পথ দুৰ্ঘটনা

পথ দুৰ্ঘটনা
পথ দুৰ্ঘটনা

ভাস্কৰ শৰ্মা

নতুনে কঢ়িয়াই আনে আশা আৰু প্ৰাচুৰ্যৰ বতৰা। সেই বিশ্বাসেই সকলোৱে কৰে। এই বিশ্বাস ভংগ হ'ল ৩ জানুৱাৰী ২০২৪ ত। গাওঁখনৰ কেইটামান পৰিয়ালমিলি ওলাই গৈছিল বনভোজ খাবলৈ।

গোলাঘাটৰ বচাভৰলুত নতুনৰ আনন্দৰ সলনি বৈছে দুখৰ বন্যা। সেই শোক আৰু বেছি ঘনীভূত হৈ পৰিছে যেতিয়া ১২ জনৰ চিতা দপদপকৈ জ্বলি উঠিছিল।

কাল ৰৈ আছিল তেওঁলোকৰ বাবে। ৫০ জনীয়া দলটোৱে বনভোজ খাবলৈ নাপালে। তেওঁলোকে পৰিকল্পনা কৰিছিল প্ৰথমে যাব তিনিচুকীয়াত থকা টিলিঙা মন্দিৰলৈ। তাৰ পাছত বগীবিললৈ গৈ একেলগে এসাজ খাই আনন্দ, ফুৰ্তি কৰিব।

পৰিকল্পনা মতেই সকলো হৈছিল। পুৱতি নিশা ৪-৩০ বজাত হাঁহি, ফুৰ্তি কৰি বাছত উঠিছিল। চলিছিল বাছখন। জীৱন-মৃত্যুৰ মাজত মাত্ৰ আধাঘণ্টা। বহু যাত্ৰী বাছত উঠিয়েই শুই পৰিছিল। কিয়নো পিকনিকলৈ যাব বুলি পুৱতি নিশাই উঠিছিল বিচনাৰ পৰা।

বিপৰীত মুখৰ পৰা এখন কয়লা ভৰ্তি ট্ৰাক আহিছিল। পচণ্ড জোৰেৰে বাছখনৰ সৈতে সংঘৰ্ষ হৈছিল আৰু পৰণিতিত ১২ জনৰ মৃত্যু, ৩০ জন আহত।

কয়লা ভৰ্তি ট্ৰাকখন মাৰ্ঘেৰিটাৰ পৰা বঙাইগাঁৱলৈ গৈ আছিল। মৃত্যু হৈছে ট্ৰাকখনৰ চালক নুৰ আলমৰো। সকলোৰে মনত প্ৰশ্ন, কেনেকৈ এই পথ দুৰ্ঘটনা সংঘটিত হ’ল? ল’বলগীয়া সাৱধানতা লোৱা হোৱা নাছিল নেকি?

পোহৰলৈ আহিছে বহু খবৰ। দুৰ্ঘটনাত পতিত বাছখনৰ ফিটনেছ নাছিল। আলট্ৰা বাছখনৰ প্ৰকৃত মালিক আছিল নগাঁৱৰ নৱজ্যোতি ভৰদ্বাজ। ২০১৮ ত তেওঁ দেৰগাঁৱৰ বিপিন দত্তক বিক্ৰী কৰিছিল বাছখন।

বাছখনৰ ঋণ আছিল। সেয়েহে বিপিন দত্তৰ নামত পঞ্জীয়ন হোৱা নাছিল বাছখন। দুৰ্ঘটনাগ্ৰস্ত বাছখনৰ হেনো বীমাৰ ম্যাদো উকলি গৈছিল। আৰু কিমানৰ মৃত্যু হ'ব দুৰ্ঘটনাত?

২০১২ বৰ্ষত অসমত চৰকাৰী পঞ্জীভূত তথ্য অনুসৰি ৬ হাজাৰ ৫৩৫ টা পথ দুৰ্ঘটনা সংঘটিত হৈছিল। মৃত্যু হৈছিল ২২৯১ জনৰ। আহতৰ সংখ্যা সেই বছৰ আছিল ৬৭০৯ গৰাকী।

২০১৩ ত পথ দুৰ্ঘটনাৰ সংখ্যা ৰাজ্যখনত ৭ হাজাৰ ২১১ টালৈ বৃদ্ধি পায়। মৃত্যুৰ সংখ্যা সেই বছৰ বৃদ্ধি হৈছিল ২৪৪১ লৈ। আহতৰ সংখ্যা আছিল ৬৬০৯ গৰাকী।

২০১৪ ত এই সংখ্যা ৮৮৭২ হৈছিল গৈ। মৃত্যুৰ সংখ্যাই তিনি সহস্ৰাধিকৰ পাৰ হৈছিল। ২০১৪ ত পথ দুৰ্ঘটনাত মৃত্যু হোৱা লোকৰ সংখ্যা ৩০৫৮ আছিল। আহতৰ সংখ্যা ৭৭৮৭ লৈ বৃদ্ধি পাইছিল।

এইবোৰ পৰিসংখ্যাই কয় পথ দুৰ্ঘটনা কেনে ঘাটক। কেৱল সুৰা সেৱন কৰি যানবাহন চলোৱাৰ বাবেই পথ দুৰ্ঘটনা সংঘটিত নহয়। ৰাজ্যখনৰ বহু স্থানত পথসমূহৰ আন্তঃগাঁথনিও পথ দুৰ্ঘটনাৰ অন্যতম কাৰক।

শীতৰ সময়ছোৱাত ঘন কুঁৱলীয়ে পথ দুৰ্ঘটনাৰ সংখ্যা বৃদ্ধি কৰে। ইয়াৰ উপৰিও দূৰ্ত গতিত যানবাহন চলোৱাটো দুৰ্ঘটনাৰ অন্য এক কাৰক হিচাপে বিবেচিত হৈ আহিছে।

পথ দুৰ্ঘটনাৰ ভয়াৱহতাৰ কথা সকলোৱে উপলব্ধি কৰি ইয়াক নিয়ন্ত্ৰণ কৰিবলৈ এক সমাধান সূত্ৰ উলিওৱাটো অতি প্ৰয়োজন হৈ পৰিছে। ২০১৫ চনতেই অসম চৰকাৰে পথ সুৰক্ষা কৰ্ম পৰিকল্পনা যুগুত কৰিছিল।

ইউ এন এক ডিক্ৰেড অফ এক্সন অনুসৰি ৮ জানুৱাৰী ২০১৫ ত সেই পথ সুৰক্ষা কৰ্ম পৰিকল্পনাত মুখ্যমন্ত্ৰীৰ পৌৰহিত্যত অনুষ্ঠিত সভাত ৰাজ্যিক পথ কাউঞ্চিলে অনুমোদন কৰিছিল।

সেই অনুসৰি পথ সুৰক্ষা ব্যৱস্থাপনা প্ৰতিষ্ঠান আৰু সামৰ্থ নিৰ্মাণ, অধিক সুৰক্ষিত পথ নিৰ্মাণ আৰু চলাচল, সুৰক্ষিত যানবাহন, শিক্ষা সজাগতা আৰু বলপূৰ্বকতাৰ যোগেদি সুৰক্ষা প্ৰদান, সংকটজনক সময়ৰ যতন আদি বিষয়সমূহৰ ক্ষেত্ৰত পদক্ষেপ লোৱাৰ কথা কোৱা হৈছিল।

কিন্তু সেইবোৰ কাৰ্যকৰী হৈছেনে? সেয়াও এক ডাঙৰ প্ৰশ্ন। পথ সুৰক্ষা বিধি অনুসৰি চৰকাৰে সংশ্লিষ্ট বিভাগৰ যোগেৰে এই বিধিসমূহ ৰূপায়ণৰ ক্ষেত্ৰত কি পদক্ষেপ গ্ৰহণ কৰিছে সেয়াও বিচাৰ কৰিবলগীয়া।

অথচ পথ দুৰ্ঘটনা নিয়ন্ত্ৰণৰ বাবে পথ সুৰক্ষা অথৰিটি বিল ২০১৭ আছে। এই বিধি অনুসৰি ৰাজ্যিক পথ সুৰক্ষা অথিৰিটিক বহু ক্ষমতা আৰু দায়িত্ব অৰ্পণ কৰা হৈছিল। ইয়াৰ বাবে এজন মুখ্য কাৰ্যবাহী বিষয়া আৰু এজন পথ পৰিবহণ সচিবৰ প্ৰয়োজনীয়তাৰ কথা কোৱা হৈছিল। কিন্তু এতিয়া আছেনে এই পদবীত কোনোবা বিষয়া?

উচ্চতম ন্যায়ালয়ে পথ নিৰাপত্তা বিষয়ক সমিতিৰ নিৰ্দেশ অনুসৰি কিছু কৃষ্ণস্থান আৰু ইয়াৰ নিয়ন্ত্ৰণৰ বাবে হৰ্ষম্যাদী ব্যৱস্থা ল'বলৈ নিৰ্দেশ দিছিল। যেনে পূৰ্ণ প্ৰতিফলনকাৰী পথ নিৰ্দেশক, পথ চীহ্ন, ৰাম্বেল পটি, গতিৰোধক ঢাপ, পথ নিৰূপক আদি স্থাপন কৰিব লাগে।

কিন্তু দেখা যায় বহু ঠাইত এইধৰণৰ ব্যৱস্থা নাথাকে। পথ নিৰাপত্তা নিৰীক্ষণ কৰাৰো ব্যৱস্থা আছে। লোক নিৰ্মাণ বিভাগে পথ নিৰাপত্তা ব্যৱস্থাৰ উন্নীতকৰণৰ বাবে ৰাজ্যিক জিলা পথসমূহ তিনিটা পৰ্যায়ত নিৰীক্ষণ কৰাৰ কাম হাতত লৈছিল।

সেইবোৰ নিয়মীয়াকৈ হয়নে? আন্তঃগাঁথনিৰ অভাৱৰ বাবেই বহু পথ দুৰ্ঘটনা সংঘটিত হয়। এইবোৰ ক্ষেত্ৰত চৰকাৰে ব্যৱহাৰিক কাৰ্যব্যৱস্থা হাতত নল'লে এনে পথ দুৰ্ঘটনা ঘটিয়েই থাকিব। আজি গোলাঘাটৰ পৰা, কালিলৈ আন ঠাইৰ পৰা এনেবোৰ দুঃখবৰ আহিয়েই থাকিব।

পথ দুৰ্ঘটনা
৯৪ বছৰ বয়সত ১০০ মিটাৰ, ২০০ মিটাৰত সোণ আৰু ৪০০ মিটাৰত ৰূপৰ পদক জয় ভূৱন ফুকনৰ...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in