/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-10/aca4360d-d7f5-4490-8dd6-b8c6022736cc/2.jpg)
ডিজিটেল সংবাদ, দৌলাশালঃ নলবাৰী জিলাৰ বৰক্ষেত্ৰীৰ অতিকৈ প্ৰাচীন শিক্ষানুষ্ঠান লাউপাৰা হাইস্কুলত বুধবাৰে দিনজোৰা কাৰ্যসূচীৰে উলহ-মালহেৰে ফাতেহা-ই-দোৱাজ দাহম উদযাপন কৰা হয় ৷ ১৯৫০ চনত বিহগী কবি ৰঘুনাথ চৌধাৰীৰ জন্মস্থান লাউপাৰাত স্থাপিত বিদ্যালয়খনত পূৰ্বৰ পৰম্পৰাৰে ইছলাম ধৰ্মৰ ফাতেহা-ই-দোৱাজ দাহম উদযাপন কৰা হয়৷ বিদ্যালয়ৰ ইছলাম ধৰ্মালম্বী ছাত্ৰ-ছাত্ৰীসকলে সাঁজি-কাচি বিদ্যালয়লৈ আহি আনন্দ উল্লাহৰে ধৰ্মীয় ফাতেহা-ই- দোৱাজ দাহম উদযাপন কৰে ৷
ফাতেহা- ই- দোৱাজ দাহমৰ ৰ লগত সংগতি ৰাখি বিদ্যালয়ৰ অস্থায়ী সভাকক্ষত বিদ্যালয়খনৰ প্ৰধান শিক্ষক জয়ন্ত কুমাৰ বৈশ্যৰ সভাপতিত্বত অনুষ্ঠিত হয় সভা ৷ বিদ্যালয়ৰ সহকাৰী শিক্ষক ৰাজেন চন্দ্ৰ ডেকাই আঁত ধৰা আৰু সভাৰ উদ্দেশ্য বাখ্যা কৰা সভাত মুখ্য অতিথি হিচাপে উপস্থিত থাকে সদৌ অসম মাধ্যমিক শিক্ষক-কৰ্মচাৰী সন্থাৰ সভাপতি তথা কালাগ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষ মকিবৰ ৰহমানে ৷ মুখ্য অতিথি ৰহমানে ভাষণ প্ৰদান কৰি ছাত্ৰ-ছাত্ৰীসকলক আধ্যাত্মিক শিক্ষা গ্ৰহণ কৰি আগুৱাই যাব লাগিব বুলি কয়৷
ছাত্ৰ-ছাত্ৰীসকলক বিদ্যালয়খন মন্দিৰ, মছজিদ অথবা ধৰ্মীয় অনুষ্ঠান ৰূপে গণ্য কৰিবলৈ আহ্বান জনায় তেখেতে কয় যে, মন্দিৰ যেনেকৈ পবিত্ৰ ঠাই, মছজিদ যেনেকৈ পবিত্ৰ ঠাই, ঠিক তেনেকৈ শিক্ষানুষ্ঠানখনো আধ্যাত্মিক চিন্তাৰ অনুষ্ঠান য'ত মানৱ সম্পদ গঢ়া হয়৷ মুখ্য অতিথি মকিবৰ ৰহমানে ধৰ্মৰ কথা দোহাৰি কয় যে, যেতিয়া পৃথিৱীত ধৰ্ম নাথাকিব তেতিয়া সমাজ বিচলিত হ'ব৷ সেয়েহে তেওঁ ছাত্ৰ-ছাত্ৰীসকলক আধ্যাত্মিক শিক্ষাত আগভাগ ল'বলৈ পৰামৰ্শ আগবঢ়ায়৷
ছাত্ৰ-ছাত্ৰীসকলক বিদ্যায়তনিক দিশৰ সমান্তৰালভাৱে ধৰ্মীয় দিশৰ কিতাপসমূহ পঢ়িবলৈ আৰু ধৰ্মীয় আলোচনা, সভা আদিত অংশগ্ৰহণ কৰিবলৈ আহ্বান জনায় ৷ বিদ্যালয়ৰ ছাত্ৰী ইয়াচৰিবা ইয়াচমিনৰ ক্বেৰাত পাঠেৰে আৰম্ভ হোৱা ফাতেহা-ই- দোৱাজ দাহমৰ সভাত নিৰ্দিষ্ট বক্তা হিচাপে উপস্থিত থাকি ইছলাম ধৰ্ম সম্পৰ্কত সাৰুৱা ভাষণ প্ৰদান কৰে কান্ধবাৰী হাইস্কুলৰ অৱসৰী শিক্ষক ৰস্তুম আলী কাচিমী আৰু মৌলানা হাফিজ কাচিমী হুছেইন আহমেদে ৷ সভাত বিদ্যালয়ৰ ছাত্ৰী হিমানী হুছেইনে জিকিৰ পৰিৱেশন কৰি সভাখন জীপাল কৰি তোলে ৷
Also Read: 'শান্তি ধাম'ত অশান্তিৰ সৃষ্টি কৰা পৌৰপতিয়ে পালে উচিত প্ৰত্যুত্তৰ