কামপুৰৰ পলশাবাৰী প্ৰাথমিক বিদ্যালয়ত ব্যতিক্ৰমী গুণোৎসৱ...

কামপুৰৰ পলশাবাৰী প্ৰাথমিক বিদ্যালয়ত ব্যতিক্ৰমী গুণোৎসৱ...
কামপুৰৰ পলশাবাৰী প্ৰাথমিক বিদ্যালয়ত ব্যতিক্ৰমী গুণোৎসৱ...

ডিজিটেল সংবাদ কামপুৰঃ ৰাজ্যত পঞ্চমবাৰৰ বাবে আৰম্ভ হৈছে গুণোৎসৱ।  ইয়াৰ মাজতে নগাঁও জিলাৰ কঠীয়াতলী শিক্ষাখণ্ডৰ কামপুৰৰ পলশাবাৰী প্ৰাথমিক  বিদ্যালয়েও বিদ্যালয়খনক সজাই পৰাই গুণোৎসৱৰ কাৰ্যসূচী পালন কৰে।

গুণোৎসৱ উপলক্ষে বিদ্যালয়খনত প্ৰৱেশ তোৰণৰ পৰা আৰম্ভ কৰি বিভিন্নধৰণে সজাই পৰাই তোলা হয়। বিদ্যালয়খনৰ প্ৰৱেশ তোৰণৰ পৰা অভিভাৱক-অভিভাৱিকাসকলে আড়ম্বপূৰ্ণভাৱে আদৰি নিয়ে নিৰীক্ষকসকলক।

ইয়াৰ পিছতে ছাত্ৰ -ছাত্ৰীসকলৰ মাজত অনুষ্ঠিত হয় প্ৰাতঃ সভা। প্ৰাতঃ সভাত ছাত্ৰ -ছাত্ৰী সকলে বিভিন্ন ক'লা, কৌশল প্ৰদৰ্শন কৰাৰ লগতে স্কাউত আৰু গাইডৰ প্ৰদৰ্শন কৰে। উল্লেখ্য যে, প্ৰাথমিক বিদ্যালয়ত স্কাউত আৰু গাইডৰ পাঠ্যক্ৰম নাই যদিও প্ৰধান শিক্ষক নিকুঞ্জ শৰ্মাই নিজা প্ৰচেষ্টাৰে প্ৰশিক্ষন দিয়া বুলি জানিব দিয়ে।

ইফালে অনুষ্ঠিত কৰে এখন প্ৰদৰ্শনী। গ্ৰাম্য অৰ্থনীতিৰ ওপৰত প্ৰতিষ্ঠিত এই প্ৰদৰ্শনীত প্ৰদৰ্শন কৰা হৈছে পুখুৰী, লাউৰ চাং, পথাৰ, ধান আদি। তাৰোপৰি বিদ্যালয় প্ৰাক্তন ছাত্ৰ -সন্মিলনী আৰু অভিভাৱকৰ অস্থায়ী মঞ্চৰো শুভ উদ্বোধন কৰে।

ফিটা কাটি মঞ্চৰ শুভ উদ্বোধন কৰে ৰহা মহাবিদ্যালয়ৰ প্ৰৱক্তা ড০ মঞ্জুশ্ৰী বৰাই।অভিভাৱক মঞ্চতে আয়োজন কৰে ছবি অঁকা প্ৰতিযোগিতাৰ লগতে এখন সম্বৰ্ধনা সভাৰো। ইয়াৰ পিছতে বিদ্যালয়খনত পুৱাৰ পৰা শিক্ষক-শিক্ষয়িত্ৰী, অভিভাৱক আৰু ছাত্ৰ-ছাত্ৰীসকলৰ উপস্থিতিত আৰম্ভ হয় গুণোৎসৱৰ স্বমূল্যায়ন পৰীক্ষা।

বিগত বৰ্ষৰ গুণোৎসব প্রক্রিয়াত উক্ত বিদ্যালয়খনে তিনিবাৰকৈ A+ গ্ৰেড পাই উন্নত মানদণ্ডৰ ফলাফল দেখুৱালৈ সক্ষম হৈছিল। বিদ্যালয়খনে এইবাৰো যথেষ্ট ভাল ফলাফল দেখুৱাব পাৰিব বুলি আশা প্ৰকাশ কৰিছে। 

কামপুৰৰ পলশাবাৰী প্ৰাথমিক বিদ্যালয়ত ব্যতিক্ৰমী গুণোৎসৱ...
সোণোৱাল কছাৰী ছাত্ৰ সন্থাৰ ধেমাজি জিলা সমিতিৰ নৱম দ্বি-বাৰ্ষিক অধিৱেশনৰ সফল সমাপ্তি...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in