গৌৰী বল্লভ গোস্বামীৰ "শিশু সাহিত্য" শীৰ্ষক গ্ৰন্থ উন্মোচন

গৌৰী বল্লভ গোস্বামীৰ "শিশু সাহিত্য" শীৰ্ষক গ্ৰন্থ উন্মোচন

ডিজিটেল সংবাদ, নগাঁওঃ নগাঁও সাহিত্য সভাৰ উদ্যোগত দেওবাৰে নগাঁও সাহিত্য সভাৰ সভাগৃহত এখন গ্ৰন্থ উন্মোচন কৰা হয়। বিশিষ্ট শিক্ষাবিদ, সাহিত্যিক ভাৰত চন্দ্ৰ নাথৰ সভাপতিত্বত অনুষ্ঠিত সভাত লেখক গৌৰী বল্লভ গোস্বামীৰ "শিশু সাহিত্য" নামৰ শিশু গ্ৰন্থখন উন্মোচন কৰা হয়। বিশিষ্ট সাহিত্যিক মুহিউদ্দিন আহমেদে গ্ৰন্থখন উন্মোচন কৰে।

তেওঁ এক মননশীল ভাষণ প্ৰদান কৰি কয় যে শিশুৰ উপযোগী হোৱাকৈ আৰু শিশুৰ মনস্তত্ব বুজিব পৰাকৈ শিশুগ্ৰন্থ প্ৰণয়ন কৰা প্ৰয়োজন। শিশুৰ বিকাশত শিশুসাহিত্যৰ ভূমিকা অপৰিসীম বুলিও তেওঁ ভাষণ প্ৰসংগত উল্লেখ কৰে। নগাঁও সাহিত্য সভাৰ প্ৰাক্তন সম্পাদক পাপুল বৰাই আঁত ধৰা সভাত সাংবাদিক কনক হাজৰিকা, শিক্ষাবিদ ভবেন বৰা আদিয়ে ভাষণ প্ৰদান কৰে।

লেখক গোস্বামীয়ে আদৰণি ভাষণ প্ৰদান কৰা সভাত লেখক ,সাহিত্যিক ক্ৰমে অশোকৰাম ভট্টাচাৰ্য, ৰুমু বেগম, প্ৰদীপ শইকীয়া, চন্দ্ৰ মুদৈ, দীপা পণ্ডিত, দিপ্তী বৰা, দিপীকা নাথ, মিণ্টু দাস, প্ৰাঞ্জল বৰদলৈ, সমীৰ কুমাৰ মহন্ত আদিয়ে অংশগ্ৰহণ কৰে। সভাপতিৰ ভাষণত ভাৰত চন্দ্ৰ নাথে সাহিত্যৰ বিভিন্ন দিশ উল্লেখ কৰি কয় যে সাহিত্য সমাজৰ দাপোন। গ্ৰন্থই মানুহৰ মনত অনাবিল আনন্দ দিব পাৰে। নৱপ্ৰজন্মৰ মাজত গ্ৰন্থ অধ্যয়নৰ পৰিৱেশ গঢ়ি তোলাৰ বাবে সকলোৱে গুৰুত্ব দিব লাগিব বুলি নাথে মন্তব্য কৰে।

গৌৰী বল্লভ গোস্বামীৰ "শিশু সাহিত্য" শীৰ্ষক গ্ৰন্থ উন্মোচন
গুৱাহাটী কমাৰ্চ কলেজৰ ৬ মেধাৱীক উৎকৰ্ষ বঁটা প্ৰদান কৰিলে ৰাজ্যপালে

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in