/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-01/f9a5bbca-1cf0-4e52-b11c-401f929c5b92/abak.jpg)
ডিজিটেল ডেস্ক: আৰু এখন নতুন মাহেকীয়া আলোচনী প্ৰকাশ পালে। ৩০ জানুৱাৰী কটন এলামনাই ভৱনত নতুন আলোচনী খনৰ শুভ উদ্বোধন কৰা হয়। অবাক প্ৰকাশনৰ হৈ ভাস্কৰ বৰ্মনে প্ৰকাশ কৰা আলোচনী খন শুভ উদ্বোধন কৰে ৩ গৰাকী বিশিষ্ট সাংবাদিকে।
জ্যেষ্ঠ সাংবাদিক নৰেশ কলিতা, জ্যেষ্ঠ সাংবাদিক গৌতম শৰ্মা আৰু মাইনী মহন্তই এই আলোচনী খনৰ শুভ উদ্বোধন কৰে। এনে এখন আলোচনী এই সময়ত প্ৰকাশ কৰাতো এক সাহসী পদক্ষেপ বুলি মন্তব্য কৰে নৰেশ কলিতাই।
সদায় নতুন উদ্যমেৰে কাম কৰা ভাস্কৰ বৰ্মনৰ নেতৃত্বত এই আলোচনী খনে নতুন পাঠক সৃষ্টি কৰিব বুলি আশা ব্যক্ত কৰে। বিশিষ্ট চিকিৎসক, লেখক শুভ্ৰকিংকৰ গোস্বামী এই নতুন আলোচনী খনৰ মুখ্য সম্পাদক।
আলোচনী খনৰ কাৰ্যবাহী সম্পাদক প্ৰাঞ্জল মজুমদাৰ। জনপ্ৰিয় অভিনেত্ৰী প্ৰস্তুতি পৰাশৰো এই আলোচনী খনৰ সৈতে জড়িত হৈ আছে। অবাকৰ সহযোগী সম্পাদক হিচাপে আছে প্ৰস্তুতি পৰাশৰ।
উন্মোচনী অনুষ্ঠানত বিশিষ্ট সাংবাদিক প্ৰকাশ মহন্ত,অচ্যুত পাটোৱাৰী, অভিনেত্ৰী নিশিতা গোস্বামীকে ধৰি বহু সংখ্যক বিশিষ্ট ব্যক্তি উপস্থিত থাকে।এই অনুষ্ঠানত উপস্থিত থাকি মাইনী মহন্তই কয় যে অবাকৰে এখন আলোচনীয়ে সাহিত্য সংস্কৃতি ক্ষেত্ৰখনত অধিক টনকিয়াল কৰিব।
আদৰণি ভাষণত আলোচনী খনৰ সম্পাদক ড০ শুভ্ৰকিংকৰ গোস্বামীয়ে কেনে পৰিস্থিতিত এই আলোচনী খনৰ দায়িত্ব ল'ব লগা হ'ল সেই বিষয়ে উল্লেখ কৰে। তেওঁ লগতে আলোচনী খনৰ বাবে কামনা কৰে সকলোৰে সহযোগীতা।
অবাক আলোচনীৰ প্ৰস্তাৱণা সংখ্যা গ্ৰন্থৰ বিশেষ সংখ্যা হিচাপে প্ৰকাশ কৰা হৈছে। আলোচনী খনৰ প্ৰস্তাৱণা সংখ্যাৰ মূল্য ৫০ টকা। ইয়াৰ সৈতে দিয়া হৈছে এখন সুন্দৰ ৰঙীণ কেলেণ্ডাৰ।
আৰু পঢ়ক: চৰ্ম আৰু ইয়াৰ সৈতে জড়িত ৰোগসমূহ...