নন্দিনীৰ সম্পাদক মাইনী মহন্তলৈ ২০২৩ বৰ্ষৰ গুণ মহন্তদেৱ বঁটা প্ৰদান

নন্দিনীৰ সম্পাদক মাইনী মহন্তলৈ ২০২৩ বৰ্ষৰ গুণ মহন্তদেৱ বঁটা প্ৰদান

author-image
Asomiya Pratidin
New Update
নন্দিনীৰ সম্পাদক মাইনী মহন্তলৈ ২০২৩ বৰ্ষৰ গুণ মহন্তদেৱ বঁটা প্ৰদান

ডিজিটেল সংবাদ,নগাঁও : প্ৰায় অৰ্ধশতাধিক অসমীয়া বোলছবি, ভি চি ডি আৰু কেইবাখনো অসমীয়া ধাৰাবাহিকত অভিনয় কৰি‌ নিজৰ প্ৰতিভাৰ জৰিয়তে অসমৰ ৰাইজৰ হৃদয়ত সুকীয়া স্থান লাভ কৰিবলৈ সক্ষম হৈছিল গুণ মহন্তই। এই বিশিষ্ট অভিনেতাগৰাকীৰ পঞ্চম মৃত্যু বাৰ্ষিকী উপলক্ষে দেওবাৰে নগাঁৱৰ নিজা বাসভৱনত এক অনুষ্ঠানৰ আয়োজন কৰা হয়।

Advertisment

অভিনেতা প্ৰয়াত গুণ মহন্তৰ পঞ্চম মৃত্যু বাৰ্ষিকীত অসমৰ আগশাৰীৰ মাহেকীয়া আলোচনী নন্দিনীৰ সম্পাদক তথা বিশিষ্ট সাংবাদিক,লেখিকা মাইনী মহন্তক এইবৰ্ষৰ 'গুণ মহন্তদেৱ বঁটা' প্ৰদান কৰা হয়। ইয়াৰ পূৰ্বে নন্দ সিং বৰকলা,অভিনেত্ৰী চেতনা‌ দাসৰ দৰে অসমীয়া সমাজ জীৱনত স্ব প্ৰতিভাৰে নিজৰ সুকীয়া স্থান দখল কৰা বিশিষ্ট ব্যক্তিসকলক এই বঁটাৰে সন্মানিত কৰা হৈছিল।

বঁটা গ্ৰহণ কৰি মাইনী মহন্তই প্ৰয়াত গুন মহন্তৰ পৰিয়ালবৰ্গক কৃতজ্ঞতা জ্ঞাপন কৰে। আনহাতে বিশিষ্ট সাংবাদিক মাইনী মহন্তই এই বঁটাটি সদৌ অসম মহিলা সাংবাদিক সন্থাৰ সভাপতি পৰিণীতা হাজৰিকা আৰু সম্পাদক মাইনু খনিকৰলৈ উৎসৰ্গিত কৰে।

পূৰ্ণমূৰ্তি শ্ৰীমন্ত গোপালদেৱ কলাক্ষেত্ৰৰ উদ্যোগত আয়োজন কৰা এই শ্ৰদ্ধাঞ্জলি আৰু বটা প্ৰদান অনুষ্ঠানত বিশিষ্ট লেখিকা মাইনী মহন্ত,আৰক্ষীৰ সহকাৰী পৰিদৰ্শক তথা বিশিষ্ট লেখক নন্দ সিং বৰকলা, বিশিষ্ট বোলছবি পৰিচালক বানী দাস, সাংবাদিক মুকুল দাস, বিশিষ্ট সমাজকৰ্মী অনুপ বৰুৱা, সদৌ অসম মহিলা সাংবাদিক সন্থাৰ সভাপতি পৰিণীতা হাজৰিকা আৰু সম্পাদক মাইনু খনিকৰ, নগাঁও জিলা সাহিত্য সভাৰ সভাপতি থগীত মহন্তকে ধৰি কেইবাটাজনো গণ্য মাণ্য ব্যক্তি উপস্থিত থাকে।

Also Read: সঞ্জীৱ

Maini Mahanta