ডিজিটেল ডেস্কঃ ভাৰতবৰ্ষৰ বাণিজ্য শিক্ষাৰ পৰিমণ্ডলৰ অন্যতম পীঠস্থান গুৱাহাটী কমার্চ কলেজৰ ৬গৰাকী শীক্ষাৰ্থীলৈ উৎকৰ্ষ বঁটা। দেওবাৰে মহাবিদ্যালয়খনৰ ড০ ভগৱান চন্দ্ৰ লহকৰ প্ৰেক্ষাগৃহত অনুষ্ঠিত এক সভাত এই বঁটা প্ৰদান কৰে ৰাজ্যৰ ৰাজ্যপাল গোলাব চান্দ কাটাৰীয়াই। বঁটা লাভ কৰা শীক্ষাৰ্থীকেইজন ক্ৰমে- ২০২৩চনত বি.কম বিভাগত গুৱাহাটী বিশ্ববিদ্যালয়ৰ ভিতৰত প্ৰথম শ্ৰেণীৰ প্ৰথম স্থান প্ৰাপ্ত কৃষ্ণা মহেশ্বৰী, ২০২২চনত বি.বি.এ বিভাগত গুৱাহাটী বিশ্ববিদ্যালয়ৰ ভিতৰত প্ৰথম শ্ৰেণীৰ প্ৰথম স্থান প্ৰাপ্ত ঈশিকা মহন্ত, ২০২৩চনত বি.বি.এ বিভাগত গুৱাহাটী কমাৰ্চ কলেজৰ ভিতৰত প্ৰথম শ্ৰেণীৰ প্ৰথম স্থান প্ৰাপ্ত আকাংশ পিল্লাই, ২০২২চনত এম.কম বিভাগত প্ৰথম শ্ৰেণীৰ প্ৰথম স্থান প্ৰাপ্ত কৃষ্ণাক্ষী চক্রৱৰ্ত্তী, ২০২২চনত এম.বি.এ বিভাগত গুৱাহাটী কমাৰ্চ কলেজৰ ভিতৰত প্ৰথম শ্ৰেণীৰ প্ৰথম স্থান প্ৰাপ্ত আদিত্য চাহু, ২০২৩চনত এম.বি.এ বিভাগত গুৱাহাটী কমাৰ্চ কলেজৰ ভিতৰত প্ৰথম শ্ৰেণীৰ প্ৰথম স্থান প্ৰাপ্ত নৌৰিণ ৰহমান।
উল্লেখ্য যে, ৬২তম প্রতিষ্ঠা দিৱস উপলক্ষে দেওবাৰে কলেজখনত বিভিন্ন কাৰ্যসূচীৰে আয়োজন কৰা হয় বিশেষ অনুষ্ঠানৰ। ৰাতিপুৱা ৯.৪৫ বজাত মহাবিদ্যালয়খনৰ অধ্যক্ষ ড০ হোমেশ্বৰ কলিতাই পতাকা উত্তলন কৰাৰ পিছত শ্বহীদ বেদীত শ্ৰদ্ধাঞ্জলী জ্ঞাপন কৰে উপাধ্যক্ষ ড০ অমৰেন্দ্ৰ তালুকদাৰে। আনহাতে প্ৰতিস্থাপক অধ্যক্ষ ড০ ভগৱান চন্দ্ৰ লহকৰৰ আৱক্ষ মূৰ্তিত শ্রদ্ধাঞ্জলি অর্পন কৰে লহকৰৰ পুত্ৰ অধিবক্তা সঞ্জীৱ লহকৰে। ইপিনে ১০ বজাৰ পৰা আৰম্ভ হোৱা প্ৰথমখন মুকলি সভাত মহাবিদ্যালয়ৰ ইতিহাস সোঁৱৰণ কৰে ড০ ৰতি কান্ত পাঠকে। ড০ কৱেৰী বেজবৰুৱাই আতঁ ধৰা অনুষ্ঠানটোৰ আৰম্ভণিতে অধ্যাপক হেমন্ত কুমাৰ ডেকাৰ দ্বাৰা পৰিচালিত মহাবিদ্যালয়ৰ সংগীত “প্ৰণামো কমার্চ কলেজ” পৰিৱেশন কৰে মহাবিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীসকলে।
ইয়াৰ পাছতে দিনৰ ১২ বজাত অসমৰ ৰাজ্যপাল গোলাব চান্দ কাটাৰীয়াই মহাবিদ্যালয়ৰ প্ৰাক্তন অধ্যাপিকা প্ৰয়াত নিৰুপমা ফুকনৰ সোঁৱৰণত নিৰ্মাণ কৰা পেভিলিয়নটি উদ্বোধন কৰে। উল্লেখযোগ্য যে, প্রায় ৬ লাখ টকা ব্যয় সাপেক্ষে নির্মাণ কৰা উক্ত পেভিলিনটিৰ নিৰ্মাণ ব্যয় বহন কৰে প্ৰয়াত ফুকনৰ পৰিয়ালৰহৈ জাহ্নৱী বৰকাকতী আৰু ইন্দ্ৰানী ফুকনে। ইয়াৰ বাবে কলেজ কর্তৃপক্ষই দাতাৰ পৰিয়ালক বিশেষ ভাবে ধন্যবাদ জ্ঞাপন কৰে। এই অনুষ্ঠানতে ড০ ভগৱান চন্দ্ৰ লহকৰ প্ৰেক্ষাগৃহত অনুষ্ঠিত দ্বিতীয়খন মুকলি সভাৰ মঞ্চত অসমৰ ৰাজ্যপালগৰাকীয়ে মুখ্য অতিথি হিচাবে উপস্থিত থাকি ২০২২ আৰু ২০২৩ বৰ্ষৰ গুৱাহাটী কমাৰ্চ কলেজৰ বিভিন্ন বিভাগৰ চূড়ান্ত পৰীক্ষাত শ্রেষ্ঠত্ব অৰ্জন কৰা সকলক “মেধাৱী ছাত্ৰ-ছাত্ৰীলৈ ৰাজ্যপালৰ উৎকৰ্ষ বঁটা" প্ৰদান কৰে।
বঁটাত সন্নিবিষ্ট আছে- গামোছা, ৰাজ্যপালৰ মেডেল, প্ৰশংসা পত্ৰৰ লগতে নগদ ছয় হাজাৰ টকা । বঁটা প্ৰদান কৰি ৰাজ্যপালে কৃতি ছাত্র-ছাত্রীসকলক অভিনন্দন জ্ঞাপন কৰি কয় যে, মেধাৱী ছাত্ৰ-ছাত্ৰীৰ এই বঁটা শিক্ষাগুৰুসকলেও পাব লাগে আৰু তেওঁলোক ইয়াৰ বাবে উপযুক্ত কাৰণ তেওঁলোকেই দেশৰ নতুন প্ৰজন্মক মানৱ সম্পদ হিচাবে গঢ় দিয়ে। তেওঁ লগতে কয় যে, সমগ্ৰ উত্তৰ পূবৰ বিশ্ববিদ্যালয়, চৰকাৰী বা বেচৰকাৰী সকলোৰে শীর্ষস্থান পোৱা শিক্ষার্থীসকলক এই বঁটা প্ৰদান কৰিব লাগে যাতে আন সকলেও ইয়াৰ পৰা প্ৰেৰণা লাভ কৰে। উল্লেখ্য যে, মুকলি সভাত মহাবিদ্যালয়ৰ পঞ্চম সাম্মাসিকৰ ছাত্ৰ মানৱ দাসে ঠাইতে ৰাজ্যপালগৰাকীৰ মুখয়ৱৰ জীৱন্ত ছবি আঁকি তেওঁক অৰ্পণ কৰে। ৰাজ্যপাল গৰাকীয়ে ছাত্ৰজনৰ এনে কলাত্মক শিল্পীসত্তাত অভিভূত হৈ নিজৰ শিৰৰ গামোছা পিন্ধাই ছাত্ৰজনক উৎসাহিত কৰে।