
ডিজিটেল সংবাদ, কামপুৰঃ মুখ্যমন্ত্ৰী ড০ হিমন্তু বিশ্ব শৰ্মা তথা বৰ্তমানৰ ৰাজ্যচৰকাৰখনে ৰাজ্যৰ কৰ্মচাৰী সকলৰ প্ৰতি যিমানেই কঠোৰ নীতি বলবৎ কৰিছে সিমানেই একাংশ চৰকাৰী কৰ্মচাৰীয়ে চৰকাৰী নীতি নিদেৰ্শনালৈ বৃদ্ধাংগুষ্ঠ প্ৰদৰ্শন কৰিছে। নগাঁও জিলাৰ কঠীয়াতলী শিক্ষা খণ্ডৰ কৰ্মচাৰীসকলে পলমকৈ কাৰ্যালয়ত প্ৰৱেশ কৰাক লৈ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে অঞ্চলটোত।
দিনৰ ১২বজাৰ পিছতহে কৰ্মচাৰীসকল কাৰ্যলয়লৈ অহাৰ অভিযোগ উত্থাপিত হৈছে কৰ্মচাৰীসকলৰ বিৰুদ্ধে।স্থানীয় লোকৰ অভিযোগ প্ৰতিদিনে কাৰ্যলয়টোলৈ পলম কৰি আহে কৰ্মচাৰী সকল।যাৰ বাবে বিভিন্ন কামত কাৰ্যলয়টোলৈ অহালোকে হাৰাশাস্তীৰ সন্মুখীন হ'বলগীয়া হৈছে।স্থানীয়লোকে কাৰ্যলয়টোত চলি থকা এই অনিয়মবোৰৰ তদন্তু কৰি উচিত ব্যৱস্থা লোৱাৰ বাবে মুখ্যমন্ত্ৰীৰ ওচৰত দাবী জনাইছে।