নামঘৰীয়া গোলেশ্বৰ বৰদলৈৰ মৃত্যুত গভীৰ শোক

নামঘৰীয়া গোলেশ্বৰ বৰদলৈৰ মৃত্যুত গভীৰ শোক

author-image
Asomiya Pratidin
New Update
নামঘৰীয়া গোলেশ্বৰ বৰদলৈৰ মৃত্যুত গভীৰ শোক

ডিজিটেল সংবাদ,বেবেজীযা : মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ নীতি আৰু আদৰ্শৰে প্ৰতিষ্ঠিত শ্ৰীশ্ৰী শঙ্কৰ গুৰু সংঘৰ একান্ত সেৱক,বাৰপূজীয়াৰ নিকটৱৰ্তী সোণাৰুগুৰি গাঁৱৰ বাসিন্দা গোলেশ্বৰ বৰদলৈ আৰু নাই। মৃত্যুৰ সময়ত তেঁওৰ বয়স আছিল ৭২ বছৰ।

Advertisment

উল্লেখ্য যে গোলেশ্বৰ বৰদলৈয়ে বুধবাৰে উচ্চ ৰক্তচাপজনিত ৰোগত আক্ৰান্ত হৈ হঠাতে মৃত্যুক সাৱটি লয়। মহাপুৰুষীয়া এক শৰণ নাম ধৰ্মৰ প্ৰচাৰ আৰু প্ৰসাৰৰ ক্ষেত্ৰত নিজকে উচৰ্গা কৰি জগত গুৰু জনাৰ জীৱ তৰণৰ বাণীসমূহ মানুহৰ মাজত বিলোৱাৰ লগতে তেৰাৰ কালজয়ী সৃষ্টিৰাজিৰো চৰ্চা কৰি আহিছিল।

প্ৰয়াত বৰদলৈৰ মৃত্যুৰ খবৰ বিয়পি পৰাৰ লগে লগেই তেখেতৰ গুণমুগ্ধ আৰু অনুগামীসকলে বাসগৃহত উপস্থিত হৈ শেষ শ্ৰদ্ধা জনায়। শ্ৰীশ্ৰী শঙ্কৰ গুৰু সংঘৰ পদাধিকাৰ শিৱৰাম বৰদলৈ বাপ জনাই মৃতকৰ গৃহত উপস্থিত হৈ বৈকুণ্ঠগামী আত্মাৰ সদগতিৰ কামনা কৰি শোকসন্তপ্ত পৰিয়ালবৰ্গলৈ সমবেদনা জ্ঞাপন কৰে।

মৃত্যুৰ সময়ত তেওঁ পত্নী, পুত্ৰ- বোৱাৰী, নাতি আৰু আত্মীয় স্বজনক এৰি থৈ যায়।

Also Read: ১৬ বছৰীয়া বৰ্ণিল অভিজ্ঞতা বুকুত বান্ধি আই পি এলক বিদায় দীনেশ কাৰ্তিকৰ

bebejiya sankardeva