বটদ্ৰৱাত 'মিনি কম্বাইন হাৰ্ভেষ্টাৰ' দ্বাৰা 'গ্ৰেণ্ড হাৰভেষ্ট' কাৰ্যসূচী সম্পন্ন

বটদ্ৰৱাত 'মিনি কম্বাইন হাৰ্ভেষ্টাৰ' দ্বাৰা 'গ্ৰেণ্ড হাৰভেষ্ট' কাৰ্যসূচী সম্পন্ন

author-image
Asomiya Pratidin
New Update
বটদ্ৰৱাত 'মিনি কম্বাইন হাৰ্ভেষ্টাৰ' দ্বাৰা  'গ্ৰেণ্ড হাৰভেষ্ট' কাৰ্যসূচী সম্পন্ন

ডিজিটেল সংবাদ, বটদ্ৰৱা: অসম কৃষি বাণিজ্য আৰু গ্ৰাম্য ৰূপান্তৰণ প্ৰকল্প (এপাৰ্ট)ৰ উদ্যোগত মঙলবাৰে আধুনিক প্ৰযুক্তি সম্বলিত সজুলি 'মিনি কম্বাইন হাৰ্ভেষ্টাৰ'(Combine harvester)ৰ দ্বাৰা শালিধান খেতি চপোৱা 'গ্ৰেণ্ড হাৰভেষ্ট' কাৰ্যসূচী সম্পন্ন কৰা হয়। কৃষকক কম খৰছত, কম সময়ত, কৃষি শ্ৰমিকৰ অভাৱ দূৰ কৰি আধুনিক প্ৰযুক্তিসম্বলিত সজুলি 'মিনি কম্বাইন হাৰ্ভেষ্টাৰ' দ্বাৰা ধান চপোৱাৰ প্ৰদৰ্শনৰ বাবে অনুষ্ঠিত শালিধান চপোৱা অনুষ্ঠানটি অনুষ্ঠিত হয় নগাঁও জিলাৰ বটদ্ৰৱাৰ সমীপৱৰ্তী জাৰামাৰি গাঁৱত।

এপাৰ্টৰ গৱেষণা সহায়ক পাৰ্থ প্ৰতিম বৰাই আঁত ধৰা অনুষ্ঠানটিৰ আৰম্ভণি ভাষণ প্ৰদান কৰি মাণ্ডলিক গৱেষণা কেন্দ্ৰ চিলঙনীৰ মুখ্য বিজ্ঞানী ড০ হিৰণ্য কুমাৰ বৰাই "পূৰ্বতে প্ৰতিকূল বতৰ, প্ৰাকৃতিক দুৰ্যোগৰ আৰু শ্ৰমিকৰ খৰছৰ বাবে কৃষক সকল ক্ষতিগ্ৰস্ত হৈছিল, যাৰ পৰিপেক্ষিত কৃষি যান্ত্ৰিকিকৰনকৰ দ্বাৰা বৰ্তমান কম খৰছত, কম সময়ত প্ৰতিকূল পৰিস্থিতিৰ লগত যুজঁ দিবলৈ বহু নতুন উদ্ভাৱন হল। তাৰেই এক উল্লেখযোগ্য উদ্ভাৱন হল মিনি কম্বাইন হাৰ্ভেষ্টাৰ। যাৰ দ্বাৰা কৃষক ৰাইজ বহু ক্ষেত্ৰত উপকৃত হব পাৰে। কৃষক ৰাইজে আদৰি ললে আমি সকলো দিশৰ পৰা সহায় সহযোগিতা আগবঢ়াম" বুলি কয়।

অনুুষ্ঠানটি সন্মানীয় অতিথি ৰূপে অংশ গ্ৰহণ কৰি ৰাষ্ট্ৰীয় খাদ্য সুৰক্ষা অভিযানৰ ৰাজ্যিক পৰামৰ্শদাতা তথা এপাৰ্টৰ নগাঁও জিলাৰ পৰামৰ্শদাতা ড০ অৰুনিমা দেৱচৌধুৰীয়ে "কৃষকক ধানৰ জাত নিৰ্বাচিত কৰাৰ ক্ষেত্ৰত কৃষি বিভাগৰ লগত যোগাযোগ কৰিবলৈ আহ্বান জনোৱা লগতে প্ৰতিটো খেতিৰ জাতৰ নামটো মনত ৰাখিব লাগে, কাৰন ভাল বেয়া নিৰ্বাচন কৰিবলৈ প্ৰয়োজন হয়। এই নগাঁও জিলাৰ উত্তৰ পশ্চিম অঞ্চল পূৰ্বৰ পৰাই কৃষি ক্ষেত্ৰত সজাগ, বৰ্তমান যান্ত্ৰিকীকৰণক আদৰি লৈ কৃষক সকল আগবাঢ়ি আহক, আয় বৃদ্ধি কৰক" বুলি মন্তব্য কৰে।

অনুষ্ঠানটিত উপস্থিত থাকি আন এগৰাকী অতিথি তথা মাণ্ডলিক গৱেষণা কেন্দ্ৰ চিলঙনীৰ পতংগৰ বিভাগৰ জেষ্ঠ বিজ্ঞানী ড০ ৰুদ্ৰ নাৰায়ণ বৰকাকতিয়ে "কৃষিত যান্ত্ৰিকতাৰ প্ৰয়োগৰ ফলত বৰ্তমান কৃষকৰ উন্নতি হৈছে" বুলি প্ৰকাশ কৰে। লগতে আন্তৰাষ্ট্ৰীয় ধান গৱেষণা কেন্দ্ৰৰ জেষ্ঠ পৰামৰ্শদাতা তথা বিজ্ঞানী ড০ নিৰজ ত্যাগী, (Dr Niraj Tyagi) শষ্য বিজ্ঞানী বিনোদ কলিতা, সহকাৰী প্ৰকল্প বিজ্ঞানী তনবিৰ হাজৰিকাই কৃষি ক্ষেত্ৰত নতুন উদ্ভাৱন সমূহৰ বিশ্লেষণ কৰে।

জাৰামাৰি অঞ্চলৰ প্ৰগতিশীল কৃষক সকলৰ উপস্থিতিত অনুষ্ঠিত অনুষ্ঠানটিৰ শেষত শলাগৰ শৰাই আগবঢ়ায় পাৰ্থ প্ৰতিম বৰাই। সভাৰ শেষত জাৰামাৰি গাঁৱৰ পথাৰত কৃষক ৰাইজৰ সন্মুখত 'মিনি কম্বাইন হাৰ্ভেষ্টাৰ' ব্যৱহাৰ কৰি শালিধান চপোৱা প্ৰদৰ্শন কাৰ্য্সূচীও ৰূপায়ন কৰা হয়।

Also Read: মৃত্যু সুলভ! ক'ত হেৰাল জীৱনৰ মাদকতা...

nagaon