উদয় চন্দ্ৰ শইকীয়া উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ সোনালী জয়ন্তী উৎসৱৰ আয়োজন...

প্ৰস্তুতিৰ বুজ ল’লে বিধায়ক ৰূপক শৰ্মাই

author-image
Asomiya Pratidin
New Update
উদয় চন্দ্ৰ শইকীয়া উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ সোনালী জয়ন্তী উৎসৱৰ আয়োজন...

ডিজিটেল সংবাদ, বটদ্ৰৱাঃ নগাঁও জিলাৰ সোনাইপৰীয়া অঞ্চল ৰাইডঙীয়া কৰচুঙত ১৯৭৪ চনত স্থাপিত উদয় চন্দ্র শইকীয়া উচ্চ মাধ্যমিক বিদ্যালয়ৰ সোনালী জয়ন্তী উৎসৱ আয়োজনৰ কৰা হৈছে ৷ তদুপলক্ষে শনিবাৰে বিয়লি বিদ্যালয়ৰ প্ৰাংগনত উপস্থিত হৈ নগাঁও-সদৰ সমষ্টিৰ বিধায়ক ৰূপক শৰ্মাই সোনালী জয়ন্তী উৎসৱৰ প্ৰস্তুতিৰ বুজ লোৱাৰ লগতে উদ্‌যাপন সমিতিৰ সভাপতি নৱকমল ৰাজাৰ পৌৰোহিত্য অনুষ্ঠিত এক সভাত অংশগ্ৰহণ কৰে ৷

Advertisment

বিদ্যালয়ৰ পৰিচালনা সমিতিৰ সভাপতি ৰিপুঞ্জয় শৰ্মাই উদ্দেশ্য বাখ্যা কৰা সভাখনৰ আৰম্ভণিতে বিদ্যালয়ৰ প্ৰধান শিক্ষয়িত্ৰী জ্যোতি ভূঞাই বিধায়কজনক আদৰণি জনায় আৰু উদ্‌যাপন সমিতিৰ দ্বাৰা বিদ্যালয়ৰ আন্তঃগাঁথনিৰ উন্নয়নৰ বাবে এলানি প্ৰস্তাৱ আগবঢ়ায় ৷

বিধায়ক শৰ্মাই সকলো প্ৰস্তাৱৰ প্ৰতি সমৰ্থন প্ৰদান কৰি, পাৰ্য্যমানে আগন্তুক সময়ত সমাধান কৰাৰ আশ্বাস প্ৰদান কৰাৰ লগতে কয় যে সোনালী জয়ন্তী বৰ্ষত সোনৰ দৰে জিলিকি উঠিব বিদ্যালয়খন ৷ সভাত বিশিষ্ট সমাজকৰ্মী লাচিত বৰদলৈ, ধীৰ সিং পাটৰ, তিলক ডেকা, কিৰণ হাজৰিকা, নৱ কুমাৰ বৰা, গনেশ মূদৈ ,ৰিন্টু গোস্বামী, শিক্ষক প্ৰমোদ বৰা, সাংবাদিক দিব্যজ্যোতি বৰুৱা, কল্যাণ কুমাৰ কলিতা, বেদব্ৰত ৰাজাকে আদি কৰি উদ্‌যাপন সমিতিৰ বিষয়ববীয়া আৰু শিক্ষক-শিক্ষয়িত্ৰী সহ শতাধিক লোক উপস্থিত থাকে।

Also Read: দিল্লীত মীট দ্যা প্ৰেছ অনুষ্ঠানত প্ৰমোদ বড়োৰ অংশগ্ৰহণ...

batadrava RUPAK SARMA