গোলাঘাটৰ মৃত্যু দূতৰূপী বাছখনৰ গৰাকী নগাঁৱৰ নব নে দেৰগাঁৱৰ বিপিন?

গোলাঘাটৰ মৃত্যু দূতৰূপী বাছখনৰ গৰাকী নগাঁৱৰ নব নে দেৰগাঁৱৰ বিপিন?
গোলাঘাটৰ মৃত্যু দূতৰূপী বাছখনৰ গৰাকী নগাঁৱৰ নব নে দেৰগাঁৱৰ বিপিন?

ডিজিটেল সংবাদ নগাঁও: নব বৰ্ষৰ তৃতীয়টি দিনত ৰাজ্যতে নহয় সমগ্ৰ দেশতে শোকৰ ছাঁ পেলালে দেৰগাঁৱৰ শোকাবহ পথ দুৰ্ঘটনাই ৷ এই দুৰ্ঘটনাটোয়ে পোহৰলৈ আনিলে পৰিবহন বিভাগৰ একাংশ ধুৰন্ধৰ বিষয়া, কৰ্মচাৰীৰ চৰিত্ৰ ৷

এইসকল ধুৰন্ধৰ বিষয়া, কৰ্মচাৰীৰ বাবে ৰাজপথত পাঁচবছৰে মৃত্যু দূত সদৃশ এ এছ ০২ এ চি ৫০৮৩ নম্বৰৰ যাত্ৰীবাহী বাছখনে পৰিবহণ আইন ভংগ কৰি ৰাজপথত বিপদজনকভাৱে যাত্ৰী কঢ়িয়াই থাকিলে যদিও গাড়ীখনৰ ক্ষেত্ৰত কোনো ব্যৱস্হা গ্ৰহণ নকৰাটো ৰহস্যজনক ৷

জানিব পৰা মতে এ এছ ০২ এ চি ৫০৮৩ নম্বৰৰ আল্ট্ৰা বাছখনৰ চৰকাৰী নথিভুক্ত স্বত্বাধিকাৰী নব ভৰদ্বাজ আৰু চৰকাৰী নথিভুক্ত নোহোৱা প্ৰকৃত স্বত্বাধিকাৰী দেৰগাঁৱৰ বিপিন দত্ত৷ নগাঁৱৰ নব ভৰদ্বাজে প্ৰথমে এই বাছখন ক্ৰয় কৰি দুবছৰৰ পিছত দেৰগাঁৱৰ বিপিন দত্তক গাড়ীখন বিক্ৰী কৰিছিল ৷

২০১৮ চনত দলিলত চুক্তি কৰি নব ভৰদ্বাজে দেৰগাঁৱৰ বিপিন দত্তক বিক্ৰী কৰিছিল ৷ পাঁচ বছৰ পূৰ্বে গাঁড়ীখন বিক্ৰীকৰি নব ভৰদ্বাজে আৰক্ষী বা পৰিবহন বিভাগক অবগত কৰা নাছিল ৷

আজি পুৱাতে শোকাবহ দুৰ্ঘটনাটো সংঘটিত হোৱাৰ পিছতে নগাঁও জিলা পৰিবহন বিভাগক বাছখন বিক্ৰী কৰা দলিলৰ এটা কপি জমা দিবলৈ বাছখনৰ প্ৰথম মালিক নব ভৰদ্বাজ অহাত এই ঘটনা পোহৰলৈ আহে৷

উল্লেখ্য যে, এছ ০৩ এ চি ৫০৮৩ নম্বৰৰ এই দুৰ্ঘটনাগ্ৰস্ত বাছখনৰ নাছিল ৰাজপথত চলাচল কৰাৰ বাবে প্ৰয়োজনীয় ফিটনেছ ৷ একেদৰে নাছিল বীমাও ৷

সেয়ে এতিয়া প্ৰশ্ন হৈছে ৰাজপথত সকলো সময়তে জৰিমনা বিহিবলৈ খাপপিটি বহি থকা পৰিবহন বিভাগ আৰু যানবাহন আৰক্ষীৰ সন্মুখেৰে এই যাত্ৰীবাহী বাছখনে দীৰ্ঘ দিনে কিদৰে ফিটনেছ আৰু বীমা নোহোৱাকৈ চলাচল কৰি আছিল? নে জৰিমনা বিহাৰ নামত বিষয়া, কৰ্মচাৰীয়ে জন সাধাৰণৰ জীৱনলৈ বুঢ়া আঙুলি দেখুৱাই কেৱল আইনৰ গইনাৰে লুটপাত চলায়েই দায়িত্ব সামৰিছিল?

গোলাঘাটৰ মৃত্যু দূতৰূপী বাছখনৰ গৰাকী নগাঁৱৰ নব নে দেৰগাঁৱৰ বিপিন?
পথ দুৰ্ঘটনা

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in