/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-06/96d1aa10-8c28-447b-8b98-e05c27016e29/PRAMOD_BORO_29.jpg)
দিল্লীত মীট দ্যা প্ৰেছ অনুষ্ঠানত প্ৰমোদ বড়োৰ অংশগ্ৰহণ...
ডিজিটেল সংবাদ নতুন দিল্লীঃ নতুন দিল্লীত নৰ্থ ইষ্ট মেডিয়া ফৰামৰ উদ্যোগত 'মীট দ্যা প্ৰেছ' নামেৰে এক অনুষ্ঠানত অংশগ্ৰহণ কৰি বিটিচিৰ মুখ্য কাৰ্যবাহী সদস্য প্ৰমোদ বড়োৱে অংশগ্ৰহণ কৰি কেইবাটাও গুৰুত্বপূৰ্ণ মন্তব্য কৰিছে। অনুষ্ঠানত তেওঁ কয় যে, বড়োভূমিত আমি সকলোৱে শান্তি বিচাৰোঁ। আইন শৃংখলা আগতকৈ যথেষ্ট সলনি হৈছে। এতিয়া অঞ্চলটোলৈ শান্তি ঘূৰি আহিছে।
তেওঁ পুনৰ কয় যে, বড়ো জনগোষ্ঠী বহু সংগ্ৰামৰ মাজেৰে আগবাঢ়ি আহিছে। শৈশৱৰ পৰা আমি যি পৰিবেশত ডাঙৰ হ'লো সেই পৰিবেশে আমাক মানুহৰ বাবে কাম কৰিবলৈ সামাজিকভাৱে সক্ৰিয় হ'বলৈ শিকালে। সমাজৰ বাবে কিবা এটা কৰিবলৈ শিকালে।
বড়োৱে পুনৰ কয় যে, ৰাজনীতিত যোগদান কৰাৰ কথা পূৰ্বতে মই ভবা নাছিলোঁ। কিন্তু আমাৰ সমস্যাসমূহ সমাধানৰ বাবে ৰাজনীতিলৈ আহিলোঁ। আগন্তুক সময়ত আমাৰ যুৱ প্ৰজন্মৰ কথা চিন্তা কৰি আমি বিভিন্ন প্ৰকল্প হাতত লৈছোঁ। নতুন মহাবিদ্যালয় নিৰ্মাণ কৰিছোঁ।
বড়োলেণ্ডক শক্তিশালী ৰূপত গঢ়ি তোলাৰ ক্ষেত্ৰত তেওঁলোকৰ চৰকাৰে বহু গুৰুত্বপূৰ্ণ প্ৰকল্প হাতত লোৱাৰ কথাও উল্লেখ কৰিছে। তেওঁ কয়,বিশ্ব দৰবাৰত বড়োসকলৰ পৰিচয় আগবঢ়াই নিবৰ বাবেও আমি চিন্তা কৰিব লাগিব। আমাৰ ভাষা, সংস্কৃতি, খাদ্য সম্ভাৰসমূহো আগবঢ়ায় নিব লাগিব।
সদ্য সমাপ্ত লোকভা নিৰ্বাচনৰ প্ৰসংগত তেওঁ কয়, এইবাৰ লোকসভা নিৰ্বাচনত আমাৰ দল যথেষ্ট প্ৰত্যাহ্বানৰ সন্মুখীন হৈছে কিন্তু আমি মানুহৰ সমস্যা, তেওঁলোকৰ মনৰ ভাবসমূহ জানিবলৈ চেষ্টা কৰিছোঁ আৰু ৰাইজে আমাক বুজি পাইছে। কোনোধৰণৰ ভয় ভাবুকি নথকাকৈ, শান্তি শৃংখলা বজাই ৰাখি এইবাৰ প্ৰথমবাৰৰ বাবে কোকৰাঝৰত শান্তিপূৰ্ণভাৱে আমি লোকসভা নিৰ্বাচন অনুষ্ঠিত কৰিব পৰিছো।
ইফালে মণিপুৰ প্ৰসংগত বড়োৱে কয়, সমগ্ৰ দেশতেই মণিপুৰে নিজৰ ক্ৰীড়া আৰু অন্য ক্ষেত্ৰৰ প্ৰতিভাসমূহ জৰিয়তে জিলিকি আছে ৷ সেই সুনাম থকা মণিপুৰৰ সাম্প্ৰতিক হিংসাজৰ্জৰ পৰিস্থিতিয়ে সকলোকে চিন্তিত কৰিছে৷ মণিপুৰৰ সকলো জাতি জনগোষ্ঠীয়ে শান্তিৰ পথৰে খোঁজ দিয়া উচিত।
It was a pleasure to interact with friends from the media fraternity at the “Meet the Press”’programme, organised at the Press Club of India (PCI), New Delhi today by the North East Media Forum (NEMF).
The session was opened by eloquent remarks from Shri Sanjib Baruah, President… pic.twitter.com/y5uelvIOht— Pramod Boro (@PramodBoroBTR) June 29, 2024