৰি অনাগত দিনতো মহাবিদ্যালয়খনৰ সৰ্বাংগীন উন্নতিৰ ক্ষেত্ৰত সহযোগিতা আগবঢ়াই যোৱাৰ ইচ্ছা প্ৰকাশ কৰে।

আজিৰ সভাতে মহাবিদ্যালয়ৰ প্ৰাক্তন ছাত্ৰ স্বৰ্গীয় ৰক্তিমজ্যোতি গোস্বামী সোঁৱৰণী শৈক্ষিক বঁটা প্ৰদান কৰা হয়। মহাবিদ্যালয়ৰ পৰা গুৱাহাটী বিশ্ববিদ্যালয়ৰ স্নাতক চূড়ান্ত পৰীক্ষাত স্থান প্ৰাপ্ত ৬গৰাকী ছাত্ৰ-ছাত্ৰীক এই বঁটা প্ৰদান কৰা হয় ৷

এই বঁটাত আছে এটি স্মাৰক এখন মানপত্ৰ আৰু নগদ ধন ৷ উল্লেখ্য যে, ৪দিনীয়াকৈ আয়োজন কৰা মহাবিদ্যালয়ৰ সামগ্ৰিক অনুষ্ঠানত অহা ৮ ছেপ্টেম্বৰ ড° ভূপেন হাজৰিকাৰ জন্ম তিথি উপলক্ষে মহাবিদ্যালয় প্ৰেক্ষাগৃহত এটি স্মৃতিচাৰণ অনুষ্ঠান অনুষ্ঠিত হোৱাৰ লগতে প্ৰতিদিন টাইমৰ মুখ্য সম্পাদক নিতুমণি শইকীয়াই ছাত্ৰ- ছাত্ৰীসকলৰ লগত এটি বাৰ্তালাপ কাৰ্যসূচীত অংশ ল'ব।

আনহাতে ৯ ছেপ্টেম্বৰত মহাবিদ্যালয়খনৰ প্ৰতিষ্ঠাপক অধ্যক্ষ স্বৰ্গীয় শুকদেৱ গোস্বামীৰ সোঁৱৰণত বিগত বৰ্ষৰ দৰে এই বর্ষতো আন্তঃ মহাবিদ্যালয়/ বিশ্ববিদ্যালয় তৰ্ক প্ৰতিযোগিতাখনি অনুষ্ঠিত কৰা হ'ব। বিভাগীয় সম্পাদক আনোৱাৰুল ইছলামে জানিবলৈ দিয়া অনুসৰি প্ৰায় ৩০ টা দলে অংশগ্ৰহণ কৰিবলগীয়া প্ৰতিযোগিতাখনিত প্ৰাক্তন মন্ত্ৰী তথা অৱসৰপ্ৰাপ্ত অধ্যাপক গিৰীন্দ্ৰ কুমাৰ বৰুৱাই অধ্যক্ষতা কৰিব। ১০ ছেপ্টেম্বৰৰ সাংস্কৃতিক অনুষ্ঠানত জনপ্ৰিয় গায়ক আচুৰ্য বৰপাত্ৰ গোহাঁইয়ে সংগীত পৰিৱেশন কৰিব।

আনন্দৰাম ঢেকিয়াল ফুকন মহাবিদ্যালয়ৰ প্ৰতিষ্ঠা দিৱস উদযাপন
বটদ্ৰৱাৰ নৰোৱা কুজি সত্ৰৰ সত্ৰাধিকাৰ নিত্যানন্দ দেৱ গোস্বামী অসুস্থ

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in