গোপীনাথ দেৱগোস্বামী বাণিজ্য মহাবিদ্যালয়ৰ বাৰ্ষিক সপ্তাহ সমাৰোহ আৰম্ভ

গোপীনাথ দেৱগোস্বামী বাণিজ্য মহাবিদ্যালয়ৰ বাৰ্ষিক সপ্তাহ সমাৰোহ আৰম্ভ

author-image
Asomiya Pratidin
New Update
গোপীনাথ দেৱগোস্বামী বাণিজ্য মহাবিদ্যালয়ৰ বাৰ্ষিক সপ্তাহ সমাৰোহ আৰম্ভ

গোপীনাথ দেৱগোস্বামী বাণিজ্য মহাবিদ্যালয়ৰ বাৰ্ষিক সপ্তাহ সমাৰোহ আৰম্ভ

ডিজিটেল সংবাদ বেবেজীয়াঃ মধ্য অসমৰ নগাঁও জিলাৰ বাণিজ্য শিক্ষাৰ অগ্ৰনী শিক্ষানুষ্ঠান গোপীনাথ দেৱ গোস্বামী বাণিজ্য মহাবিদ্যালয়ত আজিৰে পৰা পাঁচ দিনীয়াকৈ আৰম্ভ হৈছে বাৰ্ষিক মহাবিদ্যালয় সপ্তাহ সমাৰোহ। আজি পুৱা মহাবিদ্যালয়খনৰ পতাকা উত্তোলন কৰি সমাৰোহৰ শুভাৰম্ভ কৰে মহাবিদ্যালয়ৰ অধ্যক্ষ ড০ মৃগাংক শইকীয়াই।

Advertisment

ইয়াৰ পাছতে মহাবিদ্যালয়খনৰ ছাত্ৰ-ছাত্ৰীসকলৰ দ্বাৰা মহাবিদ্যালয় চৌহদৰ পৰা চহৰখনৰ মাজেৰে এক বাৰেৰহণীয়া সাংস্কৃতিক শুভাযাত্ৰা বাহিৰ কৰা হয়। উক্ত সাংস্কৃতিক শুভাযাত্ৰাত ছাত্ৰ-ছাত্ৰীসকলে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ অমৰ সৃষ্টি বৰগীত, দিহানাম, অসমীয়াৰ স্বাভিমান বিহু, পৰম্পৰাগত তিৱা, মিচিং নৃত্য, জিকিৰ-জাৰি, নেপালী কৃষ্টি, বঙালী সম্পদায়ৰ লোক কৃষ্টি, শিখসকলৰ কৃষ্টি সংস্কৃতি, বড়ো কৃষ্টি, পাঞ্জাবী কৃষ্টি, সমাজত এগৰাকী মহিলাৰ জীৱন পৰিক্ৰমা, জয়মতী, মূলাগাভৰু আদি প্ৰদৰ্শন কৰে।

এন চি চিৰ ক্ৰেডেটসকলে "স্বচ্ছ ভাৰতক" বিষয় হিচাপে লৈ শোভাযাত্ৰাত অংশ গ্ৰহণ কৰে। শোভাযাত্ৰাত ছাত্ৰ-ছাত্ৰীসকলে বিভিন্ন জনজাতি আৰু জনগোষ্ঠীৰ সাজপাৰ পৰিধান কৰি শোভাযাত্ৰাৰ মান বৃদ্ধি কৰে।

এই সাংস্কৃতিক শোভাযাত্ৰাত মহাবিদ্যালয়ৰ চাৰি শতাধিক ছাত্ৰ-ছাত্ৰী, অধ্যক্ষ, অধ্যাপক অধ্যাপিকাসকলে অংশ গ্ৰহণ কৰে। বিয়লি কাৰ্য্যসূচী অনুসৰি বিভিন্ন খেল ধেমালি আৰু সাংস্কৃতিক অনুষ্ঠান অনুষ্ঠিত হয়।

Also Read: চতুৰ্থ শ্ৰেণীৰ ছাত্ৰই জয় শ্ৰীৰাম ধ্বনি দিয়াক কেন্দ্ৰ কৰি খেলমাটিৰ বিদ্যালয়ত উত্তপ্ত পৰিস্থিতি

বেবজীয়া