নগাঁৱত আন্তঃৰাষ্ট্ৰীয় কন্যা শিশু দিৱস উদযাপন

নগাঁৱত আন্তঃৰাষ্ট্ৰীয় কন্যা শিশু দিৱস উদযাপন

author-image
Asomiya Pratidin
New Update
নগাঁৱত আন্তঃৰাষ্ট্ৰীয় কন্যা শিশু দিৱস উদযাপন

ডিজিটেল সংবাদ, নগাঁওঃ সমগ্ৰ বিশ্বৰ লগতে বুধবাৰে নগাঁও জিলাতো আন্তঃৰাষ্ট্ৰীয় কন্যা শিশু দিৱস উদযাপন কৰা হয়। মহিলা আৰু শিশু বিকাশ বিভাগ নগাঁৱৰ ব্যৱস্থাপনাত আৰু নগাঁও জিলা প্ৰশাসনৰ সহযোগত নগাঁওস্থ ৰাজ্যিক নাৰী আৰু শিশু গৃহত এই দিৱস উদযাপন কৰা হয়। এই দিৱসৰ লগত সংগতি ৰাখি ৰাজ্যিক নাৰী আৰু শিশু গৃহত এখনি সজাগতা সভাও আয়োজিত কৰা হয় ৷ সজাগতা সভাখনিত বিশিষ্ট অতিথি ৰূপে উপস্থিত থাকে ভাৰপ্ৰাপ্ত জিলা সমাজকল্যাণ বিষয়া তথা জুৰীয়া সংহত শিশু উন্নয়ন বিষয়া মৃনাল শইকীয়া।

বৰ্তমান কন্যা শিশু সন্তানসকল ল'ৰা সন্তানৰ লগত সমান বুলি উল্লেখ কৰি শিশু উন্নয়ন বিষয়া মৃনাল শইকীয়াই কয় যে, ল’ৰাৰ লগত সমানে সমানে আজিৰ সমাজত কন্যা সন্তানে নিজৰ প্ৰতিভা,দক্ষতাৰে আগবাঢ়ি যাবলৈ সক্ষম হৈছে ৷ নিজে নিজৰ ওপৰত আত্মনিৰ্ভৰশীল হবলৈ আগবাঢ়ি যাবলৈ সক্ষম হৈছে ৷ কন্যা সন্তান হিছাপে আজি পিছ পৰি আছে বুলি ভবাটো আজিৰ সমাজত এক ভুল বাৰ্তা৷

সভাখনিত উপস্থিত থাকি মহকুমা স্বাস্থ্য বিষয়া ধৰিত্ৰী পাটৰে কন্যা শিশুসকলৰ মাহেকীয়া সময়ত লবলগীয়া সাৱধানতাৰ বিষয়ে বহলৰূপত ব্যাখ্যা আগবঢ়াই ৷ সভাত নিদিষ্ট বক্তা হিছাপে উপস্থিত থাকি মহকুমা স্বাস্থ্য বিষয়া বিশ্বৰূপ গোহাঁই বৰুবাই কন্যা শিশুসকলৰ স্বাস্থ্যৰ ওপৰত ব্যাখ্যা আগবঢ়াই কয় যে, আজিৰ কন্যা শিশু ভৱিষ্যতৰ দেশৰ ধৰণী স্বৰূপ ৷ আজিৰ এগৰাকী কন্যা শিশুয়ে ভৱিষ্যতে এইখন দেশৰ এগৰাকী মাতৃৰ ভুমিকা পালন কৰিব৷ কন্যা শিশু সকলক শিশু অৱস্থাতেই স্বাস্থ্যৰ প্ৰতি বিশেষভাৱে ব্যৱস্থা ল'বলৈ অভিভাৱক সকলক আহ্বান জনায়৷

সখি একক অৱস্থান কেন্দ্ৰ নগাঁৱৰ শিশু প্ৰকল্প বিষয়া তথা প্ৰাক্তন জিলা সমাজ কল্যাণ বিষয়া প্ৰমিলা কন্দলীয়ে কন্যা শিশু সকলৰ স্বাস্থ্যৰ বহুকেইটা দিশৰ ওপৰত বহলভাৱে ব্যাখ্যা আগবঢ়ায়৷ জিলা আইন সেৱা প্ৰাধিকৰণ নগাঁৱৰ সম্পাদিকা মনিকা মিছং সভাত উপস্থিত হৈ শিশু গৃহৰ ছাত্ৰী সকলৰ মাজত কন্যা শিশু সকলৰ সুৰক্ষা, শিক্ষাদিক্ষা, সৰ্বাংগিন বিকাশৰ ক্ষেত্ৰত কেনেদৰে কন্যা শিশু সকল আগবাঢ়ি যাৱ পাৰে সেই সন্দৰ্ভত সাবলীল বক্তব্য আগবঢ়ায় ৷

সজাগতা সভাখনিৰ অন্তত ৰাজ্যিক নাৰী গৃহত আয়োজিত আন্তঃৰাষ্ট্ৰীয় কন্যা শিশু দিৱস উপলক্ষে এখনি মাতৃ-কিশোৰী মেলাও মুকলি কৰা হয়৷ সমাজকল্যাণ বিভাগৰ জিলা কাৰ্যক্ৰম সমন্বয়ক কুইন বৰাই আতঁধৰা সভাখনিত নগাঁও চৰকাৰী বালিকা উঃমাঃ বিদ্যালয়ৰ শিক্ষয়িত্ৰী শান্তিমনি বৰাই কন্যা শিশু দিৱসৰ তাৎপৰ্য ব্যাখ্যা কৰি কয় যে, বৰ্তমান সময়ত কন্যা শিশু সকলক কেনেদৰে শিক্ষাদীক্ষাৰে সৰ্বাংগসুন্দৰ জীৱন জীয়াৰ ক্ষেত্ৰত আগবঢ়াই নিব পাৰি সেই সন্দৰ্ভত ভাষণ প্ৰদান কৰে ৷

সভাত জিলা সমাজকল্যাণ বিভাগৰ সংহত শিশু উন্নয়ন প্ৰকল্প বিষয়া বটদ্ৰৱা আৰু লাওঁখোৱাৰ ক্ৰমে দেৱযানী দাস আৰু মঞ্জু দাস, বিভাগীয় লিংগ বিশেষজ্ঞ সুৰজিৎ বৰঠাকুৰ, নগাঁও চৰকাৰী বালিকা উঃমাঃ বিদ্যালয়ৰ শিক্ষয়িত্ৰী পম্পী দাসকে প্ৰমুখ্যে কৰি সমাজকল্যাণ বিভাগৰ বিষয়া, চুপাৰভাইজাৰ, অংগনবাড়ি কৰ্মী ৰাজ্যিক নাৰী আৰু শিশু গৃহৰ ছাত্ৰী সকলৰ লগতে শতাধিক মহিলা উপস্থিত থাকে ৷

Also Read: বৰক্ষেত্ৰীৰ লাউপাৰা হাইস্কুলত ফাতেহা-ই-দোৱাজ দাহম উদযাপন

nagaon