সোণোৱাল কছাৰী ছাত্ৰ সন্থাৰ ধেমাজি জিলা সমিতিৰ নৱম দ্বি-বাৰ্ষিক অধিৱেশনৰ সফল সমাপ্তি...

সোণোৱাল কছাৰী ছাত্ৰ সন্থাৰ ধেমাজি জিলা সমিতিৰ নৱম দ্বি-বাৰ্ষিক অধিৱেশনৰ সফল সমাপ্তি...

author-image
Asomiya Pratidin
New Update
সোণোৱাল কছাৰী ছাত্ৰ সন্থাৰ ধেমাজি জিলা সমিতিৰ নৱম দ্বি-বাৰ্ষিক অধিৱেশনৰ সফল সমাপ্তি...

সোণোৱাল কছাৰী ছাত্ৰ সন্থাৰ ধেমাজি জিলা সমিতিৰ নৱম দ্বি-বাৰ্ষিক অধিৱেশনৰ সফল সমাপ্তি...

ডিজিটেল সংবাদ ধেমাজিঃ সদৌ অসম সোণোৱাল কছাৰী ছাত্ৰ সন্থাৰ বাটঘৰীয়া আঞ্চলিক সমিতি আৰু বৃহত্তৰ বাটঘৰীয়াবাসী ৰাইজৰ সহযোগত শুকুৰবাৰৰ পৰা দুদিনীয়াকৈ বিস্তৃত বৰ্ণাঢ্য কাৰ্য্যসূচীৰে বাটঘৰীয়া শিঙিমাৰী ধনবৰচলা ক্ষেত্ৰত অনুষ্ঠিত হৈ থকা সদৌ অসম সোণোৱাল কছাৰী ছাত্ৰ সন্হাৰ ধেমাজি জিলা সমিতিৰ নৱম দ্বি-বাৰ্ষিক অধিৱেশনৰ শনিবাৰে সফল সামৰণি পৰে ৷

Advertisment

আজি শেষৰ দিনা পুৱা ৮ বজাত সামূহিক চাফাই কাৰ্য্যসূচীৰে আৰম্ভণি কৰা হয়। দুপৰীয়া ১২ বজাত অসমৰ জনপ্ৰিয় অভিনেত্ৰী অমৃতা গগৈৰ অংশগ্ৰহণেৰে বাৰেৰহণীয়া সাংস্কৃতিক শোভাযাত্ৰা আৰু জনগোষ্ঠীয় কৃষ্টি প্ৰদৰ্শন হয় ৷

বিয়লি ১.৩০ বজাৰপৰা সদৌ অসম সোণোৱাল কছাৰী ছাত্ৰ সন্হাৰ ধেমাজি জিলা সমিতিৰ ভাৰপ্ৰাপ্ত সভাপতি মৃদুপৱন সোণেৱালৰ সভাপতিত্বত অনুষ্ঠিত হোৱা মুকলি সভাৰ আদৰণি ভাষণ দিয়ে সোণোৱাল কছাৰী স্বায়ত্ত্বশাসিত পৰিষদৰ মুখ্য কাৰ্য্যবাহী সদস্য তথা অভ্যৰ্থনা সমিতিৰ কাৰ্য্যকৰী সভাপতি টংকেশ্বৰ সোনোৱালে ৷

সভাত মুখ্য অতিথি হিচাপে উপস্থিত থকা কেন্দ্ৰীয় চৰকাৰৰ বন্দৰ,জাহাজ,জলপথআৰু আয়ুষ মন্ত্ৰালয়ৰ মন্ত্ৰী সৰ্বানন্দ সোণোৱালে বক্তব্যত কয় যে, সোণোৱাল কছাৰী জনগোষ্ঠীৰ একমাত্ৰ ছাত্ৰ সংগঠনটোৱে জাতিটোৰ হকে জন্ম লগ্নৰে পৰা মাত মাতি আহিছে ৷ আগন্তুক দিনত সোণোৱাল কছাৰী ছাত্ৰ সন্হাক সমাজে কৰা মৰম অটুট ৰাখিবলৈ সংগঠনক আহ্বান জনাই ৷

সভাত নিৰ্দিষ্ট বক্তা হিচাপে ভাষণ প্ৰদান কৰে শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগুৱে ৷ সভাত বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকি ভাষণ দিয়ে সদৌ অসম সোণোৱাল কছাৰী ছাত্ৰ সন্হাৰ সভাপতি দেবানন্দ চেলেংআৰু সম্পাদক পৰিক্ষীত সোণোৱালে ৷

সভাত অধিৱেশনৰ মুখপত্ৰ “সোণচেকুৰা ” উন্মোচন কৰে জ্যেষ্ঠ অধিবক্তা তথা সোণোৱাল কছাৰী জাতীয় পৰিষদৰ প্ৰতিষ্ঠাপক সভাপতি কেশৱ সোণোৱালে ৷ জিলাখনৰ বিভিন্ন অঞ্চলৰ প্ৰায় পাচঁ সহশ্ৰাধিক ৰাইজে অংশগ্ৰহণ কৰা অধিৱেশনত সোণোৱাল কছাৰী লেচেৰী নৃত্য প্ৰদৰ্শনে সকলোকে আপ্লুত কৰে৷

সভাত বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকে অসম চৰকাৰ পৰ্যটন নিগমৰ অধ্যক্ষ ৰিতুপৰ্ণ বৰুৱা, ডিব্ৰুগড় জিলা উন্নয়ন প্ৰাধিকৰণৰ অধ্যক্ষ অসীম হাজৰিকা , সোণোৱাল কছাৰী স্বায়ত্ত্বশাসিত পৰিষদৰ জোনাই সমষ্টিৰ সদস্য বিজয় সোণোৱাল, সোণোৱাল কছাৰী সাহিত্য সভাৰ উপ-সভাপতি হেৰম্ব প্ৰসাদ দাস, ধেমাজি পৌৰসভাৰ পৌৰপতি দ্বীপৰেখা দাস বাঘ্ৰী, সদৌ অসম সোণোৱাল কছাৰী ছাত্ৰ সন্হাৰ মুখ্য সম্পাদক মৃদুল সোনোৱাল, উপ-সভাপতি ৰাজু সোণোৱাল, সোণোৱাল কছাৰী স্বায়ত্ত্বশাসিত পৰিষদৰ বাটঘৰীয়া সমষ্টিৰ সদস্যা নন্দিনী ডেকা প্ৰমুখ্যে জিলাখনৰ অন্যান্য জাতি জনগোষ্ঠীয় সংগঠনৰ প্ৰতিনিধিসকল উপস্থিত থাকে।

সন্ধিয়ালৈ শৈক্ষিক দিশৰ ওপৰত ছাত্ৰ-ছাত্ৰীসকলৰ বাবে সমল ব্যক্তিৰ দ্বাৰা কেৰিয়াৰ গাইডৰ ওপৰত এখনি আলোচনাচক্ৰ অনুষ্ঠিত হয়।

Also Read: সমন্বয়ৰ বৰ্ণিল ক্ষেত্ৰলৈ পৰিণত কলাক্ষেত্ৰৰ শ্ৰীমন্ত শংকৰদেৱ আন্তৰ্জাতিক প্ৰেক্ষাগৃহ...

সোণোৱাল কছাৰী ছাত্ৰ সন্থা ধেমাজি