পদূলিত হেঁপাহৰ ভোগালী : ৰৌ ২৭০,বৰালি-চিতল ৩০০টকা, দ্বি-শতক অতিক্ৰম আৰু বহু মাছৰ

প্ৰতিকিলো মাছৰ দামে চুইছে দ্বি-শতক। দামৰ পাহাৰ গঢ়িছে মাছ বজাৰে।

author-image
Asomiya Pratidin
New Update
পদূলিত হেঁপাহৰ ভোগালী : ৰৌ ২৭০,বৰালি-চিতল ৩০০টকা, দ্বি-শতক অতিক্ৰম আৰু বহু মাছৰ

ডিজিটেল ডেস্ক : চাওঁতে চাওঁতে পদূলিমুখ পালেহি হেঁপাহৰ ভোগালী বিহু। পৰিয়ালৰ সৈতে লগে-ভাগে এসাঁজ খোৱাৰ উদ্দেশ্যে আপোন ঘৰখনলৈ বুলি ঢাপলি মেলিব বহুজন। মাছে-মঙহে পৰিয়ালৰ সৈতে এসাঁজ খোৱাৰ বাবে ৰৈ থাকে উৰুকাৰ নিশালৈ।

Advertisment

কিন্তু ভোগালী বিহু অহাৰ লগে-লগেই যেন মাছৰ বজাৰত উঠিছে দাম। প্ৰতিকিলো মাছৰ দামে চুইছে দ্বি-শতক। দামৰ পাহাৰ গঢ়িছে মাছ বজাৰে। ৰৌ-বৰালি, চিতল-ভকুৱা, আৰি-বাহু ইত্যাদি উৰুকাৰ নিশাৰ চিনাকি ব্যঞ্জন।

পিচে উল্লেখিত মাছসমূহৰ চৰা দামে গ্ৰাহকক ভাবিবলৈ বাধ্য কৰাইছে। আকাশমুখী দামৰ বাবে হয়তো বঞ্চিত হ'ব খাটিখোৱা একাংশ লোক। দৈনিক ৪০০-৫০০ টকা মজুৰি লাভ কৰা দিন-হাজিৰা কৰা লোকসকলৰ বাবে হয়তো ভোগৰ ভোগালী কঙালীসদৃশ হ'ব। বঞ্চিত হ'ব ৰৌ-বৰালি, চিতল-ভকুৱা, আৰি-বাহুৰ সোৱাদৰ পৰা।

প্ৰাপ্য তথ্য অনুসৰি চিতল,বৰালি,আৰি মাছৰ প্ৰতিকিলোৰ দৰ ৩০০টকা, ১.৫ কেজিৰ পৰা ২.৫০ কেজি পৰ্যন্ত এইসমূহ মাছৰ দাম চুইছে ৪৫০টকা। ইফালে পিছপৰি ৰোৱা নাই ৰৌ-ভকুৱা,বাহু আদি মাছ। প্ৰতিকিলো মাছৰ দাম ২৭০ টকা। ইয়াৰ ওপৰৰ ওজন হ'লে আপুনি মই ৩২০ৰ পৰা ৪২০টকা পৰ্যন্তৰে কিনিব লাগিব।

চাহিদা অনুপাতে অসমত থলুৱা মাছৰ উৎপাদন কম হোৱা হেতু মাছৰ দাম বৃদ্ধি পোৱাটো লক্ষ্যণীয়। অৱশ্যে কোনো কোনো ঠাইত মাছৰ দাম ক্ৰেতা আৰু বিক্ৰেতাৰ মাজত ভাৰসাম্য ৰখা বিধৰ।

Also Read: আজি ভাৰত-আফগানিস্তানৰ শৃংখলাৰ প্ৰথম মেচ

bhogali bihu fish